Logo
image

আৰক্ষী-পৰিবহণকৰ্মীৰ ‘কুৰুক্ষেত্ৰ’

ডিজিটেল ডেস্ক, ২১ ডিচেম্বৰ:  অসম আৰক্ষী আৰু পৰিবহণ বিভাগৰ যুটীয়া উদ্যোগত মঙলবাৰৰ পৰা আৰম্ভ হয় মিছন কুৰুক্ষেত্ৰ৷ নৱবৰ্ষ উদ্‌যাপনৰ নামত যাতে দুৰ্ঘটনা ৰোধ কৰিব পৰা যায় সেই লক্ষ্য ৰাখি আৰম্ভ কৰা হয় মিছন কুৰুক্ষেত্ৰ৷ মহানগৰীত কামৰূপ মহানগৰ পৰিবহণ বিভাগৰ উদ্যোগত মঙলবাৰে পুৱাৰ ভাগতে আৰম্ভ কৰা হয় এই অভিযান৷ সমগ্ৰ ৰাজ্যতে চলিব এই অভিযান৷ মঙলবাৰে তেজপুৰত এখন সংবাদমেল আয়োজন কৰি এই কথা ঘোষণা কৰে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই৷ তেওঁ কয়– পথ দুৰ্ঘটনা  ৰোধৰ ক্ষেত্ৰত অসম আৰক্ষী কঠোৰ হ’ব৷ আৰক্ষী  ৰাজ্যৰ আঠখন জিলাক দুৰ্ঘটনা প্ৰবল জিলাৰূপে চিনাক্ত কৰা হৈছে৷ শোণিতপুৰ, নগাঁও, ধুবুৰী, ডিব্ৰুগড়, তিনিচুকীয়া, কামৰূপ, কামৰূপ মহানগৰ আৰু নলবাৰী জিলাক দুৰ্ঘটনা প্ৰবল জিলাৰূপে ঘোষণা কৰা হয়৷ পিকনিকৰ নামত অৰাজকতা চলাবলৈ দিয়া নহ’ব৷ পিকনিকত মদ খাওক, কিন্তু চালকে মদ খাব নোৱাৰিব৷ এজনৰ বাবে গোটেই পিকনিক পাৰ্টীক মৰিবলৈ এৰি দিব নোৱাৰি৷ মদ খাই গাড়ী চলোৱাৰ ফলত দুৰ্ঘটনা সংঘটিত হ’লে  পিকনিকৰ আয়োজক জগৰীয়া হ’ব৷ উদণ্ড বাইকাৰ্ছ সাৱধান হওক৷ নহ’লে আৰক্ষীৰ লাঠিৰ কোব পৰিব চালকৰ পিঠিত৷ জৰিমনা ভৰিব লাগিব তীব্ৰ বেগত বাহন চলোৱা লোকে৷ উদণ্ড বাইকাৰ্ছৰ বিৰুদ্ধে কঠোৰ হ’ব অসম আৰক্ষী৷ তেওঁ কয়– বনভোজৰ আনন্দ লওক কিন্তু সুৰাপায়ী চালক লৈ নাযাব৷ অন্যথা বনভোজৰ সলনি ৰঙাঘৰৰ ভাত খাব লাগিব৷  ৰাজ্যত বৃদ্ধি পোৱা দুৰ্ঘটনা আৰু উদণ্ড বাইকাৰ্ছৰ তাণ্ডৱ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কঠোৰ হ’ব বুলি ঘোষণা কৰে ডিজিপি ভাস্কৰজ্যোতি মহন্তই৷ উল্লেখ্য, ৰাজ্যখনত অধিক দুৰ্ঘটনা সংঘটিত আঠখন জিলাৰ ভিতৰত অন্যতম হৈছে শোণিতপুৰ জিলা৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে মঙলবাৰে তেজপুৰত উপস্থিত হৈ শোণিতপুৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত এক সংবাদমেল অনুষ্ঠিত কৰে৷  সংবাদমেলত আৰক্ষী সঞ্চালকগৰাকীয়ে কয় যে চলিত বৰ্ষত এতিয়ালৈকে ৬,৩০৮টা দুৰ্ঘটনা সংঘটিত হৈছে আৰু ইয়াৰে ১০ হাজাৰৰো অধিক লোকে মৃত্যুবৰণ কৰিছে৷ আনহাতে, ডাম্পাৰৰ দৌৰাত্ম্য ৰোধৰ বিশেষ ব্যৱস্থা ল’বলৈও নিৰ্দেশ দিছে ডিজিপিজনে৷ ইয়াৰ পূৰ্বে শোণিতপুৰ জিলা উপায়ুক্তৰ লগত এক বৈঠকত মিলিত হয় আৰক্ষী সঞ্চালকজনে৷ তেওঁ কয় যে অসমত ২০২২ চনত মুঠ ৭,৩৭০টা  পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ বিপৰীতে চলিত বৰ্ষত ৬,৩০৮টা দুৰ্ঘটনা সংঘটিত হয়৷  আনহাতে, ২০২১ চনত দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা ৩,০৯১ টাৰ বিপৰীতে চলিত বৰ্ষত বৰ্তমানলৈকে বিভিন্ন পথ দুৰ্ঘটনাত ২,৮৯১জন লোকৰ মৃত্যু হৈছে৷ এই সংখ্যা তুলনামূলকভাৱে বিগত সময়ছোৱাতকৈ কিছু কম যদিও এই সংখ্যাও সন্তোষজনক নহয় বুলি তেওঁ উল্লেখ কৰে৷ উল্লেখ্য, দুৰ্ঘটনা সংঘটিত হোৱাৰ ক্ষেত্ৰত অসমৰ আঠখন জিলা শীৰ্ষত আছে৷ তাৰে ভিতৰত শোণিতপুৰ জিলাও এখন৷  শোণিতপুৰ জিলাত ২০২১ চনত ৩৩৯টা দুৰ্ঘটনা সংঘটিত হোৱাৰ বিপৰীতে মৃত্যুৰ সংখ্যা ১১৯জন আৰু চলিত বৰ্ষত ১৪২ জনৰ মৃত্যু হৈছে৷ আনহাতে, কেৱল তেজপুৰ সদৰ থানাৰ এলেকাতে এই বছৰ ১৬৪টা দুৰ্ঘটনা সংঘটিত হোৱাৰ বিপৰীতে ৯১জন লোকে প্ৰাণ হেৰুৱাইছে৷ তেওঁ সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰে য়ে, এসপ্তাহ পূৰ্বৰে পৰা পথ দুৰ্ঘটনা হ্ৰাস কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিছে অসম আৰক্ষীয়ে৷ এনে সময়তে কালি ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে পথ দুৰ্ঘটনা সন্দৰ্ভত উদ্বিগ্নতা প্ৰকাশ কৰাৰ পিছতে অধিক কঠোৰ কাৰ্যব্যৱস্থা গ্ৰহণৰ দিশত এতিয়া আগবাঢ়িছে অসম আৰক্ষী৷ প্ৰণিধানযোগ্য, আজি তেজপুৰস্থিত শোণিতপুৰৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত হঠাৎ উপস্থিত হয় অসম আৰক্ষীৰ সঞ্চালক প্ৰধান মহন্ত৷ জিলাখনৰ প্ৰতিখন থানা আৰু আৰক্ষী চকীৰ বিষয়াক মাতি আনি সংশ্লিষ্ট জিলা আৰক্ষী বিষয়াৰ উপস্থিতিত দুৰ্ঘটনা সন্দৰ্ভত বুজ লয় আৰক্ষী সঞ্চালকজনে৷ ইয়াৰ পাছতে তাৰ পিছতে আৰক্ষী সঞ্চালক প্ৰধান মহন্তই পথ দুৰ্ঘটনা হ্ৰাস কৰাৰ ক্ষেত্ৰত এতিয়াৰে পৰা অসম আৰক্ষী অধিক কঠোৰ হোৱাৰ কথা সদৰি কৰে তেওঁ৷ আৰক্ষী সঞ্চালক জনে কয়– বাইক ষ্টাণ্ট বন্ধ কৰাৰ ক্ষেত্ৰত মহাবিদ্যালয় সমূহত সজাগতা অনাৰ চেষ্টা চলাব আৰক্ষীয়ে৷ ২০২১তকৈ ২০২২ ত পথ দুৰ্ঘটনা কিছু হ্ৰাস পাইছে৷ শোণিতপুৰকে ধৰি আঠখন জিলাত ক্ৰমশঃ বৃদ্ধি পাইছে পথ দুৰ্ঘটনা৷ আজি তেওঁ তেজপুৰত প্ৰথম কাৰ্যসূচী হাতত লৈ অহাৰ দৰে বাকী সাতখন জিলালৈও যাব বুলিও প্ৰকাশ কৰে৷ আনহাতে, ইংৰাজী বছৰৰ শেষত আৰম্ভ হোৱা বনভোজৰ সময়ৰ পৰা মাঘ বিহুৰ সময়লৈকে দুৰ্ঘটনা বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰি ইয়াৰ মূল কাৰক হিচাপে সুৰা বুলি মন্তব্য কৰা আৰক্ষী সঞ্চালক প্ৰধানজনে৷ ইপিনে, তেজপুৰত শেহতীয়াকৈ সংঘটিত এলানি দুৰ্ঘটনাৰ বিষয়েও চালিজাৰি চাই আৰক্ষীসঞ্চালকজনে ডাম্পাৰৰ দৌৰাত্ম্য ৰোধ কৰিবলৈ ডাম্পাৰ চালকৰ বিৰুদ্ধেও আন কেতবোৰ ব্যৱস্থা ল’বলৈ শোণিতপুৰ আৰক্ষীক নিৰ্দেশ দিয়ে৷