Logo
image

ভগৱানে ভাৰতক ঠিক কৰিবলৈ আম আদমী পাৰ্টীক বাছনি কৰিছে : অৰবিন্দ কেজৰিৱাল

ডিজিটেল ডেস্ক : আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় পৰিষদৰ বৈঠকত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয় যে দিল্লীত বিগত ৫ ৰ পৰা ৭ বছৰত প্ৰায় ১২.৫০ লাখ লোকে চাকৰি পাইছে৷ আনহাতে পঞ্জাৱত চৰকাৰ গঠনৰ পিছত ২১ হাজাৰ যুৱক-যুৱতীক নিযুক্তি দিছে চৰকাৰে৷ দিল্লীয়ে দেখুৱাইছে যে নিবনুৱা আৰু মুদ্ৰাস্ফীতি সমাধান কৰিব পাৰি, কিন্তু ইয়াৰ বাবে উদ্দেশ্য ভাল হ'ব লাগিব৷

লগতে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে আম আদমী পাৰ্টীৰ লক্ষ্য-উদ্দেশ্যৰ পৰিৱৰ্তে আগন্তুক ৫ৰ পৰা ১০ বছৰত  দেশ ক'ত উপনীত হ'ব তাক লৈহে মই চিন্তিত৷ আমি এনেকুৱা এখন দেশ বিচাৰো য'ত জাতি-ধৰ্ম নিৰ্বিশেষে সকলোৱে একতাৰে বাস কৰিব পাৰে৷ জাতি, ধৰ্মৰ নামত দেশত হিংসাৰ সৃষ্টি হ'ব নালাগে৷

লগতে কেজৰিৱালে কয় যে দেশবাসীয়ে একগোট হৈ কাম কৰিলেহে দেশৰ উন্নতি হ'ব৷ দেশৰ ১৩০ কোটি লোক এটা পৰিয়াল৷ যি দল বা প্ৰতিষ্ঠানে দেশক বিভক্ত কৰাৰ কথা ভাবে তেওঁলোকে কেতিয়াও দেশৰ প্ৰগতি নিবিচাৰে। তেওঁলোকে দেশক ঊনবিংশ শতিকালৈ লৈ যাব বিচাৰে। আমি এনে এখন দেশ বিচাৰো য'ত কোনেও ভোকত থাকিব নালাগে। আমি এনে এখন ভাৰতৰ কল্পনা কৰিব লাগে যি কেৱল নিজৰ বাবেই নহয়, বিশ্বৰ দৰিদ্ৰ দেশসমূহক আহাৰ দিবলৈও সক্ষম হয়৷ আমাৰ দেশ বিশ্বৰ বাবে শিক্ষাৰ কেন্দ্ৰ হৈ উঠিব লাগে।

তদুপৰি দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে আমাৰ ওপৰত ভগৱানৰ আৰ্শীবাদ আছে৷ কিয়নো আম আদমী পাৰ্টীৰ সফলতা যাদুতকৈ কম নহয়। দল গঠন হোৱাৰ এবছৰৰ ভিতৰতে দিল্লীত চৰকাৰ গঠন কৰিলে আপে৷ তাৰপিছত পঞ্জাৱতো চৰকাৰ গঠন কৰিলে আম আদমী পাৰ্টীয়ে। ভগৱানে ভাৰতক ঠিক কৰিবলৈ আম আদমী পাৰ্টীক বাছনি কৰিছে।