Logo
image

ক'ভিডত বিধ্বস্ত শিক্ষাব্যৱস্থা : ক'ভিডৰ পিছত পঢ়া-লিখা পাহৰিছে শিক্ষাৰ্থীয়ে

ডিজিটেল ডেস্ক : ক'ভিড মহামাৰীয়ে প্ৰভাৱ পেলাইছে শিক্ষা ব্যৱস্থাত৷ ক'ভিড মহামাৰীৰ পিছত ঝাৰখণ্ডৰ শিক্ষানুষ্ঠানসমূহে অত্যন্ত দুৰ্বল আন্তঃগাঁথনি, বিদ্যালয়ত শিক্ষাৰ্থীৰ কম উপস্থিতি, শিক্ষকৰ অভাৱ আৰু অপৰ্যাপ্ত পুঁজিৰ সৈতে যুঁজি আছে। শেহতীয়াকৈ ঝাৰখণ্ডৰ ১৩৮ খন প্ৰাথমিক আৰু উচ্চ-প্ৰাথমিক বিদ্যালয়ত চলোৱা জৰীপত প্ৰকাশ পাইছে যে  বেছিভাগ শিক্ষাৰ্থীয়ে ২০২২ চনৰ ফেব্ৰুৱাৰীত বিদ্যালয় পুনৰ খোলাৰ পিছত পঢ়িবলৈ আৰু লিখিবলৈ পাহৰি গৈছে। জ্ঞান বিজ্ঞান সমিতি ঝাৰখণ্ড, সম্প্ৰদায়-আধাৰিত স্বেচ্ছাসেৱকসকলৰ দ্বাৰা পৰিচালিত এক সামাজিক আন্দোলনৰ দ্বাৰা চলোৱা জৰীপত প্ৰকাশ পাইছে যে শিক্ষাৰ্থীৰ অনুপাতে শিক্ষকৰ সংখ্যা তেনেই কম৷ মাত্ৰ ৫৩ শতাংশ প্ৰাথমিক বিদ্যালয় আৰু ১৯ শতাংশ উচ্চ-প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থী-শিক্ষকৰ অনুপাত ৩০ তকৈ কম আছিল। চৰকাৰী প্ৰাথমিক আৰু উচ্চ-প্ৰাথমিক বিদ্যালয়ৰ ওপৰত চলোৱা জৰীপত প্ৰকাশ পাইছে যে বিদ্যালয়ত নামভৰ্তি কৰা শিশুৰ কমেও ৫০ শতাংশ শিশু অনুসূচীত জাতি (এছচি) বা অনুসূচীত জনজাতি (এছটি) পৰিয়ালৰ।

প্ৰতিবেদন অনুসৰি, ২০২০-২১ত শিক্ষা ব্যৱস্থা ক'ভিডৰ দ্বাৰা বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছিল৷ ক'ভিডৰ বাবে প্ৰায় দুবছৰৰ বাবে প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয় বন্ধ ৰখা হৈছিল৷ ১৩৮খন বিদ্যালয়ত চলোৱা জৰীপত ২০ শতাংশ বিদ্যালয়ত মাত্ৰ এগৰাকী শিক্ষক আছিল, যি বেছিভাগ ক্ষেত্ৰত সহকাৰী শিক্ষক আছিল৷ মাত্ৰ এজন শিক্ষকে চলোৱা বিদ্যালয়ত প্ৰায় ৯০ শতাংশ শিক্ষাৰ্থী দলিত বা আদিবাসী শিশু।  প্ৰায় ৪০ শতাংশ প্ৰাথমিক বিদ্যালয় সম্পূৰ্ণৰূপে সহকাৰী শিক্ষকৰ দ্বাৰা পৰিচালিত।  

এই প্ৰতিবেদন গৱেষক পৰান অমিতাভ আৰু ভাৰতৰ অন্যতম বিশিষ্ট অৰ্থনীতিবিদ জিন ড্ৰেজে প্ৰস্তুত কৰিছে। জৰীপৰ দিনা অৰ্থাৎ চলিত বৰ্ষৰ ছেপ্টেম্বৰ-অক্টোবৰত, প্ৰাথমিক বিদ্যালয়ত শিক্ষাৰ্থীৰ উপস্থিতি হাৰ আছিল মাত্ৰ ৬৮ শতাংশ আৰু উচ্চ-প্ৰাথমিক বিদ্যালয়ত শিক্ষাৰ্থীৰ উপস্থিতিৰ হাৰ আছিল ৫৮ শতাংশ। প্ৰতিবেদনত প্ৰকাশ পাইছে যে এখন বিদ্যালয়তো শৌচালয়, বিদ্যুৎ আৰু পানী যোগানৰ ব্যৱস্থা নাছিল।