Logo
image

দুবছৰত ৩৬ হাজাৰ কোটি টকা ঋণ ৰাজ্যৰ

ডিজিটেল ডেস্ক, ২১ ডিচেম্বৰ:  ‘ৰাজ্য চৰকাৰে দুবছৰত ঋণ লৈছে ৩৬,৪০৫ কোটি টকাৰ৷ ২০২০-২১ বৰ্ষত ৰাজ্য চৰকাৰে লোৱা ঋণৰ পৰিমাণ হৈছে ১৯,২৫৬.৫৯ কোটি টকা আৰু ২০২১-২২ বৰ্ষত লোৱা ঋণৰ পৰিমাণ হৈছে ১৭,১৪৮.৪১ কোটি টকা৷’–মঙলবাৰে সদনত বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিলে এই তথ্য৷ এ আই ইউ ডি এফৰ জ্যেষ্ঠ বিধায়ক আমিনুল ইছলামৰ এক তৰাযুক্ত প্ৰশ্নৰ উত্তৰত বিত্তমন্ত্ৰী অজন্তা নেওগে সদনত  দাঙি ধৰা তথ্য অনুসৰি অসমে মুঠ ঘৰুৱা উৎপাদনৰ ৩২ শতাংশ ঋণ গ্ৰহণ কৰিব পাৰে৷ ২০২১-২২ বৰ্ষত ৰাজ্যত ঘৰুৱা উৎপাদন আৰু ঋণৰ অনুপাত হৈছে ২১.৮৩ শতাংশ৷ ইয়াৰ বিপৰীতে দেশৰ আন কেতবোৰ ৰাজ্য যেনে– কেৰেলাই ২১.৮৩ শতাংশ, অন্ধপ্ৰদেশে ২৫.৫৪ শতাংশ, বিহাৰে ৩০.২০ শতাংশ, তামিলনাডুৱে ২৪.৬৬ শতাংশ, পশ্চিমবংগই ৩০.২২ শতাংশ আৰু পঞ্জাৱে ৪৪.২৪ শতাংশ ঋণ লৈছে৷ ৰাজ্যৰ মূলধনী ব্যয় ২০১৫-১৬ চনৰ ২৯৫১ কোটি টকাৰ পৰা ২০২১-২২ বৰ্ষত ২০২২৯.৮৪ কোটি টকালৈ বৃদ্ধি কৰা সম্ভৱ হৈছে৷ ২০২০-২১ বৰ্ষত ৰাজ্য চৰকাৰে লোৱা ঋণৰ পৰিমাণ হৈছে ১৯,২৫৬.৫৯ কোটি টকা আৰু ২০২১-২২ বৰ্ষত লোৱা ঋণৰ পৰিমাণ হৈছে ১৭,১৪৮.৪১ কোটি টকা৷ অৰ্থাৎ পূৰ্বৰ সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালৰ শেষৰ পৰা অসমে লোৱা মুঠ ঋণৰ পৰিমাণ হৈছে ৩৬,৪০৫ কোটি টকা৷ মন্ত্ৰী অজন্তা নেওগে সদনত সদৰি কৰা তথ্য এই ঋণৰ বাবদ চৰকাৰে ২০২০-২১ বৰ্ষত ৫,১৯৯.১৭ কোটি আৰু ২০২১-২২ বৰ্ষত ৬,০৫১.৪৮ কোটি টকা সুদ পৰিশোধ কৰিছে৷ মহাগাণনিকৰ কাৰ্যালয়ৰ পৰা প্ৰাপ্ত তথ্য মতে ২০২২ ৰ ৩১ মাৰ্চৰ পৰা অসমে ঋণৰ সুদৰ বাবদ বছৰি দিবলগীয়া হৈছে ৯৪৭১১.৯৯ কোটি টকা৷’ ইফালে মঙলবাৰে বিধানসভাৰ বাহিৰত শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে চৰকাৰে লোৱা ঋণৰ সন্দৰ্ভত এনেদৰে কয়–‘ড॰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে ডেৰ বছৰতে ২৭,১৬৬ কোটি টকাৰ ধাৰ লৈছে৷ পহিলা এপ্ৰিল ২০২১ চনৰ পৰা ৩১ মাৰ্চ ২০২২ লৈকে ধাৰ ল’লে ১৬,৯৫৬ কোটি টকা৷ ইয়াৰ পাছত পুনৰ ধাৰ ল’লে ১০,২০০ কোটি টকা৷ এনেদৰে চলি থাকে ৩১ মাৰ্চ পৰ্যন্ত হিমন্ত চৰকাৰৰ ধাৰ হ’বগৈ ২০ হাজাৰ কোটি টকা৷’ হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনেই হ’ল অসমৰ ইতিহাসৰ সৰ্ববৃহৎ ধাৰ লোৱা চৰকাৰ৷ ধাৰত চলি আছে চৰকাৰ৷ ধাৰ লোৱাৰ পাছতো চৰকাৰে কোনো উন্নয়নমূলক কাম কৰিব পৰা নাই৷ দ্বিতীয় বছৰৰ বিধায়ক পুজি যোৱা ৯ মাহে চৰকাৰে মুকলি কৰি দিব পৰা নাই৷ বিধায়কসকলক বছৰত ৰ কোটি টকা দিবলৈও চৰকাৰখনৰ সামৰ্থ নাই৷ বেমাৰী, দুখীয়া ছাত্ৰক দিয়াৰ বাবে গ্ৰহণ কৰা সুহৃদ আঁচনিৰ ৫০ লাখ টকাৰ ধনো চৰকাৰে বিধায়কসকলক মুকলি কৰি দিয়া নাই৷ মুখ্যমন্ত্ৰীয়ে কৈছিল মাইক্ৰফাইনেন্সৰ ঋণ ৰেহাই দিব৷ কিন্তু বহু মহিলালৈ বন্ধন বেংকে ঋণৰ টকা বিচাৰি জাননী জাৰি কৰিছে৷’ ইফালে অখিল গগৈৰ এক তৰাবিহীন প্ৰশ্নৰ লিখিত উত্তৰ দি ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগে সদনত দাখিল কৰা তথ্য অনুসৰি–‘ৰ এপ্ৰিল ২০২১ লৈকে অসমৰ মুঠ ধাৰ আছিল ৮২৭৪১.০৭ কোটি টকা৷ পৰৱৰ্তী ২০২১-২২ বৰ্ষত অসম চৰকাৰে বিভিন্ন উৎস যেনে– বজাৰ ঋণ, নাবাৰ্ড ঋণ কেন্দ্ৰীয় ঋণ, মূলধন বিশেষ সাহায্য আঁচনিৰ ঋণ, ৰাজ্যিক ভৱিষ্যত নিধিৰ ঋণ আদিৰ পৰা সৰ্বমুঠ ১৭১৪৮.৪১ কোটি টকাৰ ঋণ গ্ৰহণ কৰে৷ অসম চৰকাৰে লোৱা ঋণসমূহৰ বাবে বছৰি দিব লগা সুদৰ পৰিমাণ একে নহয়৷ অসম চৰকাৰে বিভিন্ন উমৰ পৰা লোৱা ঋণৰ পৰিমাণ, সুদৰ হাৰ আৰু ঋণৰ চৰ্তাৱলীৰ ওপৰত ভিত্তি কৰি বছৰি পৰিশোধ কৰিবলগীয়া সুদৰ পৰিমাণ নিৰ্ভৰ কৰে৷

সীমান্তৰ অশান্তিক লৈ সৰৱ কংগ্ৰেছ

বৰাক উপত্যকাৰ অসমৰ ভূমিৰ ওপৰত চুবুৰীয়া ৰাজ্য মিজোৰামে চলোৱা বেদখলৰ বিৰুদ্ধে মঙলবাৰে সদনত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে প্ৰধান বিৰোধী দল কংগ্ৰেছে৷ উল্লেখ্য, মঙলবাৰে পুৱা ৯.৩০ বজাৰ পৰা আৰম্ভ হয় অসম বিধানসভাৰ শীতকালীন অধিৱেশন৷ অধিৱেশনৰ প্ৰথম দিনাৰ প্ৰশ্নোত্তৰ কাল শেষ হোৱাৰ পাছতে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ৰুলিং দি এআইউডিএফ দলে উত্থাপন কৰা সভা স্থগিত প্ৰস্তাৱ নাকচ কৰে৷ বৰদোৱাৰ বেদখলক লৈ উত্থাপন কৰা সভাস্থগিত প্ৰস্তাৱ নাকচ কৰাৰ পাছতে এআইইউডিএফৰ বিধায়কসকলে অধ্যক্ষৰ এই সিদ্ধান্তৰ বিৰুদ্ধে সদনৰ মজিয়াত উত্তাল প্ৰতিবাদ কৰি সদন ত্যাগ কৰে৷ ইয়াৰ পাছতে কংগ্ৰেছ দলে অসম-মিজোৰাম সীমান্তত সংঘটিত বেদখলৰ ঘটনাক লৈ সভাস্থগিত প্ৰস্তাৱ উত্থাপন কৰে৷ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কংগ্ৰেছৰ এই প্ৰস্তাৱো নাকচ কৰি বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰিবলৈ চৰকাৰী পক্ষক নিৰ্দেশ দিয়ে৷ সীমান্ত উন্নয়ন বিভাগৰ কৰ্তন প্ৰস্তাৱ বা অন্য শিতানত বিষয়টো আলোচনা কৰিবলৈ কংগ্ৰেছ দলক আহ্বান জনায় অধ্যক্ষ দৈমাৰীয়ে৷ কিন্তু অধ্যক্ষৰ এই সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ জনাই বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয়– মিজোৰামে অসমৰ চৰকাৰী স্কুল দখল কৰিছে৷ মিজোৰামৰ বেদখল নতুন কথা নহয়৷ ইয়াৰ পূৰ্বেও এই বিষয়ত চৰকাৰী পক্ষ পৰা বহুবাৰ আশ্বাস দিয়া হৈছিল৷ চুবুৰীয়া ৰাজ্যৰ বেদখলৰ ফলত দিনে দিনে আমাৰ ভূমি কমি আহিছে৷ এটা সময়ত অসমৰ নাগৰিকে চুবুৰীয়া ৰাজ্যৰ ভোটাধিকাৰ ল’ব লাগিব৷ ধলাই সমষ্টিত মিজোৰামৰ আগ্ৰাসন অব্যাহত আছে৷ আমাৰ ভূমি আমাৰ ওচৰত থাকিব লাগিব৷ চৰকাৰী ভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদ কৰিছে ভাল কথা৷ কিন্তু যিসকল ভূমিহীন লোকক চৰকাৰে উচ্ছেদ কৰি আছে তেওঁলোকক চৰকাৰে ভূমি দিব লাগিব৷ নহ’লে তেওঁলোক ক’ত যাব৷ কিন্তু চুবুৰীয়া ৰাজ্যই যদি এনেদৰে অসমৰ মাটি বেদখল কৰি থাকে তেন্তে এইসকল উচ্ছেদিত লোকক ক’ত সংস্থাপিত কৰিব৷ কিন্তু অধ্যক্ষই কংগ্ৰেছৰ প্ৰস্তাৱ নাকচ কৰাত কংগ্ৰেছৰ বিধায়কসকলে ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰে আৰু হাতে হাতে প্লেকাৰ্ড লৈ অধ্যক্ষৰ সন্মুখত আহি শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে৷ কংগ্ৰেছৰ এই প্ৰতিবাদত বিধায়ক অখিল গগৈ আৰু চি পি আই [এম]ৰ বিধায়ক মনোৰঞ্জন তালুকদাৰেও সহযোগ কৰে৷ কংগ্ৰেছৰ প্ৰতিবাদত সদনৰ পৰিস্থিতি উত্তাল হৈ পৰে যদিও অধ্যক্ষই নিজৰ স্থিতিত অটল থকাত কংগ্ৰেছ বিধায়কসকলে অধ্যক্ষৰ এই সিদ্ধান্তৰ বিৰুদ্ধে সদন ত্যাগ কৰে৷