Logo
image

দ্ৰুত বিকশিত ৰাজ্য অসম

ডিজিটেল ডেস্ক, ২১ ডিচেম্বৰ:  দ্ৰুত বিকশিত ৰাজ্যৰ শাৰীলৈ উন্নীত হৈছে অসম৷ ইণ্ডিয়া টুডে গ্ৰূপে শেহতীয়াকৈ চলোৱা এটা সমীক্ষাত অসমক পৰ্যটনৰ ক্ষেত্ৰত দেশৰ দ্বিতীয় শ্ৰেষ্ঠ ৰাজ্যৰূপে দিয়া স্বীকৃতিয়ে অসমৰ বিকাশৰ তৰান্বিত গতিৰ কথা পুনৰ প্ৰমাণ কৰিলে৷ উল্লেখ্য, ইণ্ডিয়া টুডে গ্ৰূপৰ জৰীপক দেশৰ অন্যতম বিশ্বাসযোগ্য আৰু প্ৰামাণিক জৰীপ বুলি ধৰা হয়৷ ঘৰুৱা পৰ্যটকৰ সংখ্যা, বিদেশী পৰ্যটকৰ সংখ্যা, পৰ্যটন প্ৰচাৰৰ  বাবে ব্যয় কৰা ধন, বিমানবন্দৰৰ মুঠ সংখ্যা ইত্যাদিৰ মাপকাঠিৰ ওপৰত ভিত্তি কৰি এই সমীক্ষা চলোৱা হৈছিল৷ আজি এই কথা সদিৰ কৰে ৰাজ্যৰ পৰ্যটনমন্ত্ৰী জয়ন্তমল্ল বৰুৱাই৷ তেওঁ ছ’চিয়েল মিডিয়া টুইটাৰযোগে কয়– ‘ইণ্ডিয়া টুডে গ্ৰূপে কৰা এক সমীক্ষাত অসমৰ পৰ্যটন খণ্ডত দ্বিতীয় শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী ৰাজ্যৰ খিতাপ পোৱাত মই অতি আনন্দিত আৰু গৌৰৱান্বিত অনুভৱ কৰিছোঁ৷ ক’ভিডৰ সময়ছোৱাত পৰ্যটন বিভাগ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱাৰ পাছতো এই খিতাপ অৰ্জন কৰিবলৈ সক্ষম হোৱাটো এক অনাবিল আনন্দৰ মুহূৰ্ত৷ আশা কৰোঁ যে নতুন পৰ্যটন নীতি আৰু পদক্ষেপৰ দ্বাৰা অনাগত দিনত আমি পৰ্যটন ক্ষেত্ৰখনত অধিক সফলতা লাভ কৰিবলৈ সক্ষম হ’ম৷ মই এই সাফল্যৰ বাবে অসম পৰ্যটনৰ সৈতে জড়িত সকলো বিষয়া-কৰ্মচাৰী, ষ্টেকহোল্ডাৰ, টু্যৰ অপাৰেটৰ আৰু বিশেষকৈ পৰ্যটকসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ৷’ মন্ত্ৰী বৰুৱাই এই কথাও উল্লেখ কৰে যে ক’ভিডৰ পাছত অসম চৰকাৰে অসমক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শীৰ্ষ পৰ্যটনস্থলীলৈ ৰূপান্তৰিত কৰাৰ নতুন দৃষ্টিভংগী গঢ়ি তুলিছে আৰু পৰ্যটকৰ আকৰ্ষণ, চাৰ্কিট, আৰু আন্তঃগাঁথনিসমূহ বিকাশৰ ব্যৱস্থাই সমগ্ৰ ৰাজ্যখনক আৰ্থ-সামাজিক সুবিধা প্ৰদান কৰি পৰিৱেশ আৰু সাংস্কৃতিক সংবেদনশীলতাক পৰ্যাপ্তভাৱে বিবেচনা কৰি বহনক্ষম পদ্ধতিৰে আগুৱাই লৈ যাবলৈ সক্ষম হৈছে৷ চৰকাৰে পৰ্যটন ব্যৱসায়ৰ অংশীদাৰসকলক ক’ভিড পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ আৰু ৰাজ্যখনৰ আন্তঃগাঁথনি আৰু পৰ্যটনৰ সা-সুবিধাসমূহৰ উন্নীতকৰণৰ বাবেও বিশেষ সুবিধা প্ৰদান কৰে৷ লক্ষণীয় যে পৰ্যটন খণ্ডই বিগত কেবিনেট বৈঠকত অসমত উদ্যোগৰ মৰ্যদা লাভ কৰিবলৈ সক্ষম হৈছে যিয়ে খণ্ডটো আৰু ইয়াৰ ইউনিটসমূহক ‘অসম বিনিয়োগ আৰু উদ্যোগ নীতি-২০১৯’ৰ অধীনত প্ৰদান কৰা সকলো সুবিধাৰ বাবে যোগ্য কৰি তুলিছে৷ মন্ত্ৰী বৰুৱাই মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক ৰাজ্যৰ সামগ্ৰিক উন্নয়নত অদম্যভাৱে কাম কৰাৰ বাবে ধন্যবাদ জনায় আৰু উল্লেখ কৰে যে ড॰ শৰ্মাৰ অসমক এখন উন্নত ৰাজ্য হিচাপে গঢ়ি তোলাৰ দৃষ্টিভংগীয়ে পৰ্যটন খণ্ডকো প্ৰতিটো দিশৰ পৰাই বিকশিত কৰিবলৈ সক্ষম হোৱাত সহায় কৰিছে৷

সামাজিক প্ৰগতি সূচকত অসমৰ স্থান তলৰ পৰা তিনি নম্বৰত

ইণ্ডিয়া টুডে’ৰ সমীক্ষাত অসমে দ্ৰুত বিকশিত ৰাজ্যৰ স্বীকৃতি পোৱাৰ বিপৰীতে ভাৰত চৰকাৰৰ প্ৰতিবেদনত ওলাইছে বিপৰীত কথা৷ মঙলবাৰে প্ৰকাশ পোৱা সামাজিক প্ৰগতি সূচক প্ৰতিবেদনত উল্লেখ কৰা মতে, অসমৰ সমাজ জীৱন ক্ষয়ৰোগত আক্ৰান্ত হৈছে৷ অসমৰ সামাজিক প্ৰগতিৰ গতিও তথৈবচ৷ প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ ওচৰত দাখিল কৰা সামাজিক প্ৰগতি সূচকত দেশৰ ৰাজ্যসমূহৰ ভিতৰত তৃতীয় নিম্নতম ৰাজ্য হিচাপে অসমৰ নাম প্ৰকাশ পাইছে৷ ইনষ্টিটিউট ফ’ৰ কম্পিটিটিভনেছ এণ্ড ছ’চিয়েল প্ৰগ্ৰেছ ইমপাৰেটিভে প্ৰস্তুত কৰা এই সূচকত অসমৰ পইণ্ট হৈছে ৪৪.৯২৷ তালিকাত ৩৪ স্থান লাভ কৰা অসমতকৈ কম পইণ্ট লাভ কৰা আন দুই ৰাজ্য হৈছে বিহাৰ [৪৪.৪৭] আৰু ঝাৰখণ্ড [৪৩.৯৫]৷ উল্লেখ্য যে, ২০১৫-১৬ বৰ্ষৰ পৰা ন্যুনতম মানৱ চাহিদা, সুস্থতা তথা সা-সুবিধাৰ নিৰিখত মূল্যায়ন কৰা তালিকাখনত দেশৰ সৰ্বাধিক সামাজিক প্ৰগতি হোৱা ৰাজ্যখন হৈছে পডুচেৰী [৬৫.৯৯]৷ লক্ষণীয়ভাৱে ৬টা বিভাগত বিভক্ত কৰা তালিকাখনৰ ‘অতি নিম্ন সামাজিক প্ৰগতি’ৰ তালিকাত স্থান লাভ কৰিছে অসমে৷ আনহাতে, জিলাভিত্তিক তালিকাত সৰ্বাধিক সামাজিক প্ৰগতিসম্পন্ন জিলাখন হৈছে মিজোৰামৰ আইজল৷

সোৱণশিৰি বান্ধৰ বানেভঙা অংশৰ মেৰামতি ব্যয় এশ কোটি টকা

চলিত বছৰৰ বানত ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হৈছে নিৰ্মীয়মান সোৱণশিৰি নদীবান্ধ৷ ক্ষতিগ্ৰস্ত নদীবান্ধৰ মেৰামতিৰ বাবে খৰচ হ’ব ৮০ কোটিৰ পৰা ১০০কোটি টকা৷ আজি ৰাজ্যসভাত এই কথা ব্যক্ত কৰিছে কেন্দ্ৰীয় শক্তিমন্ত্ৰী আৰ কে সিঙে৷ সদনৰ প্ৰশ্নোত্তৰকালত কেৰালাৰ সাংসদ আব্দুল ৱাহাবে উত্থাপন কৰা প্ৰশ্নৰ উত্তৰত বিভাগীয় মন্ত্ৰীজনে প্ৰকাশ কৰা মতে, নামনী সোৱণশিৰি জলবিদু্যৎ প্ৰকল্পৰ নিৰ্মাণকাৰ্যত চলিত বছৰৰ নৱেম্বৰ মাহলৈকে ১৭,২৭৫.৬২ কোটি টকা ব্যয় হৈছে৷ আঠ ইউনিটযুক্ত ২০০০ মেগাৱাটসম্পন্ন জলবিদু্যৎ প্ৰকল্পৰ দুটা ইউনিট [৫০০ মেগাৱাট] অহা বছৰ জুন মাহৰ পৰা কাৰ্যকৰ হ’ব৷ বাকী ৬টা ইউনিট ২০২৪ চনৰ ৩১ মাৰ্চৰ ভিতৰত কাৰ্যকৰী কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে বুলিও মন্ত্ৰী আৰ কে সিঙে সদনক জানিবলৈ দিয়ে৷ তেওঁ কয় যে, প্ৰকল্পটোৰ নিৰ্মাণকাৰ্য ২০১১ চনৰ ডিচেম্বৰ মাহৰ পৰা ২০১৯ চনৰ অক্টোবৰ মাহলৈকে বন্ধ হৈ আছিল৷ ইয়াৰ বাবে তেওঁ অসম তথা অৰুণাচল প্ৰদেশৰ নদীবান্ধবিৰোধী আন্দোলনক দায়ী কৰি কয় যে, ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণত চলি থকা গোচৰ আৰু ক’ভিড-১৯ অতিমাৰীৰ বাবেও প্ৰকল্পটোৰ নিৰ্মাণকাৰ্য বাধাগ্ৰস্ত হৈছিল৷ তদুপৰি, ২০২১ চনৰ আগষ্টত, ২০২২ চনৰ জুনত আৰু ছেপ্টেম্বৰ মাহৰ বানৰ বাবেও প্ৰকল্পটোৰ নিৰ্মাণকাৰ্য লেহেমীয়া হৈ পৰিছিল বুলি শক্তিমন্ত্ৰীজনে লোকসভাত উল্লেখ কৰে৷

ব্ৰহ্মপুত্ৰ জলপথ উন্নয়নৰ বাবে ৪৭৪ কোটি টকা ব্যয়ৰ লক্ষ্য

ব্ৰহ্মপুত্ৰৰ জলপথ উন্নয়নত ৪৭৪ কোটি টকা ব্যয়ৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে সৰ্বানন্দ সোণোৱালৰ কেন্দ্ৰীয় জাহাজ, বন্দৰ আৰু জলপথ মন্ত্ৰণালয়ে৷ ২০২০-২১ বিত্তীয় বৰ্ষৰ পৰা ২০২৪-২৫ বিত্তীয় বৰ্ষৰ ভিতৰত মন্ত্ৰণালয়ৰ অধীনস্থ আন্তদেশীয় জলপথ প্ৰাধিকৰণে উক্ত বুজন পৰিমাণৰ ধনৰাশি ২ নং ৰাষ্ট্ৰীয় জলপথ হিচাপে পৰিচিত ব্ৰহ্মপুত্ৰৰ জলপথ উন্নয়নত ব্যয় কৰিব৷ ৰাজ্যসভাৰ প্ৰশ্নোত্তৰকালত বিভাগীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি এই কথা প্ৰকাশ কৰিছে৷ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাৰ প্ৰশ্নৰ উত্তৰত বিভাগীয় মন্ত্ৰীজনে প্ৰকাশ কৰা মতে, ব্ৰহ্মপুত্ৰৰ জলপথ উন্নয়নত ব্যয় কৰিবলগীয়া এই পুঁজি সম্পূৰ্ণৰূপে কেন্দ্ৰীয় আঁচনিৰ অধীনত হ’ব৷ আঁচনিসমূহৰ ভিতৰত আছে যোগীঘোপা টাৰ্মিনেল নিৰ্মাণ, বগীবিলত কাৰ্গো তথা যাত্ৰী টাৰ্মিনেল নিৰ্মাণ, ফেয়াৰৱে’ [জাহাজ ৰখাৰ বাবে] উন্নয়ন ইত্যাদি৷ আনহাতে, মন্ত্ৰী সোণোৱালে প্ৰকাশ কৰা তথ্য অনুসৰি, ইউপিএ-ৰ শেষ চাৰি বছৰীয়া কাৰ্যকালতকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰথমটো কাৰ্যকালত অসমৰ জলপথ উন্নয়নত ৬৫ শতাংশ বেছি পুঁজি ব্যয় কৰিছে৷ তথ্য অনুসৰি ২০০৯-১০ বিত্তীয় বৰ্ষৰ পৰা ২০১৩-১৪ বিত্তীয় বৰ্ষলৈকে অৰ্থাৎ উক্ত পাঁচ বছৰত ইউ পি এ চৰকাৰে অসমৰ জলপথ উন্নয়নত ২৫৪.৪৬ কোটি টকা ব্যয় কৰিছিল৷ ইয়াৰ বিপৰীতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰথমটো কাৰ্যকালত অৰ্থাৎ ২০১৪-১৫ বিত্তীয় বৰ্ষৰ পৰা ২০১৮-১৯ বিত্তীয় বৰ্ষলৈকে ৰাজ্যৰ জলপথ উন্নয়নত ব্যয় কৰা পুঁজিৰ পৰিমাণ হৈছে ৪১৯.৯৭ কোটি টকা৷ ইয়াৰ ভিতৰত ২০১৭-১৮ চনত সৰ্বাধিক ১১৮.৯৭ কোটি টকা ব্যয় কৰা হৈছে৷ 

গুৱাহাটী এইম্‌ছৰ আন্তঃগাঁথনি নিৰ্মাণৰ ৭৫ শতাংশ কাম সম্পূৰ্ণ

গুৱাহাটী এইমছৰ আন্তঃগাঁথনি নিৰ্মাণৰ কাম ৭৫ শতাংশ সম্পন্ন হৈছে৷ ইতিমধ্যে ৫০ জনীয়া ছাত্ৰ-ছাত্ৰীৰ এম বি বি এছ পাঠ্যক্ৰম চলি আছে৷ ৰাজ্যসভাৰ প্ৰশ্নোত্তৰকালত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল দপ্তৰৰ ৰাজ্যমন্ত্ৰী ড॰ ভাৰতী প্ৰবীণ পাৱাৰে আজি এই কথা জানিবলৈ দিয়ে৷ সাংসদ অজিত কুমাৰ ভূঞাৰ প্ৰশ্নৰ উত্তৰত বিভাগীয় ৰাজ্যমন্ত্ৰীজনে লগতে এয়াও জনাইছে যে, গুৱাহাটী এইমছ প্ৰকল্পৰ বাবে সৰ্বমুঠ ১, ১২৩ কোটি টকা ধাৰ্য কৰা হৈছে৷ আৰু এতিয়ালৈকে প্ৰকল্পটোত ৭১৭.৩৮ কোটি টকা ব্যয় কৰা হৈছে৷ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে গুৱাহাটী এইমছ প্ৰকল্পৰ নিৰ্মাণকাৰ্য সূক্ষ্মভাৱে নিৰীক্ষণ কৰি থকা বুলিও পাৱাৰে জানিবলৈ দিয়ে৷