Logo
image

আকৌ ঘূৰি আহিছে ক'ভিড : দেশত আকৌ ঘূৰি আহিব নেকি লকডাউনৰ পৰিৱেশ?

ডিজিটেল ডেস্ক : চীন-আমেৰিকাকে ধৰি বিশ্বৰ বহুকেইখন দেশত আকৌ ভয়াৱহ ৰূপ ধাৰণ কৰিছে অতিমাৰী ক'ভিডে৷ চীনত আগন্তুক বছৰৰ এপ্ৰিল পৰ্যন্ত ১০ লাখ লোক ক'ভিডত আক্ৰান্ত হোৱাৰ লগতে ৩ লাখৰো অধিক লোকৰ মৃত্যু হ'ব বুলি অনুমান কৰা হৈছে৷ বিশ্বত পুনৰ ক'ভিডে ভয়াৱহব পৰিস্থিতি সৃষ্টি কৰাৰ সময়তে ভাৰত চৰকাৰে সকলো ৰাজ্য চৰকাৰক ক'ভিড নিয়ন্ত্ৰণৰ বাবে সতৰ্কতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিছে৷

আজি ক'ভিড পৰিস্থিতিৰ ওপৰত পৰ্যালোচনা কৰিবলৈ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই উচ্চ পদস্থ বিষয়াৰ লগতে বিশেষজ্ঞসকলৰ সৈতে এক বৈঠকত মিলিত হয়৷ এই বৈঠকতে বহুকেইটা গুৰুত্ব সিদ্ধান্ত লোৱা হয়৷

বৈঠকত নীতি আয়োগৰ সদস্য ড০ ভি কে পলে কয় যে এই মুহূৰ্তত ক'ভিডক লৈ দেশবাসী আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই। তথাপিও বৈঠকৰ পিছত কেন্দ্ৰীয় চৰকাৰে দেশৰ জনতাক ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰিবলৈ পৰামৰ্শ দিয়ে৷

আনহাতে স্বাস্থ্য সচিব ৰাজেশ ভূষণে সকলো ৰাজ্য চৰকাৰলৈ লিখা এখন পত্ৰত কয় যে জাপান, আমেৰিকা, কোৰিয়া, ব্ৰাজিল আৰু চীনত হঠাতে ক'ভিডৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত ক'ভিডৰ নতুন প্ৰকাৰৰ ধৰা পেলাবলৈ ক'ভিড পজিটিভ কেছৰ জিনম ছিকুৱেন্সিং প্ৰস্তুত কৰাটো অত্যাৱশ্যকীয়।

এইখিনিতে উল্লেখ কৰিব লাগিব যে ভাৰতত এতিয়াও নিয়ন্ত্ৰণত আছে ক'ভিড পৰিস্থিতি৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত দেশত ১৩১জনৰ দেহত ক'ভিড ধৰা পৰাৰ লগতে ৩ আক্ৰান্তৰ মৃত্যু হৈছে৷ বৰ্তমান ক'ভিড আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৩,৪০৮ গৰাকী লোক৷ দেশত বৰ্তমান ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰণত থাকিলেও  পুনৰ যাতে ক'ভিডে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি সকলো ৰাজ্যক সতৰ্কতা অৱলম্বনৰ পৰামৰ্শ দিছে কেন্দ্ৰই৷