Logo
image

দুৰ্ঘটনাত পতিত বৰষা ৰাণী বিষয়াৰ বাহন : দুৰ্ঘটনাস্থলীৰ পৰা অভিনেত্ৰীগৰাকীয়ে পলায়নৰ অভিযোগ

ডিজিটেল ডেস্ক: দুৰ্ঘটনাত পতিত হৈছে অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰ বাহন। নিশা প্ৰায় ১২ বজাত চৰাইদেউৰ চুকাফা শ ধোৱা পুখুৰী সমীপত  অভিনেত্ৰী বৰষা ৰাণী বিষয়া বাহন দুৰ্ঘটনাগ্ৰস্ত হয়৷ দুৰ্ঘটনাগ্ৰস্ত বাহনখনত বৰষাৰ লগতে আছিল তেওঁ স্বামী ভাস্কৰ বৰুৱাও৷

সাপেখাটীৰ পৰা অভিনেত্ৰী বৰষা ৰাণী বিষয়াই অনুষ্ঠান পৰিৱেশন কৰি আহি থকা অৱস্থাত তেওঁৰ বাহনে সোণাৰি পৰা শিৱসাগৰ অভিমুখি এখন এল্ট' বাহনত খুন্দা মাৰে।ফলত খাৱৈত বাগৰি পৰে এল্ট' বাহনখন। অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰ দুৰ্ঘটনাগ্ৰস্ত বাহনৰ নম্বৰ AS01DR8911 আনহাতে দুৰ্ঘটনাগ্ৰস্ত অল্টো বাহনখনৰ নম্বৰ AS04AB8061।

এই দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছত টেঙাপুখুৰীত অভিনেত্ৰী বৰষাৰাণী বিষয়াই বাহন এৰি ঘটনাস্থলীৰ পৰা গুচি যায়। বৰ্তমান টেঙাপুখুৰী আৰক্ষী থানাত আছে অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰ বাহন। সৌভাগ্যক্ৰমে দুৰ্ঘটনাত গুৰুতৰ আঘাত পোৱা নাই বৰষাৰ লগতে তেওঁৰ স্বামী ভাস্কৰ বৰুৱাই৷ 

ইফালে দুৰ্ঘটনা সংঘটিত হোৱাৰ বৰষাই ঘটনাস্থলীৰ পৰা পলায়ন কৰা বুলি উত্থাপন হোৱা অভিযোগক লৈ অভিনেত্ৰীগৰাকীয়ে কয় যে দুৰ্ঘটনা সংঘটিত কৰি তেওঁ পলায়ন কৰা নাছিল৷ অভিনেত্ৰীগৰাকীয়ে কয় যে নিশা প্ৰায় ১২ মান বজাত বিপৰীত দিশৰ পৰা অতি উদ্ভণ্ডালিৰে আহি থকা এল্ট' বাহনখনে নিজৰ লেনৰ পৰা ফালৰি কাটি আহি তেওঁলোকৰ বাহনত খুন্দা মাৰে৷ নিশা নিৰ্জন এলেকাত এনেধৰণৰ ঘটনা সংঘটিত কৰাৰ পিছত ডাকইতি কাণ্ডৰ দৰে ঘটনাৰ সন্মুখীন হ'ব পাৰে বুলি ঘটনাস্থলীৰ পৰা আঁতৰি আহি প্ৰায় ৫০০ মিটাৰ দূৰত ৰৈছিল অভিনেত্ৰীগৰাকীৰ লগতে তেওঁৰ স্বামী৷ পৰৱৰ্তী সময়ত দুৰ্ঘটনা খবৰ পায় অভিনেত্ৰীগৰাকীৰ ওচৰত উপস্থিত হয়হি সাপেখাটী অনুষ্ঠানৰ উদ্যোক্তা কমিটী৷ উদ্যোক্তা কমিটীৰ পৰামৰ্শ মতে নিশা দুৰ্ঘটনাগ্ৰস্ত বাহনখন টেঙাপুখুৰী আৰক্ষী থানাতে ৰাখি ঘৰলৈ আহে অভিনেত্ৰীগৰাকী৷