Logo
image

বৰদোৱাত দহখন বুলড’জাৰ, ৭০০ আৰক্ষী নামি পৰিল উচ্ছেদত

ডিজিটেল ডেস্ক, ২০ ডিচেম্বৰ: বটদ্ৰৱাৰ প্ৰায় এহাজাৰ বিঘা ভূমি বেদখলমুক্ত কৰাৰ উদ্দেশ্যে আজি পুৱাৰে পৰা প্ৰশাসনে সম্পূৰ্ণ যুদ্ধংদেহী পৰিস্থিতিৰ মাজত উচ্ছেদ অভিযান চলায়৷ বৰদোৱাৰ শান্তিজান বজাৰ আৰু হাইডুবীত প্ৰশাসনে ১০ খনকৈ বুলড’জাৰ আৰু ফললেনেৰে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত উচ্ছেদ অভিযান চলায়৷ এই উচ্ছেদ অভিযান চলি থাকোতে ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হৈ উচ্ছেদস্থলীত ঢলি পৰে এজন আৰক্ষীৰ জোৱান৷ কৰ্তব্যৰত অৱস্থাত ঢলি পৰা আৰক্ষী জোৱানজন হৈছে উলুৱনী আৰক্ষী চকীৰ সীমান্ত শাখাত নিয়োজিত ভবেন চন্দ্ৰ বৰা৷ জানিব পৰা মতে, গুৰুজনাৰ পবিত্ৰ জন্মস্থান বৰদোৱাৰ ঐতিহাসিক শ্ৰীশ্ৰী বটদ্ৰৱা থানৰ চৌপাশে চৰকাৰী ভূমিত চলা বেদখল উচ্ছেদ অভিযান নগাঁও জিলা প্ৰশাসনে পুৱা প্ৰায় ৬ বজাৰ পৰা আৰম্ভ কৰে৷ প্ৰশাসনে প্ৰথমে শান্তিজান বজাৰত উচ্ছেদ অভিযান আৰম্ভ কৰি বিয়লি পৰ্যন্ত ক্ৰমে চৰকাৰী কৃষি বীজপামৰ পৰা চি চি বস্তি, প্ৰাক্তন সৈনিকৰ নামত আৱণ্টিত লালুংগাঁও ৰিজাৰ্ভ, জামাই বস্তি, বৰহিছা সত্ৰ ৰিজাৰ্ভ [কদমণি ৰিজাৰ্ভ]ত এফালৰ পৰা উচ্ছেদ চলায়৷ প্ৰশাসনে এই বেদখলকৃত ভূমিত উচ্ছেদ অভিযান চলাবলৈ দেওবাৰে ১৪৪ ধাৰা জাৰি কৰি কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰাৰ লগতে সন্ধিয়াই বিদু্যৎ সংযোগ বিচ্ছিন্ন কৰিছিল৷ তদুপৰি বিগত ১৩ ডিচেম্বৰৰ পৰাই প্ৰায় ৭০০ জন আৰক্ষী আৰু চি আৰ পি এফ বাহিনীৰ লোক বৰদোৱাত বাহৰ পাতি অঞ্চলসমূহত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলাৰ লগতে মাইকযোগে বেদখলখকাৰীক উক্ত স্থান ত্যাগ কৰিবলৈ আহ্বান জনাইছিল৷ আনকি প্ৰশাসনে বেদখলকাৰীসকললৈ বিধি অনুসৰি জাননীও প্ৰেৰণ কৰিছিল৷ সপ্তাহজোৰা কুচ-কাৱাজৰ পাছত আজি প্ৰশাসনে বৰদোৱাৰ এই বেদখলকৃত ভূমিত উচ্ছেদ চলায়৷ উচ্ছেদৰ সময়ত নগাঁও জিলাৰ উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, নগাঁও আৰক্ষী অধীক্ষক লীনা দলে, অসম আৰক্ষীৰ মধ্য মণ্ডলৰ উপ-মহাপৰিদৰ্শক সত্যৰাজ হাজৰিকা, অতিৰিক্ত উপায়ুক্ত সান্ত্বনা বৰা, ধিঙৰ চক্ৰ বিষয়া বিলিভিয়া চৌধুৰী আদি উপস্থিত থাকে৷ প্ৰশাসনে চলোৱা এই অভিযানৰ সময়ত বেদখলকাৰীসকলৰ অধিকাংশই টালি-টোপোলা বান্ধি সেই স্থান ত্যাগ কৰে যদিও একাংশই সংবাদ মাধ্যমৰ আগত তীব্ৰ বিষো¸দগাৰ প্ৰকাশ কৰি প্ৰয়াত মন্ত্ৰী দিগেন বৰা আৰু প্ৰাক্তন মন্ত্ৰী গৌতম বৰাই এই চৰকাৰী ভূমিত তেওঁলোকক সংস্থাপন দিয়াৰ অভিযোগ তুলি চৰকাৰী সকলো সুবিধা প্ৰদান কৰিছিল বুলিও কয়৷ আনকি তেওঁলোকে ধিং ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত তৌজি খাজনা আদায় দি আহিছিল বুলিও উল্লেখ কৰে৷ প্ৰশাসনে বেদখল উচ্ছেদৰ আগতে তেওঁলোকক সংস্থাপনৰ কোনো দিহা নকৰিলে বুলিও খেদ প্ৰকাশ কৰে একাংশই৷ ঘৰ-বাৰী হেৰুৱাই দিশহাৰা হোৱা এই সকল লোকে এতিয়া কোন ক’লৈ যাব তাক লৈ চিন্তিত হৈ পৰিছে৷ ইপিনে বৰদোৱাত চলা এই উচ্ছেদ অভিযানক আদৰণি জনাইছে শ্ৰীশ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ লগতে বিভিন্ন দল-সংগঠন আৰু স্থানীয় ৰাইজে৷ আজি বৰদোৱাত জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে এই উচ্ছেদ অভিযানৰ পৰিকল্পনা দুমাহৰ আগৰে পৰা কৰি অহা বুলি উল্লেখ কৰাৰ বিপৰীতে জিলা আৰক্ষী অধীক্ষক লীনা দলেয়ে বেদখলকাৰীলৈ জাননী প্ৰেৰণ কৰি এই অভিযান চলোৱা বুলি কয়৷ আৰক্ষী অধীক্ষক গৰাকীয়ে চৰকাৰী ভূমিত চলা এই বেদখল উচ্ছেদ হ’ব বুলি লগতে উল্লেখ কৰি এই ক্ষেত্ৰত স্থানীয় ৰাইজৰ সহায়-সহযোগিতা লাভ কৰাৰ কথা উল্লেখ কৰে৷ অসম আৰক্ষীৰ মধ্য মণ্ডলৰ উপ-মহাপৰিদৰ্শক সত্যৰাজ হাজৰিকাই উচ্ছেদৰ সময়ত কোনো বাধাৰ সন্মুখীন হোৱা নাই বুলি উল্লেখ কৰি বহুতে নিজে নিজে আঁতৰি যোৱা বুলি কয়৷ উল্লেখযোগ্য যে, বৰদোৱাত চলা এই বেদখলে ঐতিহাসিক শ্ৰীশ্ৰী বটদ্ৰৱা থানৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই অনাৰ লগতে এই বেদখল সন্দৰ্ভত ২০১৪ চনত ‘মুছলিম জইণ্ট একচন কমিটী’ নামৰ এটা অখ্যাত সংগঠনে সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামীক ভাবুকি প্ৰদান কৰাৰ উপৰিও ২০১২ চনত বটদ্ৰৱা প্ৰকল্পস্থলীত একাংশই মছজিদ বনোৱাৰ দুঃসাহস কৰিছিল যদিও সেই ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাত পৰৱৰ্তী সময়ত মছজিদ নিৰ্মাণ সম্ভৱ নহ’ল৷ তদুপৰি এই বেদখলকৃত ভূমিত একাংশই বিভিন্ন অসামাজিক কাৰ্যকলাপ আৰু ড্ৰাগছৰ বেহা চলাই থকাৰো গুৰুতৰ অভিযোগ উত্থাপিত হৈছিল৷

শিৱসাগৰ ৰে’ল আস্থানৰ ভূমিত উচ্ছেদ

শিৱসাগৰ নগৰৰ মাজমজিয়াৰ ষ্টেচন চাৰিআলিত থকা শিৱসাগৰ নগৰ ৰে’ল ষ্টেচনৰ ভূমিত অবৈধভাৱে দখল কৰি থকা দুটা পৰিয়ালক আজি ৰে’ল বিভাগে জিলা প্ৰশাসনৰ সহযোগত উচ্ছেদ কৰে৷ ৰে’ল বিভাগৰ শীৰ্ষ বিষয়া, ৰে’ল আৰক্ষী আৰু শিৱসাগৰ জিলা প্ৰশাসনৰ ৰাজহ চক্ৰ বিষয়া তথা কাৰ্যবাহী দণ্ডাধীশ ড॰ জীৱন কৃষ্ণ গোস্বামীৰ উপস্থিতিত বৃহৎ আৰক্ষী বাহিনীৰ সহায়ত জেচিবিৰ দ্বাৰা চলোৱা হয় উচ্ছেদ৷ উচ্ছেদৰ ফলত সুদীৰ্ঘকাল ৰে’লৱেৰ এই সংৰক্ষিত ভূমিত বাসগৃহ নিৰ্মাণ কৰি পৰিয়ালসহ বাস কৰা দুটা পৰিয়াল আজি মাত্ৰ কেইটামান মুহূৰ্তৰ ভিতৰতেই হৈ পৰিল গৃহহাৰা৷ উল্লেখ্য যে, ৰে’ল বিভাগৰ তৰফৰ পৰা বাৰম্বাৰ উক্ত পৰিয়ালকেইটাক জাননী প্ৰদান কৰাৰ পাছতো বেদখলকাৰী হিচাপে চিহ্নিত  পৰিয়াল দুটাই ভূমি এৰি নিদিয়াত বল প্ৰয়োগ কৰি ৰে’লৱেৰ সংৰক্ষিত ভূমিৰ পৰা উচ্ছেদ কৰে৷ উল্লেখযোগ্য যে শিৱসাগৰ নগৰ ৰে’ল ষ্টেচনৰ আন্তঃগাঁথনিৰ উন্নয়ন আৰু ষ্টেচনকে ধৰি প্লেটফৰ্মৰ সম্প্ৰসাৰণ কৰাৰ বাবে বিভাগটোৱে এই উচ্ছেদ অভিযান আৰম্ভ কৰিছে৷ আজি অভিযান চলাই বিভাগটোৱে অবৈধভাৱে ৰে’লৰ মাটিত গৃহ নিৰ্মাণ কৰা হাছী দেৱী আৰু ৰ’জ আলী নামৰ ব্যক্তি দুগৰাকীৰ ঘৰ দুটা উচ্ছেদ কৰে৷ জিলা প্ৰশাসন আৰু ৰে’ল বিভাগে এই উচ্ছেদ অভিযান ৰে’ল বিভাগৰ ভূমি বেদখলমুক্ত নকৰা পৰ্যন্ত চলি থাকিব বুলি প্ৰকাশ কৰিছে৷ আনহাতে উচ্ছেদ কৰা ভূমিহীন পৰিয়ালসমূহৰ পুনৰ সংস্থাপনৰ বাবে শিৱসাগৰ জিলা প্ৰশাসনে বিকল্প ব্যৱস্থা কৰিছে৷ এই সন্দৰ্ভত উচ্ছেদস্থলীত উপস্থিত থকা কাৰ্যবাহী দণ্ডাধীশ ড॰ জীৱন কৃষ্ণ গোস্বামীয়ে উচ্ছেদিত পৰিয়ালসমূহৰ বাবে আন স্থানত সংস্থাপিত কৰাৰ বাবে পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে বুলি জনাইছে৷