Logo
image

পূৰ্বোত্তৰত বিকাশে আকাশ চুইছেঃ নৰেন্দ্ৰ মোদী

ডিজিটেল ডেস্ক, ১৯ ডিচেম্বৰ: উত্তৰ-পূবৰ আঠ ৰাজ্যক ‘অষ্টলক্ষ্মী’ আখ্যা দিয়াৰ পাছত এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে স্থিৰ কৰি দিলে ‘অষ্টস্তম্ভ’৷ দেওবাৰে শ্বিলঙৰ উত্তৰ-পূব পৰিষদৰ সোণালী জয়ন্তী বৈঠকত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে ‘চৰকাৰে উন্নয়নৰ বাবে অষ্টস্তম্ভৰ দিশত কাম কৰিব লাগে৷ এই অষ্টস্তম্ভ   হৈছে ক্ৰমে– শান্তি, শক্তি, পৰ্যটন, ৫-জি সংযোগ, সংস্কৃতি, প্ৰাকৃতিক কৃষি, ক্ৰীড়া আৰু সম্ভাৱনা৷’ উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নত উত্তৰ-পূব পৰিষদৰ অৱদানৰ কথা প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে উত্তৰ-পূব পৰিষদৰ এই সোণালী জয়ন্তী আজাদী কা অমৃত মহোৎসৱৰ সমান্তৰালভাৱে উদ্‌যাপন কৰা হৈছে৷ ১৯৭২ চনত স্থাপিত উত্তৰ-পূব পৰিষদৰ উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশত প্ৰভূত বৰঙণি আছে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে উত্তৰ-পূব পৰিষদে আগন্তুক ২৫ বছৰৰ বাবে উন্নয়নৰ ব্লু-প্ৰিণ্ট তৈয়াৰ কৰি স্থিৰ লক্ষ্যত কাম কৰিব লাগে৷ প্ৰধানমন্ত্ৰীয়ে কয় উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশে আকাশ চুইছে৷ উত্তৰ-পূব দক্ষিণ-পূব এছিয়াৰ প্ৰৱেশদ্বাৰ আৰু সমগ্ৰ অঞ্চলটোৰ উন্নয়নৰ কেন্দ্ৰ হ’ব পাৰে৷ অঞ্চলটোৰ এই সম্ভাৱনাক বাস্তৱায়িত কৰিবলৈ ভাৰত-ম্যানমাৰ-থাইলেণ্ড ত্ৰিপাক্ষিক ঘাইপথ আৰু আগৰতলা-আখৌৰা ৰে’ল প্ৰকল্পৰ দৰে প্ৰকল্পৰ কাম চলি আছে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে ‘লুক ইষ্ট’ নীতিক ‘এ’  ইষ্ট’লৈ ৰূপান্তৰিত কৰিছে এতিয়া ইয়াৰ নীতি হৈছে ‘এ’ ‘ফাষ্ট ফৰ নৰ্থ-ইষ্ট’৷ তেওঁ কয় যে অঞ্চলটোত বহু শান্তি চুক্তি স্বাক্ষৰিত হৈছে, আন্তঃৰাজ্যিক সীমা চুক্তি কৰা হৈছে আৰু উগ্ৰবাদ লক্ষণীয়ভাৱে হ্ৰাস পাইছে৷ কাৰ্বন নিৰ্গমণ শূন্য কৰাৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাৰ বিষয়ে আলোচনা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে উত্তৰ-পূব জলবিদ্যুতৰ শক্তি কেন্দ্ৰ হ’ব পাৰে৷ ইয়াৰ ফলত অঞ্চলটোৰ ৰাজ্যসমূহৰ শক্তি ৰাহি হ’ব, উদ্যোগ সম্প্ৰসাৰণত সহায়ক হ’ব আৰু বৃহৎসংখ্যক চাকৰিৰ সৃষ্টি হ’ব৷ অঞ্চলটোৰ পৰ্যটন সম্ভাৱনাৰ বিষয়ে আলোচনা কৰি তেওঁ কয় যে অঞ্চলটোৰ সংস্কৃতি আৰু প্ৰকৃতি-দুয়োটাই সমগ্ৰ বিশ্বৰ পৰ্যটকক আকৰ্ষণ কৰি আছে৷ তেওঁ লগতে কয় যে অঞ্চলটোতো পৰ্যটনস্থলী চিনাক্ত আৰু বিকাশ সাধন কৰা হৈছে৷  প্ৰধানমন্ত্ৰীয়ে ১০০খন বিশ্ববিদ্যালয়ৰ পৰা উত্তৰ-পূবলৈ ছাত্ৰ-ছাত্ৰী প্ৰেৰণৰ বিষয়েও আলোচনা কৰে, যিয়ে বিভিন্ন অঞ্চলৰ লোকসকলক ওচৰ চপাই অনাত সহায় কৰিব৷ এই ছাত্ৰ-ছাত্ৰীসকলে তেতিয়া অঞ্চলটোৰ ৰাষ্ট্ৰদূত হৈ পৰিব৷ অঞ্চলটোত যোগাযোগ ব্যৱস্থাত উদ্‌গনি যোগোৱাৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কেইবাটাও দশকৰ পৰা বাকী থকা আইকনিক দলং প্ৰকল্পসমূহ এতিয়া সম্পূৰ্ণ হৈছে৷ বিগত ৮ বছৰত অঞ্চলটোৰ বিমানবন্দৰৰ সংখ্যা ৯ৰ পৰা ১৬লৈ বৃদ্ধি হৈছে আৰু বিমান উৰণৰ সংখ্যা ২০১৪ চনৰ পূৰ্বৰ প্ৰায় ৯০০ৰ পৰা প্ৰায় ১৯০০ চনলৈ বৃদ্ধি পাইছে৷ উত্তৰ-পূবৰ বহু ৰাজ্যই প্ৰথমবাৰৰ বাবে ৰে’লৱে মেপৰ আওতালৈ আহিছে আৰু জলপথসমূহ সম্প্ৰসাৰণৰ বাবেও প্ৰচেষ্টা হাতত লোৱা হৈছে৷ অঞ্চলটোত ২০১৪ চনৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথৰ দৈৰ্ঘ্য ৫০ শতাংশ বৃদ্ধি পাইছে৷ তেওঁ কয় যে পি এম-ডেভাইন আঁচনিৰ আৰম্ভণিৰ লগে লগে উত্তৰ-পূবৰ আন্তঃগাঁথনি প্ৰকল্পসমূহে অধিক গতি লাভ কৰিছে৷ চৰকাৰে অপ্টিকেল ফাইবাৰ নেটৱৰ্ক বৃদ্ধি কৰি উত্তৰ-পূৰ্বাঞ্চলত ডিজিটেল সংযোগৰ উন্নয়নৰ দিশত কাম কৰি আছে৷ আত্মনিৰ্ভৰ ৫-জি আন্তঃগাঁথনিৰ উন্নয়নৰ বিষয়ে কোৱাৰ সময়ত তেওঁ কয় যে ৫-জিয়ে অঞ্চলটোৰ ষ্টাৰ্টআপ, ইক’চিষ্টেম, সেৱাখণ্ড আদিৰ অধিক উন্নয়নত সহায় কৰিব৷ প্ৰধানমন্ত্ৰীয়ে কয় যে উত্তৰ-পূবক কেৱল অৰ্থনৈতিক বিকাশৰ কেন্দ্ৰই নহয়, সাংস্কৃতিক বিকাশৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ৷ অঞ্চলটোৰ কৃষি সম্ভাৱনাৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰাকৃতিক কৃষিৰ পৰিসৰৰ ওপৰত আলোকপাত কৰে, য’ত উত্তৰ-পূবে অগ্ৰণী ভূমিকা ল’ব পাৰে৷ প্ৰধানমন্ত্ৰীয়ে  কয় যে কৃষি উড়ানৰ জৰিয়তে অঞ্চলটোৰ কৃষকসকলে সমগ্ৰ দেশৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তলৈও নিজৰ উৎপাদিত সামগ্ৰী প্ৰেৰণ কৰিবলৈ সক্ষম হৈছে৷ তেওঁ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক খাদ্য তেল সম্পৰ্কীয় ৰাষ্ট্ৰীয় অভিযান অইল পামত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়৷ তেওঁ লগতে কেনেকৈ ড্ৰ’নে কৃষকসকলক ভৌগোলিক প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰাত সহায় কৰিব পাৰে আৰু তেওঁলোকৰ উৎপাদিত সামগ্ৰী বজাৰত প্ৰৱেশ কৰাত সহায় কৰিব পাৰে, সেই বিষয়ে কয়৷ ক্ৰীড়াৰ ক্ষেত্ৰত অঞ্চলটোৰ অৱদানৰ বিষয়ে আলোচনা কৰি তেওঁ কয় যে উত্তৰ-পূবৰ ভাৰতৰ প্ৰথমখন ক্ৰীড়া বিশ্ববিদ্যালয়ৰ উন্নয়নৰ জৰিয়তে অঞ্চলটোৰ ক্ৰীড়াবিদসকলক সহায় আগবঢ়োৱাৰ দিশত চৰকাৰে কাম কৰি আছে৷ তদুপৰি অঞ্চলটোৰ ৮ খন ৰাজ্যত ২০০ৰো অধিক খেলো ইণ্ডিয়া চেণ্টাৰৰ অনুমোদন পোৱা গৈছে আৰু অঞ্চলটোৰ বহু খেলুৱৈয়ে টপছ আঁচনিৰ অধীনত সুবিধা লাভ কৰিছে৷ প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ জি-২০ অধ্যক্ষতাৰ বিষয়েও উল্লেখ কৰি কয় যে এই বৈঠকে উত্তৰ-পূৰ্বাঞ্চললৈও সুযোগ আৰু সম্ভাৱনা কঢ়িয়াই আনিব৷  অঞ্চলটোৰ প্ৰকৃতি, সংস্কৃতি আৰু সম্ভাৱনা প্ৰদৰ্শনৰ বাবে এয়া এক উপযুক্ত সুযোগ হ’ব বুলিও তেওঁ ভাষণত উল্লেখ কৰে৷ ইফালে উত্তৰ-পূব পৰিষদৰ সোণালী জয়ন্তীৰ কাৰ্যসূচীত উপস্থিত থাকি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সমগ্ৰ উত্তৰ-পূবলৈ শান্তি আৰু প্ৰগতি ঘূৰি আহিছে৷ পূৰ্বতে উত্তৰ-পূবলৈ আৱণ্টিত পুঁজি অন্তিম পৰ্যায়লৈকে গৈ পোৱা নাছিল, কিন্তু এতিয়া পুঁজি গাঁৱৰ অন্তিমজন লোকলৈকেও গৈ পাইছে৷ উত্তৰ-পূবৰ বিকাশ ক্ষিপ্ৰ কৰিবৰ বাবে প্ৰধানমন্ত্ৰীয়ে যোৱা ৮ বছৰত ৫০ বাৰতকৈও অধিকবাৰ অঞ্চলটো ভ্ৰমণ কৰিছে৷ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলক ৰে’লপথ, স্থলপথ আৰু আকাশ মাৰ্গেৰে সংযোগ কৰিবৰ বাবে প্ৰধানমন্ত্ৰীয়ে প্ৰকল্প গ্ৰহণ কৰিছে৷ আঠ বছৰ পূৰ্বলৈকে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলক বন্ধ, ষ্টাইক, বোমা বিস্ফোৰণ আৰু গুলী-বাৰুদৰ বাবে জনা গৈছিল৷ বিভিন্ন সন্ত্ৰাসবাদী সংগঠনৰ কাৰ্যকলাপত উত্তৰ-পূববাসীয়ে শান্তিৰে কাম কৰিব নোৱাৰিছিল৷ কিন্তু যোৱা আঠ বছৰত উত্তৰ-পূবৰ উগ্ৰপন্থীমূলক কাম-কাজৰ ৭৪ শতাংশ হ্ৰাস পালে৷ সুৰক্ষা বাহিনীৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাও ৬০ শতাংশ হ্ৰাস পালে৷ প্ৰায় জ্জ্ব হাজাৰ যুৱকে উগ্ৰপন্থাৰ পথ এৰি শান্তিৰ পথলৈ ঘূৰি আহিছে৷ উত্তৰ-পূৰ্বাঞ্চলৰ বহু অঞ্চলৰ পৰা আফস্পা আঁতৰ কৰা হৈছে৷ উল্লেখ্য যে আজিৰ উত্তৰ-পূব পৰিষদৰ সোণালী জয়ন্তীৰ কাৰ্যসূচীত মেঘালয়ৰ ৰাজ্যপাল ব্ৰিগেডিয়াৰ বি ডি মিশ্ৰ, অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা, কেন্দ্ৰীয়মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কিৰেন ৰিজুজৰ লগতে ডনাৰ মন্ত্ৰী জি কৃষাণ ৰেড্ডীৰ আৰু উত্তৰ-পূবৰ আন ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলো উপস্থিত আছিল৷