Logo
image

আমিও পাতিম বিশ্বকাপ ফুটবলঃ প্ৰধানমন্ত্ৰী

ডিজিটেল ডেস্ক, ১৯ ডিচেম্বৰ:  ‘এই দিন দূৰ নহয়, ভাৰততো ফুটবলৰ উৎসৱ অনুষ্ঠিত হ’ব৷ ত্ৰিৰংগাৰ বাবে আমি চিয়েৰ কৰিম৷ ভাৰতৰ যুৱ শক্তিৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে৷’– এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ৷ দেওবাৰে শ্বিলঙত উত্তৰ পূব পৰিষদৰ সোণালী  জয়ন্তী অনুষ্ঠানত উপস্থিত থাকি প্ৰধানমন্ত্ৰীয়ে স্পষ্ট ভাষাৰে নকলেও এনেদৰে আওপকীয়া ভাষাৰে ক’লে যে “ভাৰততো এদিন ফুটবলৰ বিশ্বকাপ অনুষ্ঠিত হ’ব আৰু ভাৰতে এই বিশ্বকাপত বিজয় নিচান উৰুৱাব৷ এই দিনলৈ আৰু বেছি দিন নাই৷” প্ৰধানমন্ত্ৰীয়ে ফুটবলৰ উদ্ধৃতিৰে কয় যে ফুটবল খেলত স্পৰ্টমেনশ্বীপৰ বিপৰীতে কাম কৰা খেলুৱৈক ৰেড কাৰ্ড দেখুওৱা হয় ঠিক তেনেদৰে যোৱা আঠ বছৰত চৰকাৰে উত্তৰ পূৰ্বৰ উন্নয়নৰ অনেক বাধাক ৰেডকাৰ্ড দেখুৱাই আগবাঢ়ি গৈছে৷ ভ্ৰষ্টাচাৰ, ভেদভাৱ, ভাই-ভতিজাবাদ, হিংসা, প্ৰকল্পৰ লেহেমীয়া আদি প্ৰতিবন্ধকতাবোৰ আতৰোৱা হৈছে৷