Logo
image

ক'ভিডৰ কালৰূপ : বৃদ্ধি পাইছে নেমুৰ চাহিদা

ডিজিটেল ডেস্ক : চীনত আকৌ বৃদ্ধি পাইছে ক'ভিডৰ সংক্ৰমণ৷ ক'ভিড সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবে চীন চৰকাৰে সমগ্ৰ দেশতে শূন্য ক'ভিড নীতি বলৱৎ কৰিছিল৷ দুবছৰৰো অধিক সময় ধৰি ক'ভিডৰ সৈতে যুঁজি আছে চীনে৷ টিকাকৰণৰ লগতে কঠোৰ নিষেধাজ্ঞাৰ পাছতো চীনত আকৌ ভয়াৱহ ৰূপ লৈছে ক'ভিডে৷ সংক্ৰমণ ভয়াৱহভাৱে বৃদ্ধি পোৱাৰ মাজতে চীনত বৃদ্ধি পাইছে নেমুৰ চাহিদা৷ চীনৰ জনতাই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ নেমু ব্যৱহাৰ কৰিছে৷ যাৰ বাবে এতিয়া দেশখনত নেমুৰ চাহিদা বৃদ্ধি পাইছে৷

ব্লুমবাৰ্গৰ এক প্ৰতিবদেন অনুসৰি ছিচুয়ানৰ দক্ষিণ-পশ্চিম প্ৰদেশ এনুত নেমুৰ ব্যৱসায়ী বেনে প্ৰায় ৫৩ হেক্টৰ মাটিত নেমু খেতি কৰে৷ দেশখনত উৎপাদন হোৱা নেমুৰ প্ৰায় ৭০ শতাংশ ইয়াৰ পৰাই উৎপাদন হয়। প্ৰতিবেদনত কোৱা হৈছে যে যোৱা সপ্তাহত তেওঁলোকৰ বিক্ৰী প্ৰতিদিনে ৫ বা ৬ টনৰ পৰা ২০ ৰ পৰা ৩০ টনলৈ বৃদ্ধি পাইছে।

বেনে কয় যে নেমুৰ চাহিদা বেইজিং আৰু ছাংহাইৰ দৰে চহৰত বৃদ্ধি পাইছে। জনতাই ক'ভিড মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ, তেওঁলোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ নেমুক ভিটামিন-চি হিচাপে ব্যৱহাৰ কৰিছে। অৱশ্যে, চিকিৎসা বিজ্ঞানত ভিটামিন চি-এ ক'ভিডৰ চিকিৎসা বা ক'ভিড প্ৰতিৰোধ কৰিব পাৰে বুলি প্ৰমাণ নাই।

আন এজন নেমুৰ ব্যৱসায়ী লিউ য়ানজিঙে কয় যে যোৱা চাৰি বা পাঁচ দিনত নেমুৰ দাম দুগুণ বৃদ্ধি পাইছে। তেওঁ কয় যে তেওঁ সমগ্ৰ দেশৰ পৰা অহা অৰ্ডাৰ ৰক্ষা কৰিবলৈ দিনে ১৪ ঘণ্টাকৈ কাম কৰিবলগা হৈছে৷ 

উল্লেখ্য যে চীনত নতুন বৰ্ষৰ লগে লগে ক'ভিডে ভয়াৱহ ৰূপ ধাৰণ কৰিব বুলি অনুমান কৰা হৈছে৷ অনুমান কৰা হৈছে যে ১ এপ্ৰিল পৰ্যন্ত চীনত ক'ভিড-১৯ৰ ভয়াৱহ সংক্ৰমণ হ'ব আৰু প্ৰায় ৩,২২,০০০ লোকৰ মৃত্যু হ'ব৷ চীনত শেহতীয়াকৈ ক'ভিড সংক্ৰমণ ৰোধৰ বাবে শূন্য ক'ভিড নীতি জাৰি কৰিছিল চৰকাৰে৷ পাছত জনতাৰ তীব্ৰ প্ৰতিবাদত সেও মানি চীন চৰকাৰে প্ৰত্যাহাৰ কৰে ক'ভিডক লৈ জাৰি কৰা কঠোৰ নিৰ্দেশনা৷ যাৰ বাবে অনুমান কৰা হৈছে যে চীনত পুনৰ এপ্ৰিল পৰ্যন্ত কালৰূপ ধাৰণ কৰিব অতিমাৰী ক'ভিডে৷