Logo
image

চীন-আমেৰিকাত ক'ভিডৰ সংক্ৰমণ বৃদ্ধি : ৰাজ্য চৰকাৰলৈ কেন্দ্ৰৰ সতৰ্কবাণী

ডিজিটেল ডেস্ক : চীন আৰু আমেৰিকাসহ বিশ্বৰ বহুকেইখন দেশত পুনত বৃদ্ধি পাইছে ক'ভিডৰ সংক্ৰমণ৷ বিশ্বৰ বহুকেইখন দেশত ক'ভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবে ৰাজ্য চৰকাৰসমূহলৈ সতৰ্কবাণী কেন্দ্ৰীয় চৰকাৰৰ৷ কেন্দ্ৰীয় চৰকাৰে সকলো ৰাজ্যলৈ লিখা পত্ৰত ক'ভিডৰ নতুন ঘটনাৰ জিনম ছিকুৱেন্সিং কৰিবলৈ কোৱা হৈছে৷ স্বাস্থ্য সচিব ৰাজেশ ভূষণে NCDC আৰু  ICMRলৈ এখন পত্ৰ লিখিছে। পত্ৰখনত কোৱা হৈছে যে সকলো ৰাজ্যই জিনম ছিকুৱেন্সিঙৰ ওপৰত গুৰুত্ব দিব লাগিব।

বৰ্তমান দেশত ক'ভিডৰ ভয়াৱহতাৰ লগতে ক'ভিডত আক্ৰান্ত হৈ মৃত্যুৰ সংখ্য়াও হ্ৰাস পাইছে৷ শেহতীয়াকৈ সমগ্ৰ বিশ্বতে ক'ভিডে পুনৰ কালৰূপ ধাৰণ কৰাৰ বাবে চৰকাৰে এই ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰিছে৷ স্বাস্থ্য সচিব ৰাজেশ ভূষণৰ হৈ  NCDC আৰু  ICMRলৈ লিখা পত্ৰত পত্ৰত কোৱা হৈছে যে যদি ক'ভিডৰ নতুন প্ৰকাৰ সময়মতে চিনাক্ত কৰিব লাগে তেন্তে জিনম ছিকুৱেন্সিং প্ৰয়োজনীয়৷ ৰাজ্যসমূহক জিনম ছিকুৱেন্সিঙৰ বাবে নমুনা প্ৰেৰণ কৰিবলৈও নিৰ্দেশ দিয়া হৈছে।  

শেহতীয়াকৈ আমেৰিকা, ব্ৰাজিল, চীন, কোৰিয়া আৰু জাপানত হঠাৎ ক'ভিডৰ সংক্ৰমণ বৃদ্ধি পাইছে। যাৰ বাবে দেশত ক'ভিড সংক্ৰমণ ৰোধৰ বাবে কেন্দ্ৰই চৰকাৰে সকলো ৰাজ্যক সতৰ্কতা অৱলম্বল কৰিবলৈ নিৰ্দেশ দিছে৷

ভাৰতত ক'ভিড আক্ৰান্তৰ সংখ্য়া বৰ্তমান নিয়ন্ত্ৰণত আছে৷ ভাৰতত এসপ্তাহত ১২০০ লোকৰ দেহত ধৰা পৰিছে ক'ভিড৷ তাৰ পৰিৱৰ্তে সমগ্ৰ বিশ্বত ৩৫ লাখ লোক আক্ৰান্ত হৈছে ক'ভিডত৷ অৰ্থাৎ বিগত কিছু সময়ত সমগ্ৰ বিশ্বত বৃদ্ধি পাইছে ক'ভিডৰ প্ৰকোপ৷