Logo
image

এই উপায়েৰেও উচ্ছ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব পাৰি

অত্যধিক মানসিক চাপ, অস্বাস্থ্যকৰ জীৱন-যাপন, খোৱা-বোৱাত অনিয়ম, বাহিৰৰ খাদ্যৰ প্ৰতি প্ৰৱণতা আদি কাৰণত উচ্ছ ৰক্তচাপৰ দৰে সমস্যা হয়৷  উচ্ছ ৰক্তচাপৰ সমস্যা থাকিলে দৈনিক ঔষধ খাবলগীয়া হয়৷ কিন্তু চিকিৎসকসকলৰ মতে, স্বাস্থ্যসন্মত জীৱন-যাত্ৰাই উচ্ছ ৰক্তচাপৰ সমস্যা নিয়ন্ত্ৰণত ৰাখিব পাৰে৷ ঘৰুৱা উপায়েৰেও উচ্ছ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব পৰা যায়৷ ইয়াৰ বাবে প্ৰয়োজন হয় নহৰু৷ নহৰুৱে ব্যঞ্জনৰ সোৱাদ বঢ়োৱাৰ লগতে স্বাস্থ্যৰ যতন লোৱাৰ ক্ষেত্ৰতো কাম কৰে৷ নহৰুত থকা এলিচিন নামৰ উপাদানবিধে ৰক্তচাপ নিয়ন্ত্ৰণত ৰখাত সহায় কৰে৷ 
পুষ্টিবিদসকলৰ মতে এণ্টিবায়’টিক আৰু এণ্টি অক্সিডেণ্টেৰে ভৰা নহৰু স্বাস্থ্যৰ বাবে অতি উপকাৰী৷ খালী পেটত নহৰু খালে শৰীৰ টক্সিনমুক্ত হয়৷ তদুপৰি খালী পেটত নহৰু খালে ক্ৰনিক সমস্যাৰ পৰাও  সকাহ পাব পৰা যায়৷ নহৰুৱে হৃদযন্ত্ৰ সুস্থ ৰখাতো সহায় কৰে৷
এণ্টি অক্সিডেণ্ট উপাদানযুক্ত নহৰুৱে তেজ পৰিশোধন কৰাতো সহায় কৰে৷ তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত ৰখাৰ ক্ষেত্ৰতো কাম কৰে নহৰুৱে৷ হৃদৰোগীসকলৰ বাবে নহৰু অতি উপকাৰী৷ নহৰুৱে তেজৰ সৰবৰাহ ঠিকে ৰাখে৷ যিসকলৰ উচ্ছ ৰক্তচাপৰ সমস্যা আছে তেওঁলোকে নিতৌ নহৰু খোৱা কৰক৷ 
যকৃত আৰু মুত্ৰাশয়ক সঠিকভাৱে কাম কৰাত সহায় কৰে নহৰুৱে৷ তদুপৰি পেটৰ বিভিন্ন সমস্যা বিশেষকৈ হজমৰ সমস্যা নিৰাময় কৰে নহৰুৱে৷ বিপাকহাৰ বৃদ্ধি কৰি ওজন নিয়ন্ত্ৰণত ৰখাতো নহৰুৱে কাম কৰে৷ ভাইৰাচ আৰু সংক্ৰমণজনিত ৰোগ যেনে– ব্ৰংকাইটিছ, নিউমনিয়া আদিৰ দৰে ৰোগ নিৰাময় কৰাতো নহৰুৱে কাম কৰে৷