Logo
image

চীনৰ ভেকচিন দুৰ্বল : ৰাজ্যৰ ক'ভিড পৰিস্থিতিক লৈ গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীৰ

ডিজিটেল ডেস্ক : চীন-আমেৰিকাকে ধৰি বিশ্বৰ বহুকেইখন দেশত আকৌ ভয়াৱহ ৰূপ ধাৰণ কৰিছে অতিমাৰী ক'ভিডে৷ চীনত আগন্তুক বছৰৰ এপ্ৰিল পৰ্যন্ত ১০ লাখ লোক ক'ভিডত আক্ৰান্ত হোৱাৰ লগতে ৩ লাখৰো অধিক লোকৰ মৃত্যু হ'ব বুলি অনুমান কৰা হৈছে৷ বিশ্বত পুনৰ ক'ভিডে ভয়াৱহ পৰিস্থিতি সৃষ্টি কৰাৰ সময়তে ভাৰত চৰকাৰে সকলো ৰাজ্য চৰকাৰক ক'ভিড নিয়ন্ত্ৰণৰ বাবে সতৰ্কতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিছে৷ আজি ক'ভিড পৰিস্থিতিৰ ওপৰত পৰ্যালোচনা বৈঠকৰ পিছত দেশৰ জনতাক ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰিবলৈ পৰামৰ্শ দিয়ে কেন্দ্ৰই৷

আনহাতে চীনত সৃষ্টি হোৱা ক'ভিড পৰিস্থিতক লৈ সদনত গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷ চীনৰ ভেকচিন দুৰ্বল বাবেই দেশখনৰ জনতাই ভেকচিনৰ সুফল পোৱা নাই বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ লগতে ভাৰতৰ ভেকচিন যথেষ্ট ভাল আছিল বুলি কৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ জনতা ক'ভিডক লৈ আতংকিত হোৱাৰ প্ৰয়োজন নাই৷ কেন্দ্ৰই ক'ভিড পৰিস্থিতিৰ ওপৰত চোকা নজৰ ৰাখিব৷ 

আনহাতে ৰাজ্যৰ ক'ভিড পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যত এতিয়া ক'ভিড কেছ নাই৷ চীনত ক'ভিডে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰাৰ বাবে জনতা আতংকিত হৈছে বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে৷