Logo
image

ছানি ধৰিছে ক’ভিডে, চীন শ্মশান হোৱাৰ আশংকা

ডিজিটেল ডেস্ক, ২১ ডিচেম্বৰ: বিশ্বৰ সকলো দেশতে প্ৰায় নিৰ্মূল হোৱাৰ পাছত, মৃত্যুৰ খবৰ অতীত হোৱাৰ পাছত পুনৰ ‘জন্মস্থান’ চীন ক’ভিড অতিমাৰীৰ কৰাল গ্ৰাসত পৰিছে৷ কেৱল সংক্ৰমণেই নহয়, ক’ভিডৰ গ্ৰাসত চীনৰ প্ৰধান প্ৰধান চহৰত হাজাৰ হাজাৰ ক’ভিড আক্ৰান্তৰ মৃত্যু হৈছে৷ চিকিৎসালয়ত মৃতদেহৰ দ’ম বান্ধিছে আৰু ক’ভিডৰ সংক্ৰমণ তথা মৃত্যুৰ সংখ্যাই ২০২০ চনৰ সেই ভয়াৱহ দিনৰ কৰুণ আৰু আতংকজনক স্মৃতি সোঁৱৰাই তুলিছে৷ চীনৰ ব্যৱসায়িক ৰাজধানী ছাংহাই, আগশাৰীৰ চহৰ চেংগডু  আৰু বেনঝৌৰ হাস্পতালত মৃতদেহৰ শাৰীৰ ভিডিঅ’ আৰু ফটোৰ সংবাদে বিশ্বজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ কিয়নো, বিশ্বৰ কোনো দেশতে সাম্প্ৰতিক সময়ত যিদৰে ক’ভিডৰ সংক্ৰমণ নাই, যিদৰে ক’ভিড অতিমাৰীৰ আতংক নাই, সেইদৰে ক’ভিডৰ ফলত মৃত্যুৰ সংহাৰো নাই৷ ঘাইকৈ ক’ভিডৰ প্ৰতিষেধক আবিষ্কাাৰ আৰু উন্নত, অনুন্নত, উন্নয়নশীল নিৰ্বিশেষে সকলো দেশতে ক’ভিডৰ টিকাকৰণ প্ৰদানৰ পাছত এই সহস্ৰাব্দৰ অতিমাৰী সমগ্ৰ বিশ্বতে নিৰ্মূলপ্ৰায়৷ কেৱল এতিয়া বিশ্ব স্বাস্থ্য সংস্থাই ক’ভিড নিৰ্মূল হোৱা বুলি ঘোষণা কৰিবলৈহে বাকী৷ 

এনে সময়ত ক’ভিড প্ৰথমে প্ৰাদূৰ্ভাৰ হোৱা আৰু প্ৰথমে নিয়ন্ত্ৰণাধীন হোৱা দেশ চীনত ক’ভিডৰ পুনৰ সংহাৰে দেশখনত প্ৰবল আতংকৰ সৃষ্টি কৰিছ৷ এই আতংকই পুনৰ আন আন দেশকা ভীতিগ্ৰস্ত কৰি তুলিছে৷ কিয়নো প্ৰায় নিৰ্মূল হোৱা ভয়ংকৰ অতিমাৰী ক’ভিডে পুনৰ নতুন ৰূপ লৈ আন আন দেশতো বিয়পি পৰিব বুলি আশংকাৰ সৃষ্টি হৈছে৷ চীনে এই পৰ্যন্ত চৰকাৰীভাৱে দেশখনত ক’ভিডৰ সংক্ৰমণ নিয়ন্ত্ৰণাধীন হোৱা আৰু মৃতদেহে চিকিৎসালয় আৰু শ্মশানত দ’ম বন্ধা বুলি কোনো খবৰ প্ৰকাশ কৰা নাই৷ দেশৰ খবৰ বাহিৰত প্ৰকাশ হ’বলৈ নিদিয়া আৰু যিকোনো খবৰ কঠোৰভাৱে চৰকাৰে নিয়ন্ত্ৰন কৰাৰ দৰে সম্প্ৰতি চীনত ক’ভিড অতিমাৰীয়ে আতংকৰ সৃষ্টি কৰাৰ খবৰো দেশখনে প্ৰকাশ কৰাৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা আৰোপ কৰিছে৷ কিন্তু দেশখনৰ ভিতৰৰ পৰাই ক’ভিড অতিমাৰী সন্দৰ্ভত বিভিন্ন বাতৰি, ভিডিঅ’ এতিয়া বিশ্বজুৰি বিয়পি পৰিছে৷ সেই ভয়াবহ ভিডিঅ’, ফটো, বাতৰি দেখিয়েই দেশখনৰ ক’ভিড পৰিস্থিতি যে ভয়াবহ সেয়া অনুমান কৰা সহজ হৈ পৰিছে৷ চীনৰ চৰকাৰে গ্ৰহণ কৰা ক’ভিড-শূন্য নীতিৰ আধাৰত চৰকাৰে সংক্ৰমণ হোৱা চহৰত কঠোৰৰ পৰা কঠোৰতম লকডাউন অব্যাহত ৰাখৰ সময়ত দেশৰ নাগৰিকে এনে লকডাউনৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ আৰু বিক্ষোভ সাব্যস্ত কৰিলে৷ চৰকাৰৰ কঠোৰ লকডাউন আৰু চহৰে চহৰে লকডাউনৰ বিৰুদ্ধে জনতাৰ তীব্ৰ বিক্ষোভৰ মাজতে দেশখনক পুনৰ ক’ভিডৰ কৰাল গ্ৰাসে আবৰি ধৰাৰ খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ চীনৰ এই শেহতীয়া ক’ভিডৰ ঢৌত চহৰে চহৰে কেইবা হাজাৰোধিক লোকৰ মৃত্যু হোৱা বুলি ধাৰণা কৰা হৈছে৷ এৰিক ফেইগল ডিং নামৰ এজন ইপিডেমিঅ’লজিষ্টে চীনৰ ক’ভিড সংহাৰৰ শেহতীয়া বাতৰিৰ সত্যতা স্বীকাৰ কৰিছে৷ ছ’চিয়েল মিডিয়াত বিয়পি পৰা চীনৰ হাস্পতাল, শ্মশানত পাহাৰ সদৃশ মৃতদেহৰ দ’ম যে ক’ভিডত আক্ৰান্ত হৈ সম্প্ৰতি মৃত্যুবৰণ কৰা লোকৰে ভিডিঅ’ সেয়া তেওঁ সত্য বুলি প্ৰকাশ কৰিছে৷ ইপিডেমিঅ’লজিষ্ট এৰিক ফেইগল ডিঙে টুইটাৰত তেনে একাধিক ভিডিঅ’ আপলোড কৰি লিখিছে–‘চীনৰ কেইবাখনো চহৰৰ হাস্পতাল ক’ভিডত সংক্ৰমিত ৰোগীৰে ভৰি পৰিছে৷ চৰকাৰী কঠোৰ নিষেধাজ্ঞা শিথিল হোৱাৰ পৰাই এনে পৰিস্থিতি সৃষ্টি হৈছে৷ ইপিডেমিঅ’লজিষ্টৰ আশংকা, চীনৰ ৬০ শতাংশ নাগৰিক আৰু অন্যাৰ্থত বিশ্বৰ মুঠ জনসংখ্যাৰ ১০ শতাংশ লোক পৰৱৰ্তী ৯০ দিনত ক’ভিডত আক্ৰান্ত হ’ব৷ মৃত্যু হ’ব লাখ লাখৰ৷ এয়া কেৱল আৰম্ভণিহে৷’ দ্বিতীয়টো টুইটত তেওঁ কয়– ‘চীনৰ শাসনাধিষ্ঠিত কমিউনিষ্ট পাৰ্টীৰ এতিয়া মূল লক্ষ্য হৈছে, যিমান অধিক সংক্ৰমিত হয় হওঁক, যিমান অধিক লোকৰ মৃত্যু হয় হওঁক৷ কিয়নো যিমান দ্ৰুতভাৱে সংক্ৰমিত হ’ব, সিমান দ্ৰুতভাৱে মৃত্যু হ’ব আৰু ততোধিক দ্ৰুতভাৱে সংক্ৰমণ তথা মৃত্যুৱে শীৰ্ষবিন্দু স্পৰ্শ কৰিব৷ তাৰ পাছতেই আপোনা আপোনি সংক্ৰমণ, মৃত্যুৰ সংখ্যা প্ৰকৃতিগতভাৱেই হ্ৰাস পাই আহিব৷ কিয়নো গণ সংক্ৰমণৰ ফলত সকলোৰে দেহত স্ব-প্ৰতিৰোধী ক্ষমতা গঢ়ি উঠিব৷ এই লক্ষ্য সন্মুখত লৈয়েই শাসনাধিষ্ঠিত চিচিপিয়ে সংক্ৰমণ, দ্ৰুত মৃত্যুবণৰ বিৰুদ্ধে কোনো নিৰাময়ৰ ব্যৱস্থা, প্ৰতিবন্ধকতা গ্ৰহণ কৰা নাই৷ বিগত দুবছৰৰ তুলনাত ক’ভিড আক্ৰান্তৰ প্ৰতি দেশখনৰ চৰকাৰৰ নীতি এইবাৰ কঠোৰৰ পৰা কঠোৰতম হৈছে৷ কিয়নো চৰকাৰে শূন্য ক’ভিড নীতিৰ আধাৰত সংক্ৰমণ হোৱা চহৰত কটোৰ নিষেধাজ্ঞা, লকডাউন বলবৎ কৰিলেও দেশখনৰ জনতাই তেনে নিষেধাজ্ঞা উপেক্ষা কৰাই নহয়, তাৰ বিৰুদ্ধে প্ৰৱল প্ৰতিবাদ, বিক্ষোভো কৰিছে৷ সেয়ে চীনৰ চৰকাৰে এইভাৰ যিমান মৰে মৰক নীতি অৱলম্বন কৰিছে৷’

আমেৰিকাৰ ‘ইনষ্টিটিউট অব্‌ হেল্‌থ মেট্ৰিক্স এণ্ড ইভালুৱেশ্বন’ নামৰ সংগঠনটোৱে চীনৰ পৰা প্ৰকাশিত ক’ভিড সংক্ৰমণ তথা তাৰ ফলত হাজাৰ হাজাৰ লোকৰ মৃত্যু হোৱা তথ্য সত্য বুলি প্ৰকাশ কৰিছে৷ দেশখনৰ ছ’চিয়েল মিডিয়াত প্ৰকাশিত সেই সকলো ভিডিঅ’ যে সাম্প্ৰতিক তাকো দাবী কৰিছে সংগঠনটোৱে৷ চৰ্চা হৈছে চীনৰ জনতাৰ ক’ভিডৰ নিষেধাজ্ঞা বিৰোধী প্ৰতিবাদৰ বাবে দেশখনৰ শাসনাধিষ্ঠিত দল চিচিপি আৰু চৰকাৰে এইবাৰ বিপৰীত নীতি লৈছে৷ সেই নীতি হৈছে অধিক সংক্ৰমণ, অধিক মৃত্যু আৰু তাৰ ফলত ক’ভিড প্ৰতিৰোধী ব্যৱস্থাৰ সৃষ্টি৷ এই নীতিৰ জৰিয়তে চৰকাৰে পৰৱৰ্তী ছয়-আঠ মাহমানৰ ভিতৰত ক’ভিডৰ সংক্ৰমণ আৰু মৃত্যুৰ সংহাৰ শেষ কৰি পুনৰ উৎপাদনশীল কামত জনতাক ব্যৱহাৰ কৰিব৷ অৱশ্যে চৰকাৰে তেওঁলোকৰ এই বিপৰীত নীতি ৰাজহুৱাভাৱে ঘোষণা কৰা নাই৷ ‘ইনষ্টিটিউট অব্‌ হেল্‌থ মেট্ৰিক্স এণ্ড ইভালুৱেশ্বন’ নামৰ মাৰ্কিন সংগঠনটোৱে চীনৰ ক’ভিড সংক্ৰমণে গ্ৰাস কৰা বিভিন্ন চহৰৰ ফটো আৰু বাতৰি প্ৰকাশ কৰিছে৷ তেনে ফটো, ভিডিঅ’ত দেখা গৈছে চীনৰ চহৰৰ ৰাজপথত আৰু ৰাজহুৱা স্থানত জনতাৰ দেখাদেখি নাই৷ পৃথিৱীৰ সৰ্বাধিক জনবহুল চহৰখনত সততে দিনে ৰাতিয়ে সহস্ৰাধিক জনতাৰে ভৰি থাকে৷ দাবী কৰা হৈছে ক’ভিডত সংক্ৰমিত হোৱাৰ বাবে আৰু নতুনকৈ সংক্ৰমণৰ ভয়ত দেশৰ জনতাই ঘৰৰ ভিতৰতে সোমাই আছে৷ ইপিনে, চীনৰ চৰকাৰৰ বিপৰীত নীতিৰ বাবে ক’ভিডত সংক্ৰমিত হোৱা চিকিৎসা কৰ্মীক ছুটী দিয়া হোৱা নাই আৰু তেওঁলোকৰ দ্বাৰাই চিকিৎসা ব্যৱস্থা চলাই থকা হৈছে৷ ক’ভিড পজিটিভক এই সময়ত দেশখনৰ চৰকাৰে মুঠেই গুৰুত্ব দিয়া নাই৷ সেয়ে মৃতকৰ সংখ্যা অস্বাভাৱিকভাৱে প্ৰতিদিনে বৃদ্ধি পাইছে৷ চৰকাৰে বাটে-পথে ক্ষুদ্ৰ ক্ষুদ্ৰ ফাৰ্মাচী স্থাপন কৰিলেও আগশাৰীৰ চহৰতো ঔষধৰ অভাৱ ঘটিছে৷ ‘ইনষ্টিটিউট অব্‌ হেল্‌থ মেট্ৰিক্স এণ্ড ইভালুৱেশ্বন’ সংগঠনটোৰ মতে এই ঢৌ ২০২৩ চনৰ মাজভাগলৈকে অব্যাহত থাকিব আৰু সেই পৰ্যন্ত ১.৪ বিলিয়ন জনবসতি থকা দেশখনৰ কেইবালাখো লোক ক’ভিডত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিব৷ এই পৰিস্থিতিত এতিয়া বিশ্বৰ বহু দেশেই আশংকা কৰিছে চীনত সংক্ৰমণৰ সৃষ্টি কৰা নতুন অমিক্ৰন উপপ্ৰজাতিৰ ভাইৰাছ আন আন দেশলৈকো বিয়পি পৰিলে পুনৰ বিশ্বত ক’ভিড মহামাৰীৰ আতংকজনক পৰিস্থিতিৰ সৃষ্টি হ’ব৷