Logo
image

৭৫ বছৰ গৰকিলে আয়ুৰ্বেদিক কলেজে

ডিজিটেল ডেস্ক, ২১ ডিচেম্বৰ: লোকপ্ৰিয় গোপীনাথ বৰদলৈ, ডাঃ জগদীশ চন্দ্ৰ ভট্টাচাৰ্য আৰু ডাঃ ভুৱনেশ্বৰ বৰুৱাকে ধৰি কেবাজনো মহান ব্যক্তিৰ প্ৰচেষ্টাত গুৱাহাটীৰ জালুকবাৰীত ১৯৪৮ চনত স্থাপন হোৱা উত্তৰ পূবৰ আয়ুৰ্বেদিক শিক্ষা আৰু চিকিৎসাৰ প্ৰথমখন প্ৰতিষ্ঠান চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয় আৰু চিকিৎসালয়খনে [জিএচিএইচ] ইতিমধ্যে ৭৪ বছৰীয়া গৌৰবময় যাত্ৰা অতিক্ৰম কৰি ৭৫ বছৰত ভৰি দিছে৷ ইয়াৰ অংশ হিচাপে মঙলবাৰৰ দুদিনীয়া কাৰ্যসূচীৰে জি এ চি এইছ চৌহদত  আৰম্ভ হৈছে মহাৰজত জয়ন্তী৷ পুৱা জ্ঝ বজাত মহাবিদ্যালয় চৌহদত সমূহীয়াভাবে ৭৫খন পতাকা উত্তোলনৰে মহাৰজত জয়ন্তীৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়৷ ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰৰ ৭৫জন বৰেণ্য ব্যক্তিয়ে একেলগে পতাকা উত্তোলন কৰে৷ ইয়াৰ ভিতৰত আছে পদ্মশ্ৰী ডাঃ ইলিয়াছ আলী,  ‘আমাৰ অসম’ৰ মুখ্য সম্পাদক তথা বিশিষ্ট গল্পকাৰ মনোজ কুমাৰ গোস্বামীৰ লগতে বিশিষ্ট সাংবাদিক প্ৰণয় বৰদলৈ, জ্যেষ্ঠ সাংবাদিক নিতুমণি শইকীয়াৰ উপৰি ড॰ সূৰ্য হাজৰিকা, বলীন বৰদলৈ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সম্পাদক পলাশ চাংমাই, অসম বিজ্ঞান সমিতিৰ সভাপতি অধ্যাপক মোহন চন্দ্ৰ কলিতা, নয়নমণি শইকীয়া আৰু বিশিষ্ট আইনজীৱী নেকিবুৰ জামান আদি৷ তাৰ পাছত মহাবিদ্যালয়ৰ সভাগৃহত এক ‘বাৰ্তালাপ’ শীৰ্ষক এক অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত হয়৷ মহাৰজত জয়ন্তী উদযাপন সমিতিৰ প্ৰচাৰ সম্পাদক ড॰ প্ৰদ্যুম্ন গোস্বামীয়ে আঁত ধৰা অনুষ্ঠানত পতাকা উত্তোলন কৰা আটাইকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে ভাগ লয়৷ আলাপত উত্তৰ পূবৰ প্ৰথমখন আয়ুৰ্বেদিক শিক্ষা আৰু চিকিৎসা প্ৰতিষ্ঠান হিচাপে পৰিগণিত হৈ অহা চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয় চিকিৎসালয়খন সন্দৰ্ভত বিশিষ্ট ব্যক্তি সকলৰ কি ধাৰণা সেই সন্দৰ্ভত মত বিনিময় কৰা হয়৷ আনহাতে দুপৰীয়া মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত মহাৰজত জয়ন্তীৰ লগত সংগতি ৰাখি এখন মুকলি সভা অনুষ্ঠিত হয়৷  মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ প্ৰণৱজ্যোতি বৈশ্যৰ সভাপতিত্বত অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে ভাগ লৈ অসম চৰকাৰৰ শিক্ষা উপদেষ্টা, অধ্যাপক ড॰ ননী গোপাল মহন্তই আয়ুৰ্বেদিক শিক্ষাৰ প্ৰসাৰ আৰু প্ৰচাৰত গুৰুত্ব আৰোপ কৰি ‘নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০’ৰ ওপৰত আলোকপাত কৰে আৰু আয়ুৰ্বেদিক শিক্ষাৰ ক্ষেত্ৰখনত নতুন শিক্ষানীতিৰ প্ৰয়োগৰ ওপৰত চমুকৈ ব্যাখ্যা কৰে৷ সভাত সন্মানীয় অতিথি হিচাপে ভাগ লৈ বিশিষ্ট সাহিত্যিক, গায়ক ডাঃ অঞ্জনজ্যোতি চৌধুৰীয়ে আয়ুৰ্বেদিক চিকিৎসাৰ ওপৰত আলোকপাত কৰি স্বভাৱসিদ্ধ ভংগিমাৰে সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকাৰ দুটা কালজয়ী গীত পৰিৱেশন কৰে৷ সভাত বিশিষ্ট অতিথি হিচাপে ভাগ লৈ আই আই টি, গুৱাহাটীৰ জ্যেষ্ঠ বিজ্ঞানী তথা গীতি সাহিত্যিক ড॰ অৰুপ কুমাৰ শৰ্মা মহাৰজত জয়ন্তী উপলক্ষে ৰচনা কৰা গীতটো উন্মোচন কৰে৷ আনহাতে ২১ ডিচেম্বৰ দ্বিতীয় তথা শেহৰ দিনা মহাৰজত জয়ন্তীৰ লগত সংগতি ৰাখি পুৱা ৬ বজাত ঐতিহাসিক লতাশিল খেলপথাৰৰ পৰা মহাবিদ্যালয় চৌহদলৈ এটা কাৰ আৰু বাইক ৰেলী উলিওৱা হ’ব৷ ৰেলীটো উদ্বোধন কৰিব মহাৰজত জয়ন্তী উদযাপন সমিতিৰ মুখ্য সম্পাদক অধ্যাপক ড॰ বিমল ডেকাই৷ সন্ধিয়া ৬ বজাৰ পৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব৷ অনুষ্ঠানত জনপ্ৰিয় শিল্পী বাবু বৰুৱাকে ধৰি কেবাজনো ন-পুৰণি শিল্পীয়ে সংগীত পৰিৱেশন কৰিব৷