Logo
image

ৰাজ্যৰ তালিকাত অসম তলৰ পৰা প্ৰথম

ডিজিটেল ডেস্ক, ২০ ডিচেম্বৰ: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২০২১ চনৰ মে’ মাহত ৰাজ্যৰ শাসনভাৰ লৈয়ে অসমক দেশৰ শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত স্থান দিব বুলি ঘোষণা কৰিছিল৷ কিন্তু মাত্ৰ ডেৰটা বছৰ পাৰ হোৱাৰ পাছতেই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখন দেশৰ ভিতৰতে কেইবাটাও শিতানত তলৰ পৰা প্ৰথম আৰু বিফলতাৰ শীৰ্ষত আৰোহণ কৰিছে৷ এই মন্তব্য শিৱসাগৰৰ বিধায়ক আৰু ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ৷ সোমবাৰে বিয়লি গুৱাহাটীৰ নিজৰাপাৰস্থিত বাসগৃহত আয়োজিত এক সংবাদমেলত ভাৰতীয় ৰিজাৰ্ভ বেংক আৰ নীতি আয়োগৰ শেহতীয়া   প্ৰতিবেদনত প্ৰকাশ পোৱা তথ্যৰ আধাৰত অখিল গগৈয়ে ৬০টা বিফলতাৰ বিতং তথ্য দাঙি দৰে৷ অখিল গগৈয়ে কয় হিংসাত্মক অপৰাধ আৰু নাৰীৰ বিৰুদ্ধে হোৱা অপৰাধৰ ক্ষেত্ৰত অসমে দেশৰ ভিতৰতে শীৰ্ষস্থান লাভ কৰিছে৷ তেনেদৰে শিশুৰ মৃত্যুৰ ক্ষেত্ৰত তৃতীয় আৰু প্ৰসূতিৰ মৃত্যুৰ ক্ষেত্ৰত শীৰ্ষস্থান লাভ কৰিছে৷ আনকি মাধ্যমিক শিক্ষা পৰ্যায়ত আধাতে স্কুল এৰা ছাত্ৰৰ ক্ষেত্ৰতো শীৰ্ষস্থান লাভ কৰিছে অসমে৷ একেদৰে ধান উৎপাদনত ২০নং স্থান, গ্ৰাম্য নিবনুৱাৰ ক্ষেত্ৰত ১৭নং স্থান, নগৰীয়া নিবনুৱাৰ ক্ষেত্ৰত ১৪নং স্থান, জনমূৰি প্ৰকৃত ঘৰুৱা উৎপাদনত তলৰ পৰা ৬নং স্থান, মাংস উৎপাদনত ১৭নং স্থান, গাখীৰ উৎপাদনত ২১নং স্থান, কণী উৎপাদনত ১৮নং স্থান, জনমুৰি বিদ্যুৎ লাভত ৩৩নং স্থান, গড় মুদ্ৰাস্ফীতিত ৩০নং স্থান লাভ কৰিছে৷ কিন্তু চৰকাৰখনে সকলোতকৈ অভিলেখ কৰিছে ঋণ লোৱাৰ ক্ষেত্ৰত৷ ১৯৪৭ চনত ভাৰত স্বাধীন হোৱাৰ পৰা ২০১৬ চনৰ মাৰ্চ মাহলৈ অসম চৰকাৰে লোৱা ঋণৰ পৰিমাণ আছিল প্ৰায় ৩৬,০০০ কোটি টকা৷ কিন্তু মাত্ৰ ডেৰটা বছৰত হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে ঋণ ল’লে ২৭,১৫৬ কোটি টকা৷ আজিৰ দিনত অসম চৰকাৰৰ মুঠ ঋণৰ পৰিমাণ হ’ল ১,০৭,৭২০ কোটি টকা৷ চৰকাৰৰ ৰাজভঁৰাল ইমানেই উদং হৈ গৈছে যে চলিত ২০২২-২৩ বৰ্ষৰ আঠ মাহ পাৰ হোৱা সত্ত্বেও বিধায়কৰ উন্নয়ন পুঁজিৰ ধনখিনিয়ে মুকলি কৰি দিব পৰা নাই৷ ২০১৬ চনত বিজেপি চৰকাৰ গঠন হোৱাৰ পাছত বিগত চাৰে ছয় বছৰত চৰকাৰে ঋণ লৈছে ৪২,৭২৪ কোটি টকা৷ ইফালে কয়লা, গৰু, ম’হ, চুপাৰী, কণী, মাছ, অৰুণাচলী মদ সকলোতে চৰকাৰখনৰ পৃষ্ঠপোষকতাত ছিণ্ডিকেট চলি থকা বুলি অখিল গগৈয়ে সদৰী কৰে৷