Logo
image

ধৰুৱালৈ আইনী জাননী বন্ধন বেংকৰ

ডিজিটেল ডেস্ক, ১৯ ডিচেম্বৰ:  অসাৰ হ’ল নেকি মুখ্যমন্ত্ৰীৰ সপোনৰ মাইক্ৰ’ফাইনেন্সৰ ঋণ সকাহ আঁচনি? ৰাজ্যৰ ঋণগ্ৰস্ত ১১ লাখ হিতাধিকাৰীক ১,৬০০ কোটি টকাৰ ঋণ সকাহ দিয়া বুলি বিজেপি মিত্ৰজোঁটৰ চৰকাৰে প্ৰচাৰ চলোৱাৰ সময়তে মাইক্ৰ’ফাইনেন্সৰ ঋণৰ সুতসহ বকেয়া কিস্তি আদায় দিয়াৰ বেংকে প্ৰেৰণ কৰিছে লিগেল ন’টিচ অৰ্থাৎ আইনী জাননী৷ নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰি মহিলাসকলক মাইক্ৰ’ফাইনেন্সৰ ঋণ মাফ কৰা আঁচনি ঘোষণা কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঋণ পৰিশোধৰ পৰা বিৰত থাকিবলৈও মহিলাসকলক ৰাজহুৱাকৈ উচটনিও যোগাইছিল৷ কিন্তু ৰাজ্যৰ মহিলাসকলক ঋণ প্ৰদানত শীৰ্ষত থকা বিত্তীয় প্ৰতিষ্ঠান বন্ধন বেংকে এতিয়া অধিবক্তাৰ জৰিয়তে ঋণগ্ৰস্ত মহিলালৈ ধন বিছাৰি আইনী জাননী প্ৰেৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিছে৷ আনকি বন্ধন বেংকে আইনী জাননীৰ জৰিয়তে ঋণগ্ৰস্ত গ্ৰাহকক সাত দিনৰ ভিতৰত সমস্ত ধন পৰিশোধ কৰিবলৈ নিৰ্দেশ দিয়াতে ক্ষান্ত নাথাকি অনাদায় কিস্তিৰ ধন সুদে-মূলে পৰিশোধ নকৰিলে সম্পত্তি বাজেয়াপ্তৰ দৰে আইনী ব্যৱস্থা গ্ৰহণৰো সকীয়নি প্ৰদান কৰিছে৷ বন্ধন বেংকে অধিবক্তাৰ জৰিয়তে প্ৰেৰণ কৰা এনে আইনী জাননী লাভ কৰাৰ পাছতেই গাঁৱে-গাঁৱে মহিলাসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ বন্ধন বেংকে প্ৰেৰণ কৰা এনে আইনী জাননী সম্প্ৰতি সামাজিক মাধ্যমতো ভাইৰেল হৈ পৰিছে৷ মাত্ৰ ১৯ হাজাৰ ৬৪৬ টকা ঋণ লোৱা লালুকৰ এগৰাকী মহিলাকো বন্ধন বেংকৰ অধিবক্তাই আইনী জাননীৰ জৰিয়তে সুতৰ সৈতে সমস্ত বকেয়া এসপ্তাহৰ ভিতৰত আদায় দিবলৈ নিৰ্দেশ দিয়াত ঋণগ্ৰস্ত মহিলাসকল আতংকিত হৈ পৰিছে৷ বন্ধন বেংক কৰ্তৃপক্ষৰ এই জাননীয়ে স্পষ্ট কৰিছে যে মাইক্ৰ’ফাইনেন্স প্ৰতিষ্ঠানে এতিয়া মুখ্যমন্ত্ৰীৰ নিৰ্দেশকো যেন কেৰেপ নকৰে৷ যাৰ বাবে ঋণৰ ধন ওভতাই বিচাৰি মাইক্ৰ’ফাইনেন্সৰ এজেণ্ট তথা অধিবক্তাই গাঁৱে গাঁৱে আৰম্ভ কৰিছে হাৰাশাস্তি৷ উল্লেখ্য, ২০২১ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে তেতিয়াৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহিলাসকলক মাইক্ৰ’ফাইনেন্সৰ ঋণৰ কিস্তি চৰকাৰে পৰিশোধ কৰিব বুলি প্ৰতিশ্ৰুতি দি বিজেপিক ভোট দিবলৈ আহ৩ান জনাইছিল৷ নিৰ্বাচনত জয়লাভ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত ঋণ প্ৰদানত জড়িত ৩৮টা মাইক্ৰ’ফাইনেন্স প্ৰতিষ্ঠান আৰু বেংকৰ সৈতে বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিছিল৷ ২০২৩ চনৰ ৩১ মাৰ্চ পৰ্যন্ত এই বুজাবুজি চুক্তি বাহাল থাকিব বুলি  সদৰী কৰি মুখ্যমন্ত্ৰী শৰ্মাই মাইক্ৰ’ফাইনেন্স প্ৰতিষ্ঠানসমূহক মহিলাসকলক হাৰাশাস্তি কৰাৰ পৰা বিৰত থাকিবলৈও নিৰ্দেশ দিছিল৷ সেই অনুষ্ঠানতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোন কোন মহিলাৰ কি কি পৰ্যায়ত ঋণ মাফ হ’ব সেই বিষয়েও বিষদভাৱে উল্লেখ কৰিছিল৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে  যিসকল মহিলাই তিনিটাতকৈ অধিক প্ৰতিষ্ঠানৰ পৰা ঋণ লোৱা নাই অথবা ঋণৰ পৰিমাণ ১.২৫ লাখতৈ বেছি নহয়, তেওঁলোক এই সকাহ আঁচনিৰ অন্তৰ্ভুক্ত হ’ব৷  আনহাতে বুজাবুজি চুক্তি অনুসৰি অনুসৰি যিসকল মহিলাই সময়মতে ঋণৰ কিস্তি পৰিশোধ কৰিছে তেওঁলোকে ২৫ হাজাৰ টকাৰ একঁকালীন সাহায্য লাভ কৰিব যাতে পৰৱৰ্তী ঋণৰ কিস্তি আদায় দিয়াত সকাহ হয়৷ আনহাতে যিসকল মহিলাই ঋণৰ কিস্তি আদায় দিয়া নাই আৰু বৰ্তমানেও তেওঁলোকৰ একাউণ্ট এন পি এ ঘোষিত হোৱা নাই তেওঁলোকৰ পৰৱৰ্তী ঋণৰ কিস্তি নিৰ্দিষ্টি সময়ৰ বাবে চৰকাৰে পৰিশোধ কৰিব৷ ৩৮টা মাইক্ৰ’ফাইনেন্স কোম্পানীৰ সৈতে হোৱা ৰাজ্য চৰকাৰৰ বুজাবুজি চুক্তি অনুসৰি যিসকল মহিলা ঋণ পৰিশোধ কৰিবলৈ অক্ষম আৰু তেওঁলোকৰ একাউণ্ট এন পি এ ঘোষিত হৈছে সেই মহিলাসকলে এক নিৰ্দিষ্ট প্ৰ-পত্ৰত আবেদন কৰিব লাগিব৷ চৰকাৰে সকলো দিশ পৰ্যালোচনা কৰি আংশিক বা সম্পূৰ্ণ ক্ষতিপূৰণ আদায় দিব৷ বুজাবুজি চুক্তিৰ এবছৰ নৌহওঁতেই গাঁৱে গাঁৱে আহিল লিগেল ন’টিছ৷ এতিয়া আইনী জাননী লাভ কৰি ঋণগ্ৰস্ত মহিলাসকলে ভয়-শংকাৰ মাজত দিন অতিবাহিত কৰিবলগীয়া হৈছে৷