Logo
image

ভাৰতক পৰমাণু বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি পাকিস্তানৰ মন্ত্ৰীৰ

ডিজিটেল ডেস্ক : পাকিস্তান পিপলছ পাৰ্টীৰ নেত্ৰী শ্বাজিয়া মাৰিয়ে ভাৰতক পাৰমাণৱিক যুদ্ধৰ ভাবুকি দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে পাকিস্তানৰ বৈদেশিক মন্ত্ৰী বিলাৱাল ভুট্ট'ৰ অভব্য মন্তব্যক ভাৰতে তীব্ৰ গৰিহণা দিয়াৰ এদিন পিছতে পাকিস্তানৰ পিপলছ পাৰ্টীৰ নেত্ৰীগৰাকীয়ে ভাৰতক পাৰমাণৱিক আক্ৰমণৰ ভাবুকি দিয়ে৷

বিলাৱাল ভুট্ট'ৰ সমৰ্থনত এক সংবাদমেলত শ্বাজিয়া মাৰিয়ে কয় যে ভাৰতে পাহৰিব নালাগে যে পাকিস্তান পাৰমাণৱিক শক্তিৰে পৰিপূৰ্ণ। আমাৰ পাৰমাণৱিক শক্তি নীৰৱ হৈ থাকিব বুলি ভাবিব নালাগে। উল্লেখ্য যে প্ৰধানমন্ত্ৰী মোডীক ব্যক্তিগত আক্ৰমণৰ বাবে বিলাৱাল ভুট্ট'ক ভাৰতে সমালোচনা কৰাৰ পাছতে এই মন্তব্য কৰে পাকিস্তানৰ নেত্ৰীগৰাকীয়ে।

ইফালে আজি এক টুইটযোগে পাকিস্তানৰ মন্ত্ৰী শ্বাজিয়া মাৰিয়ে কয় যে পাকিস্তানৰ বৈদেশিক মন্ত্ৰীয়ে ভাৰতৰ মন্ত্ৰীৰ উচতনিমূলক মন্তব্যৰ প্ৰত্যুত্তৰ দিছে৷ সন্ত্ৰাসবাদ বিৰোধী যুঁজত ভাৰতৰ তুলনাত পাকিস্তানে অধিক ত্যাগ কৰিছে৷

উল্লেখ্য যে বিলাৱাল ভুট্ট'ৱে বৃহস্পতিবাৰে এক বিতৰ্কিত মন্তব্য কৰি কৈছিল যে ওচামা বিন লাডেনৰ মৃত্যু হৈছে, কিন্তু গুজৰাটৰ কচাই এতিয়াও জীয়াই আছে আৰু তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী।