Logo
image

কেজিত ১.১৫ লাখ টকা দৰত নিলাম অসমৰ চাহ

ডিজিটেল ডেস্ক, ১৮ ডিচেম্বৰ : কেঁচা চাহ পাতৰ দাম হ্ৰাস পোৱা বুলি ক্ষুদ্ৰ খেতিয়কে অভিযোগ কৰাৰ সময়তে অসমৰ চাহৰ বিক্ৰীৰ মূল্যই বিশ্ব অভিলেখ অৰ্জন কৰিছে৷ উজনি অসমৰ মনোহাৰী গ’ল্ড টীয়ে চাহ নিলামৰ সৰ্বকালৰ অভিলেখ ভংগ কৰি ইতিহাস ৰচনা কৰিছে৷ ডিব্ৰুগড়ৰ মনোহাৰী গ’ল্ডৰ চাহ প্ৰতি কিলোগ্ৰামত ১,১৫,০০০ টকাত নিলাম বজাৰত বিক্ৰী হৈ গঢ়িছে এই নতুন অভিলেখ৷  হস্ত নিৰ্মাণ প্ৰক্ৰিয়াৰে উৎপাদিত হয় এই চাহপাত৷ মনোহাৰী গ’ল্ড টীয়ে নিলাম দৰ বজাৰত প্ৰতি কিলোগ্ৰামত ১,১৫,০০০ টকা স্পৰ্শ কৰে৷ হায়দৰাবাদৰ কেফে নিলোফাৰ টী ইনটেক নামৰ ব্যক্তিগত নিলাম পৰ্টেলত শুকুৰবাৰে এই চাহপাত বিধ আৰ কে টী ছেলছ নামৰ প্ৰতিষ্ঠানটোৱে ক্ৰয় কৰে৷ উল্লেখ্য বিগত বৰ্ষত ৯৯,৯৯৯ টকাৰ দৰত নিলাম হৈছিল মনোহাৰী গ’ল্ড টী৷ ইয়াৰ পূৰ্বেও ধাৰাবাহিকভাৱে বিগত পাঁচ বছৰে মনোহাৰী গ’ল্ড টীয়ে নিলাম বজাৰত সৰ্বাধিক দৰত বিক্ৰীৰ অভিলেখ সৃষ্টি কৰিছিল৷ গুৱাহাটীৰ চাহ নিলাম কেন্দ্ৰত ধাৰ্য কৰা চাহৰ সৰ্বাধিক নিলাম দৰ এক লাখ  টকা হোৱাত এইবাৰ ব্যক্তিগত চাহ নিলাম বজাৰত মনোহাৰী চাহ বাগিচাৰ চাহে নিলামৰ বাবে অৱতীৰ্ণ হৈছিল৷ মনোহাৰী গ’ল্ড টী বিশ্বৰে এক বিৰল জাতৰ চাহ৷ এই চাহ ছেকেণ্ড ফ্লাছৰ সময়ত বহু উন্নত ক্লন পি- ১২৬ৰ সহায়ত তৈয়াৰ কৰা হয়৷ সূৰ্যোদয়ৰ পূৰ্বে ইয়াক সংগ্ৰহ কৰা হয় যদিও পাতৰ পৰিৱৰ্তে কলিৰ পৰাহে চাহবিধ প্ৰস্তুত হয়৷ ইয়াৰ বাবে পুৱা ৪ বজাৰ পৰা পুৱা ৬ বজাৰ ভিতৰতেই পাতৰ কলি তোলা হয়৷ যাতে ৰদে চাহৰ কলিৰ সুগন্ধি আৰু সোৱাদ পৰিৱৰ্তন নকৰে৷ সেই সময়ত চাহৰ পাতৰ কলিসমূহক সোণ বৰণীয়া দেখা যায়৷ এই চাহত প্ৰচুৰ এণ্টি অক্সিজেন আৰু পুষ্টিকৰ উপদান থকাত স্বাস্থ্যকৰ হিচাপে অভিহিত কৰিছে৷ লক্ষণীয়ভাৱে মনোহাৰী গ’ল্ডৰ চাহ বিধ ২০১৮ চনত প্ৰতি কিলোগ্ৰামত ৩৯,১০০ টকা, ২০১৯ চনত ৫০,০০০ টকা, ২০২০ চনত ৭৫,০০০ টকা আৰু ২০২১ চনত ৯৯,৯৯৯ টকাত নিলাম হৈছিল৷