Logo
image

উমানন্দত বাঘৰ আতংক : বন্ধ কৰি দিয়া হৈছে ফেৰী সেৱা

ডিজিটেল ডেস্ক : গুৱাহাটীৰ উমানন্দ নদীদ্বীপত বাঘৰ আতংক। এটা প্ৰকাণ্ড পূৰ্ণবয়স্ক ঢেঁকীয়াপটীয়া বাঘে ব্ৰহ্মপুত্ৰ সাঁতুৰি আহি মন্দিৰৰ চৌহদত প্ৰৱেশ কৰে। ঢেঁকীয়াপটীয়া বাঘটো ব্ৰহ্মপুত্ৰত সাঁতুৰি থকা প্ৰত্যক্ষ কৰিছিল একাংশ লোকে। 

ইয়াৰ পিছতে বাঘটোৱে নদীৰ পৰা উঠি উমানন্দ পাহাৰত অৱস্থান কৰে। বাঘটো বৰ্তমান মন্দিৰৰ গুহাত সোমাই থকাৰ সন্দেহ কৰা হৈছে। যাৰ বাবে উমানন্দ দৰ্শনৰ বাবে যোৱা লোকসকলক সতৰ্ক কৰি দিয়াৰ লগতে তাত থকা দোকান-পোহাৰ বন্ধ কৰি দিয়া হৈছে।

একেদৰে উমানন্দলৈ নতুনকৈ দৰ্শনাৰ্থী যোৱাৰ ক্ষেত্ৰতো বাধা প্ৰদান কৰা হৈছে। বন্ধ কৰি দিয়া হৈছে ফেৰী সেৱা। উমানন্দত বাঘৰ অৱস্থানৰ খবৰ পোৱাৰ লগে লগে বন বিভাগৰ লোক গৈ তাত উপস্থিত হৈ বাঘটোক টেংকুলাইজ কৰাৰ বাবে ব্যৱস্থা আৰম্ভ কৰিছে।