Logo
image

কংগ্ৰেছৰ বিধায়কসকল নিমাতী কন্যা : উচ্ছেদৰ বিৰোধিতাৰে সদনৰ বাহিৰত প্ৰতিবাদ শ্বেৰমানৰ

ডিজিটেল ডেস্ক : বটদ্ৰৱাৰ প্ৰায় ৯০০ বিঘা ভূমি বেদখল কৰাৰ উদ্দেশ্যেৰে প্ৰশাসনে উচ্ছেদ অভিযান অব্যাহত ৰাখিছে৷ উচ্ছেদ অভিযানক লৈ শাসক-বিৰোধীৰ মাজত তীব্ৰ বাক-বিতণ্ডা দেখিবলৈ পোৱা গৈছে৷ চৰকাৰে ভূমিহীন লোকক ভূমিৰ পট্টা দিয়াৰ পৰিৱৰ্তে ভূমি কাঢ়ি লৈছে বুলিহে চৰকাৰক সমালোচনা কৰিছে বিৰোধীয়ে৷

আনহাতে আজিৰে পৰা আৰম্ভ হৈছে বিধানসভাৰ  শীতকালীন অধিৱেশন৷ বিধানসভা অধিৱেশনৰ প্ৰথম দিনটোতে উচ্ছেদ অভিযানৰ বিৰোধিতাৰে সদনৰ বাহিৰত প্ৰতিবাদ বিধায়ক শ্বেৰমান আলীৰ৷ হাতত প্লে-কাৰ্ড লৈ উচ্ছেদ অভিযানৰ বিৰোধিতা শ্বেৰমান আলীৰ৷ সকলো ভূমিহীন নাগৰিকক ভূমি প্ৰদান কৰিবলৈ দাবী শ্বেৰমান আলীৰ৷

শ্বেৰমান আলীয়ে কয় যে উচ্ছেদ কৰাৰ পূৰ্বে ভূমিহীন লোকসকলক চৰকাৰে সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিব লাগিব৷ বটদ্ৰৱাৰ যি স্থানত চৰকাৰে উচ্ছেদ চলাইছে সেয়া সত্ৰৰ ভূমি নহয়, চৰকাৰী ভূমিহে৷ আনহাতে উচ্ছেদ অভিযানক লৈ কংগ্ৰেছে বিৰোধিতা নকৰাক লৈ বিধায়কগৰাকীয়ে কয় যে কংগ্ৰেছ দলে ধৰ্মনিৰপেক্ষতাৰ গান গায়৷ কিন্তু যি সময়ত সেই লোকসকলক মৌলিক অধিকাৰৰ পৰা বঞ্চিত কৰিছে, চৰকাৰে আগতীয়া ব্যৱস্থা নোলোৱাকৈ উচ্ছেদ চলাইছে, সেই সময়ত কংগ্ৰেছৰ বিধায়কসকল নিমাতী কন্যা হৈ বহি আছে৷