Logo
image

ৰেগিঙৰ নামত নৱাগত ছাত্ৰক উলংগ কৰি নিৰ্যাতন : দাবী কৰা ধন দিব নোৱাৰাত সোণৰ চেইন কাঢ়ি নিলে জ্যেষ্ঠ ছাত্ৰই

ডিজিটেল ডেস্ক : ৰাজ্যৰ একাংশ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানত এতিয়া ৰেগিঙৰ নামত চলিছে ভয়াৱহ নিৰ্যাতন৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়ৰ পাছত এইবাৰ গুৱাহাটীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানত ৰেগিং কাণ্ড পোহৰলৈ আহিছে৷ এগৰাকী নৱাগত ছাত্ৰক জ্যেষ্ঠ ছাত্ৰই উলংগ কৰি নিৰ্যাতন চলোৱাৰ অভিযোগ উঠিছে৷ লগতে কণিষ্ঠ ছাত্ৰজনৰ পৰা জ্যেষ্ঠ ছাত্ৰই সোণৰ চেইন কাঢ়ি লোৱাৰো অভিযোগ উঠিছে৷ 

অভিযোগ অনুসৰি বিশাল কাশ্যপ শালৈ নামৰ নৱাগত ছাত্ৰজনক জ্যেষ্ঠ ছাত্ৰই অশালীন গালি-গালাজৰ লগতে মাৰপিট কৰাৰ অভিযোগ উঠিছে৷ জ্যেষ্ঠ ছাত্ৰই দাবী কৰা ৫০০ টকা দিব নোৱাৰাত বিশালৰ স্কুটী ভঙাৰ লগতে সোণৰ চেইন হোষ্টেলৰ জ্যেষ্ঠ আৱাসীয়ে কাঢ়ি নিয়াৰ অভিযোগ উঠিছে৷

এই ঘটনাৰ পিছত নিৰ্যাতন বলি হোৱা ছাত্ৰজনে চানমাৰি থানাত এজাহাৰ দাখিল কৰিছে৷ হোষ্টেলৰ মনিটৰ দেৱজিৎ বড়ো আৰু আন দুজন ছাত্ৰৰ বিৰুদ্ধে নিৰ্যাতিত ছাত্ৰগৰাকীয়ে দাখিল কৰিছে এজাহাৰ৷ ঘটনা সন্দৰ্ভত চানমাৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰাৰ লগতে স্বাস্থ্য পৰীক্ষাৰ বাবে ছাত্ৰগৰাকীক গুৱাহাটী মেডিকেল কলেজলৈ প্ৰেৰণ কৰিছে। অৱশ্যে ৰেগিং কাণ্ড সন্দৰ্ভত এতিয়ালৈকে কোনো মন্তব্য দিয়া নাই অভিযান্ত্ৰিক প্ৰতিষ্ঠানখনৰ কৰ্তৃপক্ষই।