Logo
image

বৰদোৱাত বুলড’জাৰ সদনত প্ৰতিবাদৰ জোৱাৰ

ডিজিটেল ডেস্ক, ২১ ডিচেম্বৰ:   বৰদোৱাত চৰকাৰী ভূমিত হোৱা বেদখল উচ্ছেদৰ বাবে সোমবাৰে ৰাজ্য চৰকাৰে চলোৱা অভিযানৰ প্ৰতিবাদত মঙলবাৰে সদনৰ মজিয়া উত্তাল কৰি তোলে এ আই ইউ ডি এফ দলে৷ উল্লেখ্য, মঙলবাৰৰ পৰা ৫ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে অসম বিধানসভাৰ শীতকালীন অভিৱেশন৷ আজি প্ৰশ্নোত্তৰ কালৰ পাছতে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে নিজৰ এক ৰুলিঙত এআইইউডিএফ দলে বটদ্ৰৱাত চলা উচ্ছেদৰ ওপৰত উত্থাপন কৰা সভা স্থগিত প্ৰস্তাৱ নাকচ কৰা বুলি ঘোষণা কৰে৷ অধ্যক্ষৰ এই সিদ্ধান্তৰ পাছতে প্ৰতিবাদমুখৰ হৈ পৰে বিৰোধী দলটোৰ বিধায়কসকল৷ এআইইউডিএফৰ ধিঙৰ বিধায়ক আমিনুল ইছলামে অধ্যক্ষৰ এই সিদ্ধান্তৰ প্ৰতিবাদ কৰি কয়– বসুন্ধৰা ০.২ত মুখ্যমন্ত্ৰীয়ে একচনীয়া আৰু চৰকাৰী ভূমিত বসবাস কৰি থকাসকলৰ পৰা আবেদন বিচৰা বুলি ঘোষণা কৰিছে৷ কিন্তু ইয়াৰ পাছতো বৰদোৱাত উচ্ছেদ চলোৱা হ’ল৷ মুখ্যমন্ত্ৰীৰ ঘোষণা মতে বৰদোৱাৰ উচ্ছেদিত লোকসকলকো বসুন্ধৰা ০.২ত আবেদনৰ সুযোগ দিব লাগিছিলে৷ তেওঁলোকৰ আবেদন যোগ্য বিবেচিত নহ’লে তেতিয়া উচ্ছেদ চলাব লাগিছিলে৷ চৰকাৰে এইক্ষেত্ৰত সম্পূৰ্ণৰূপে দুমুখীয়া স্থিতি লৈছে৷ কিন্তু অধ্যক্ষই নিজৰ সিদ্ধান্তত অটল থকাত এআইউডিএফৰ বিধায়কসকলে হাতে হাতে প্লেকাৰ্ড লৈ অধ্যক্ষৰ আসনৰ সন্মুখত সমবেত হৈ উচ্ছেদ বন্ধ কৰাৰ দাবীত শ্লোগান দিবলৈ আৰম্ভ কৰে৷ ইয়াৰ পাছতে বিজেপিৰ একাংশ বিধায়কো অধ্যক্ষৰ আসনৰ সন্মুখলৈ গৈ এআইইউডিএফৰ বিৰুদ্ধে শ্লোগান দিবলৈ আৰম্ভ কৰে৷ দুয়োটা দলৰ শ্লোগানৰ ফলত কিছুসময়ৰ বাবে উত্তাল হৈ পৰে সদনৰ পৰিৱেশ৷ ইয়াৰ মাজতে বিধানসভাৰ অধ্যক্ষ দৈমাৰী আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীয়ূষ হাজৰিকাই ৰাজহ বিভাগৰ কৰ্তন প্ৰস্তাৱৰ সময়ত বা অন্য ডিভাইছত বিষয়টো উত্থাপন কৰিব পাৰিব বুলি ঘোষণা কৰে৷ কিন্তু এআইইউডিএফৰ বিধায়কসকলে সভা স্থগিত প্ৰস্তাৱৰ দাবীত প্ৰতিবাদ অব্যাহত ৰাখে৷ অধ্যক্ষই বাৰম্বাৰ তেওঁলোকৰ প্ৰস্তাৱ নাকচ কৰাত এআইউডিএফৰ প্ৰতিবাদী বিধায়কসকলে সদন ত্যাগ কৰে৷ ইফালে, বৰদোৱাৰ উচ্ছেদৰ প্ৰতিবাদত তথা চৰৰ লোককো ভূমি পট্টা দিয়াৰ দাবীত সদন ত্যাগ কৰি বিধানসভাৰ বাহিৰত পথত প্লেকাৰ্ড লৈ অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদে৷ ‘সকলো ভূমিহীন নাগৰিকক ভূমিৰ পট্টা দিয়ক’ শীৰ্ষক প্লেকাৰ্ড লৈ প্ৰতিবাদত বহি বিধায়ক শ্বেৰমান আলী আহমেদে অভিযোগ কৰে– ‘কংগ্ৰেছ দলে উচ্ছেদক লৈ নিমাতী কইনা হৈ বহি আছে৷ বসুন্ধৰা ০.২ত যাতে চৰৰ মানুহকো ভূমিৰ পট্টা দিয়া হয়, ইয়াৰ দাবী জনাইছোঁ৷ জীয়াই থকাটো মানুহৰ মৌলিক অধিকাৰ৷ অতি সম্প্ৰতি লক্ষ্য কৰিছোঁ যে চৰকাৰে বাচ-বিচাৰ নকৰাকৈ ভূমিহীন মানুহক উচ্ছেদ কৰাৰ এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছে৷ কোনোবা যদি ভূমি থকা মানুহে অবৈধভাৱে ক’ৰবাত দখল কৰিছে তাত এশ শতাংশ মই চৰকাৰক সহায় কৰিম৷ কিন্তু চৰকাৰে মানৱতাৰ বিৰুদ্ধে কাম কৰিছে৷ চৰকাৰে ভগৱানৰ নামত লোৱা শপত ভংগ কৰিলে নহ’ব৷ নাগৰিকৰ মৌলিক অধিকাৰ সুৰক্ষা দিয়াটো চৰকাৰৰ দায়িত্ব৷’ ইফালে, বটদ্ৰৱাৰ উচ্ছেদক লৈ চৰকাৰক তীব্ৰ সমালোচনা কৰি কংগ্ৰেছ বিধায়িনী দলৰ নেতা দেৱব্ৰত শইকীয়া আৰু উপ-দলপতি ৰকিবুল হুছেইনে কয়– ‘যুদ্ধ হ’লেও ইমান বৰ্বৰভাৱে উচ্ছেদ নচলায়৷ পানী খোৱা টিউৱেলপৰ্যন্ত ভাঙি পেলোৱা হৈছে৷ ভূমিহীন লোকৰ ঘৰত চৰকাৰে বুলডজাৰ চলাইছে৷ চৰকাৰে উচ্ছেদিত লোকসকলক সন্দেহজনক নাগৰিক বুলি কৈছে৷ চৰকাৰে কাগজ-পত্ৰ পৰীক্ষা কৰক৷ ভাৰতীয় নাগৰিকসকলক উচ্ছেদ কৰি এনেধৰণে সন্দেহৰ আৱৰ্তলৈ পঠাই দিয়াটো অসমৰ সভ্যতা-সংস্কৃতিৰ পৰিপন্থী৷ যদি চৰকাৰে ভাবিছে কোনোবাই ভাল পাব, এইটো কিন্তু হিতে বিপৰীত হ’ব৷’ উল্লেখ্য, বিধানসভাৰ অধিৱেশনৰ পাছতে কংগ্ৰেছ বিধায়িনী দলৰ এটা দল ৰকিবুল হুছেইনৰ নেতৃত্বত বৰদোৱা অভিমুখে যাত্ৰা কৰে৷ কংগ্ৰেছৰ পূৰ্বেই এআইইউডিএফৰ এটা বিধায়িনী দল বৰদোৱালৈ ৰাওনা হয়৷

বিজেপি আজমলৰ অক্সিজেন চিলিণ্ডাৰঃ লুৰীণ

বদৰুদ্দিন আজমলৰ গৃহসমষ্টি যমুনামুখৰ মোৰাঝাৰত আজি এখন দলীয় সভাত বদৰুদ্দিন আজমলৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণাত্মক হৈ উঠে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ৷ লুৰীণে কয়- বদৰুদ্দিন আজমলে দেখুৱায় এটা, কৰে এটা৷ আজমলৰ মিটিং পইণ্ট অৰ্থাৎ মিলনৰ স্থান হ’ল দিল্লীৰ অমিত শ্বাহ, নহ’লে মোদীৰ বাসগৃহ৷ বিজেপি হ’ল আজমলৰ অক্সিজেন চিলিণ্ডাৰ৷ বিজেপিৰ অক্সিজেন লৈ অসমত আজমলে সাম্প্ৰদাযিকতাৰ ৰাজনীতি কৰি আহিছে৷ বিজেপিয়ে হিন্দু সাম্প্ৰদায়িকতা কৰে আৰু আজমলে মুছলমানক লৈ সাম্প্ৰদায়িক ৰাজনীতি কৰে৷ এয়া তেওঁলোকৰ গোপন এজেণ্ডা৷ নিজৰ ব্যৱসায়িক স্বাৰ্থৰ বাবেই আজমলে ৰাজনীতি কৰি আহিছে৷ সংখ্যালঘুৰ নাম লৈ নিজৰ ৰাজনীতি চলাই গৈছে আজমলে৷ অসমৰ পৰা বিজেপিক খেদিবলৈ হ’লে প্ৰথমে আজমলৰ ৰাজনীতি পুলিয়ে-পোখাই ওফৰাই পেলাব লাগিব৷ যেতিয়ালৈকে আজমল থাকিব তেতিয়ালৈকে বিজেপিও থাকিব৷ যিদিনা অসমৰ সংখ্যালঘুৱে আজমলৰ এই ৰাজনীতি বুজি পাব সেইদিনাখন অসমত বিজেপি থান-বান হৈ যাব৷ নিজৰ ভাষণত লুৰীণজ্যোতিয়ে আজমলক বিজেপিৰ এজেণ্ট আখ্যা দি আজমলৰ মুখখন দেখুৱাই বিজেপিয়ে অসমত ৰাজনীতি কৰি গৈছে বুলি অভিযোগ কৰে৷ আজমলৰ অগৰু ব্যৱসায়ৰ প্ৰসংগ উত্থাপন কৰি লুৰীণে কয়-সুগন্ধী সাঁচি গছৰ ব্যৱসায়ৰ জৰিয়তে কেৱলমাত্ৰ যাতে আজমল পৰিয়ালৰ উন্নতি হয় তাৰ কুটকৌশল ৰচনা কৰি আহিছে বিজেপি চৰকাৰে৷ আজমলৰ শেহতীয়া মন্তব্য শিক্ষিত সমাজৰ মন্তব্য নহয় আৰু ইয়াক গৰিহণা দিব লাগে বুলি ভাষণত কয় লুৰীণে৷ আজমলৰ শেহতীয়া মন্তব্য সন্দৰ্ভত সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত লুৰীণৰ মন্তব্য-মুখ্যমন্ত্ৰীৰ বুকুত দম নাই আজমলক গ্ৰেপ্তাৰ কৰিবলৈ৷ আমি বহুকেইটা গোচৰ তৰিছোঁ যদিও আৰক্ষীয়েও ব্যৱস্থা লোৱা নাই৷ জাতীয় পৰিষদ উক্ত গোচৰকেইটা লৈ আদালতৰ দাৰস্থ হ’ব বুলিও জনায় সভাপতি লুৰীণজ্যোতি গগৈয়ে৷

বৰদোৱাত উচ্ছেদ সম্পূৰ্ণ, ৰাজনীতি আৰম্ভ

গুৰুজনাৰ পৱিত্ৰ জন্মস্থান বৰদোৱাৰ ঐতিহাসিক শ্ৰীশ্ৰী বটদ্ৰৱা থানৰ চৌপাশে চৰকাৰী ভূমিত দীৰ্ঘদিন ধৰি চলি থকা অবৈধ বেদখল উচ্ছেদ শান্তিপূৰ্ণভাৱে হৈ যোৱাৰ পাছত আজি দিনটোত বৰদোৱাত আৰক্ষী-চি আৰ পি এফ বাহিনীয়ে কোনোধৰণৰ যাতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি ব্যাপক নিৰাপত্তা গঢ়ি তুলিছে৷ বৰদোৱাৰ চৌপাশে প্ৰায় এহাজাৰ বিঘা চৰকাৰী ভূমিত কালি প্ৰশাসনে বেদখল উচ্ছেদ চলোৱাৰ পাছত আজি বৰদোৱালৈ কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ নেতা-বিধায়ক আহি উপস্থিত হৈ ৰাজনীতিৰ বোকা ছটিওৱাৰ খেল আৰম্ভ কৰা পৰিলক্ষিত হৈছে৷ অৱশ্যে বটদ্ৰৱা সমষ্টিৰ স্থানীয় বিধায়ক তথা কংগ্ৰেছ নেত্ৰী শিৱামণি বৰাই চৰকাৰী ভূমিত চলা এই উচ্ছেদক একপ্ৰকাৰে সমৰ্থন আগবঢ়াই কালি সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰাৰ পাছত আজি এ আই ইউ ডি এফ দলে উভতি ধৰিছে বিধায়কগৰাকীক৷ বৰদোৱাৰ উচ্ছেদক লৈ বিধানসভা ত্যাগ কৰি পোনে পোনে বৰদোৱাত উপস্থিত হোৱা এ আই ইউ ডি এফৰ এটা সজাতী দলে বিজেপি আৰু কংগ্ৰেছক তীব্ৰ সমালোচনাৰ লক্ষ্য কৰি লয়৷ বিধায়ক আমিনুল ইছলামে সংবাদ মাধ্যমৰ আগত কয় যে, কংগ্ৰেছ চৰকাৰে এই মানুহখিনিক বাৰম্বাৰ প্ৰতাৰণা কৰি আহিছিল৷ কেৱল মাত্ৰ ভোট বেংকৰ স্বাৰ্থত কংগ্ৰেছে এই মানুহখিনিক ব্যৱহাৰ কৰিছিল৷ সমষ্টিটোৰ বিধায়কগৰাকীয়ে নিৰ্বাচনৰ সময়ত এই লোকসকলৰ পৰা ভোট বিচাৰি আহিছিল আৰু এতিয়া এই মানুহখিনিৰ বিপক্ষে থিয় দিছে৷ তেওঁ লগতে বিজেপিক সমালোচনা কৰি নাগপুৰক সন্তুষ্ট কৰাৰ স্বাৰ্থত বিজেপিয়ে এই উচ্ছেদ চলোৱা বুলি অভিযোগ কৰে৷ বিধায়ক ইছলামে আৰু কয়– এই মানুহখিনিয়ে একচনীয়া খাজনা আদায় দি আহিছিল৷ আনকি তেওঁলোকৰ ১৯৫১ৰ এন আৰু চিত নাম উল্লেখ আছে৷ গতিকে তেওঁলোকে বসুন্ধৰা-২ ৰ অধীনত আবেদন কৰি মাটিৰ স্বত্ত্ব লাভ কৰিব পাৰে৷ কিন্তু চৰকাৰে তেওঁলোকে যাতে বসুন্ধৰা-২ ৰ অধীনত আবেদন কৰিব নোৱাৰে তাৰ বাবেই চৰকাৰে এই উচ্ছেদ অভিযান চলাইছে৷ এ আই ইউ ডি এফৰ এই দলটোত হাফিজ ৰফিকুল ইছলাম, অধিবক্তা আমিনুল ইছলাম, কৰিম উদ্দিন বৰভূঞা আদি আছিল৷ আনহাতে, প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰকিবুল হুছেইন, ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদা আৰু বটদ্ৰৱা সমষ্টিৰ বিধায়ক শিৱামণি বৰাসহ কংগ্ৰেছৰ এটা দল আজি বৰদোৱাত উপস্থিত হৈ বিজেপি আৰু এ আই ইউ ডি এফ দলক সমালোচনাৰ টাৰ্গেট কৰি লয়৷ ৰকিবুল হুছেইনে এ আই ইউ ডি এফক বটদ্ৰৱাৰ উচ্ছেদিত পৰিয়ালৰ কাষলৈ চৰকাৰীপক্ষই প্ৰেৰণ কৰা বুলি অভিযোগ কৰি বিজেপিয়ে সাপ হৈ খোঁটে আৰু বেজ হৈ জাৰে বুলি উল্লেখ কৰি এ আই ইউ ডি এফে ঘৰিয়ালৰ চকুপানী টুকিছে বুলি মন্তব্য কৰে৷ এইবাৰ ৰাইজে বিজেপি আৰু এ আই ইউ ডি এফক প্ৰত্যাখ্যান কৰিব বুলিও তেওঁ মন্তব্য কৰে৷ বিধায়িকা শিৱামণি বৰাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে, বিজেপি আৰু এ আই ইউ ডি এফ এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি৷ আমি মানৱতাৰ খাতিৰত উচ্ছেদৰ কাষত থিয় দিবলৈ আহিছোঁ৷ কিন্তু এ আই ইউ ডি এফে ৰাজনীতি কৰিবলৈ আহিছে৷ আনহাতে, বৰদোৱাৰ বৃহৎ পৰিমাণৰ বেদখলকৃত ভূমিত উচ্ছেদ অভিযান সফল হোৱাৰ পাছত উচ্ছেদিত লোকসকল পথৰ দাঁতিত আশ্ৰয়গ্ৰহণ কৰি আছে৷ জানিব পৰা মতে, এই বৃহৎ ভূমিত প্ৰায় তিনিশটা পৰিয়ালে বেদখল কৰি থকাৰ উপৰিও একাংশই ব্যাৱসায়িক প্ৰতিষ্ঠান আৰু আন একাংশই বৃহৎ বৃহৎ পুখুৰী খান্দি মৎস্য পালন কৰি অহাৰ লগতে কৃষিকাৰ্য কৰি আহিছিল৷ ইপিনে, বৰদোৱাত চলা এই উচ্ছেদ অভিযানক বৰদোৱা থান পৰিচালনা সমিতি তথা স্থানীয় ৰাইজৰ লগতে বিভিন্ন সংগঠনে আদৰণি জনোৱাৰ লগতে বেদখলমুক্ত ভূমিত চৰকাৰক এক দীৰ্ঘম্যাদী আঁচনি গ্ৰহণ কৰি শ্ৰীশ্ৰী বটদ্ৰৱা থানৰ সৌন্দৰ্যবদ্ধৰ্নৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে৷