Logo
image

শ্ৰদ্ধা কাণ্ডৰ পুনৰাবৃত্তি : মহিলাক হত্যা কৰি ৫০ টুকুৰা কৰিলে মৃতদেহ

ডিজিটেল ডেস্ক : দেশত আকৌ সংঘটিত হৈছে শ্ৰদ্ধা হত্যাকাণ্ডৰ দৰে অনুৰূপ ঘটনা৷ ঝাৰখণ্ডৰ ছাহিবগঞ্জ জিলাৰ বোৰিঅ' আৰক্ষী থানা এলেকাত নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে। ৰুবিকা পাহাৰিন নামৰ এগৰাকী মহিলাক হত্যা কৰাৰ পিছত মৃতদেহ ৫০ টাতকৈও অধিক টুকুৰা কৰি বিভিন্ন স্থানত দলিয়াই দিয়া হৈছিল। শনিবাৰে সন্ধিয়া বোৰিঅ' সান্তালীৰ এটা নিৰ্মীয়মান অংগনৱাড়ী কেন্দ্ৰৰ পিছফালে মানুহৰ ভৰিৰ টুকুৰা পোৱাৰ পিছত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে৷

আৰক্ষীৰ তদন্তত দিলদাৰ নামৰ এজন যুৱকৰ নাম হত্যাকাণ্ডৰে সাঙোৰ খাইছে৷ অৱশ্যে আৰক্ষীয়ে এতিয়াও ঘটনাক লৈ কোনো মন্তব্য কৰা নাই৷ আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে যে মহিলাগৰাকীক কিছু সংখ্যক লোকে হত্যা কৰাৰ পিছত প্ৰমাণ লুকুৱাবলৈ টুকুৰা-টুকুৰকৈ মৃতদেহ কাটি বিভিন্ন স্থানত পেলাই দিছিল৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কেইবাজনো লোকক আটক কৰিছে৷

সুত্ৰ অনুসৰি আৰক্ষীয়ে অভিযুক্তক গোপন স্থানত ৰাখি জেৰা অব্যাহত ৰাখিছে। নিৰ্মীয়মান অংগনৱাড়ী কেন্দ্ৰৰ পিছফালে টুকুৰা-টুকুৰাকৈ পেলাই থোৱা মানৱ শৰীৰৰ অংগবোৰ উদ্ধাৰ কৰি ইতিমধ্যে আৰক্ষীয়ে ফৰেনচিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।