Logo
image

সমষ্টি হেৰাব পাৰে অতুল নন্দিতাসহ বহু বিধায়কৰ

ডিজিটেল ডেস্ক, ২২ ডিচেম্বৰ: মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ সেউজ সংকেত দি পত্ৰ লিখাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ পাছতে ৰাজ্যৰ ৰাজনীতিত বিষয়টোৱে বিশেষ চৰ্চা লাভ কৰিছে৷ জানিব পৰা মতে ইতিমধ্যে সমষ্টি পুনৰনিৰ্ধাৰণৰ খচৰা  প্ৰস্তুত কৰা হৈছে৷ কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে ৰাজ্য চৰকাৰৰ সন্মতি সাপেক্ষে এই খচৰা যুগুত কৰিছে৷ ২৬ বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে হয়তো আগন্তুক ২০২৪ৰ লোকসভাৰ নিৰ্বাচনক লক্ষ্য কৰি সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা হ’ব৷ নতুন সমষ্টি নিৰ্ধাৰণ হ’লেই দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা, বকো সমষ্টিৰ বিধায়ক নন্দিতা দাসকে ধৰি হয়তো বহু বিধায়কৰ সমষ্টি হেৰাব৷ কিয়নো দিছপুৰ সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষিত হ’ব আৰু বকো সমষ্টি অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত হ’ব৷ ইফালে, নতুন সমষ্টি নিৰ্ধাৰণ হ’লে বিলুপ্ত হ’ব মঙলদৈ লোকসভা সমষ্টি৷ বৰ্তমানৰ বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই মঙলদৈক প্ৰতিনিধিত্ব কৰি আছে৷ ইয়াৰ পৰিৱৰ্তে ওদালগুৰি লোকসভা সমষ্টি বুলি এটা নতুন সমষ্টিৰ জন্ম হ’ব৷ ওদালগুৰি লোকসভা সমষ্টিত কোক্‌ৰাঝাৰ লোকসভা সমষ্টিৰ কিছু অংশ আনি সংলগ্ন কৰা হ’ব৷ বিটিআৰ ৰিজনেই দুটাকৈ লোকসভা সমষ্টি হ’ব৷ বিটিআৰৰ বাহিৰৰ সমষ্টিসমূহ আন আন সমষ্টিৰ সৈতে সংলগ্ন কৰা হ’ব৷ উদাহৰণস্বৰূপে ৰঙিয়া, মঙলদৈ সমষ্টি অন্তৰ্ভুক্ত হ’ব তেজপুৰ লোকসভা সমষ্টিত৷ নলবাৰী সদৰ বিধানসভা সমষ্টি বৰপেটা বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত হ’ব৷ ৰজ্যৰ নতুন ১৪টা লোকসভা সমষ্টিৰ সাম্ভাৱ্য বিধানসভা ক্ষেত্ৰসমূহ হ’ব এনেধৰণৰ– ১] কৰিমগঞ্জঃ হাইলাকান্দি, লালা, কাটলিচেৰা, দুৰ্লভচেৰা [এছ চি], পাথাৰকান্দি, কৰিমগঞ্জ দক্ষিণ, বদৰপুৰ, দক্ষিণ কৰিমগঞ্জ ২] শিলচৰ [এছ চি]ঃ কাটিগড়া [এছ চি], বৰখোলা, উদাৰবন্দ, লক্ষীপুৰ, শিলচৰ, সোণাই আৰু ধলাই, ৩] ডিফু [এছ টি]ঃ বোকাজান [এছ টি], হাওৰাঘাট [এছ  টি] ডিফু [এছ টি], হামৰেন [এছ টি], উত্তৰ কাছাৰ পাৰ্বত্য [এছ টি] ৪] নগাঁওঃ মায়ং [এছ চি], মৰিগাঁও, জাগীৰোড, ৰহা [এছ চি], নগাঁও, বঢ়মপুৰ, কঠীয়াতলী, ডবকা, হোজাই, লামডিং ৫] তেজপুৰঃ ৰঙিয়া, বিহদিয়া-জাজীকোণা, ছিপাঝাৰ, মঙলদৈ, দলগাঁও-শিয়ালমাৰী, ঢেকীয়াজুলি, ৰঙাপাৰা, বৰছলা, তেজপুৰ, বালিপৰা ৬] গুৱাহাটীঃ ছমৰীয়া, বকো [এছ টি], পলাশবাৰী, হাজো [এছ চি], উত্তৰ গুৱাহাটী, গুৱাহাটী চেণ্ট্ৰেল, গুৱাহাটী পশ্চিম, চন্দ্ৰপুৰ, দিছপুৰ [এছ চি], বৰক্ষেত্ৰী ৭] বৰপেটাঃ অভয়াপুৰী, মাণিকপুৰ, বঙাইগাঁও, বজালী, বৰপেটা, [এছ চি], বৰপেটাৰোড, জনীয়া, বাঘবৰ, চেঙা, টিহু, নলবাৰী, ৮] ধুবুৰীঃ আগমনী, গৌৰীপুৰ, বিলাসীপাৰী, দক্ষিণ শালমাৰা, মানকাছৰ, ধুবুৰী, মহামায়া, জলেশ্বৰ, গোৱালপাৰা পশ্চিম, গোৱালাপাৰা পূব, দুধনৈ [এছটি] ৯] কোকৰাঝাৰঃ কচুগাঁও, দোতমা, [এছটি], কোকৰাঝাৰ [এছটি] গোসাঁইগাঁও, চিৰাং [এছটি] বিজনী, গোৱৰ্ধনা ১০] ওদালগুৰিঃ বাগ্‌সা [এছটি], তামলুপৰ [এছটি], গোৰেশ্বৰ, ভেৰগাঁও, টংলা, ওদালগুৰি [এছটি], মাজবাট ১১] কলিয়াবৰঃ লাহৰিঘাট, বটদ্ৰৱা, জুৰীয়া, ৰূপহী, কলিয়াবৰ, চতিয়া, বাঘমৰা, চাৰিদুৱাৰ [এছটি], বোকাখাট, দেৰগাঁও ১২] লখিমপুৰ [এছ টি]ঃ নাৰায়ণপুৰ, নাওবৈচা, লখিমপুৰ, ঢকুৱাখানা [এছ টি], ধেমাজি [এছ টি], চিচিৰবৰগাঁও [এছটি], জোনাই [এছটি], শদিয়া, বৰবৰুৱা, মাজুলী [এছটি] ১৩] ডিব্ৰুগড়ঃ ডুমডুমা, মাৰ্ঘেৰিটা, ডিগবৈ, তিনিচুকীয়া, চাবুৱা, ডিব্ৰুগড়, টিংখং, দুলীয়াজান, নাহৰকটীয়া আৰু সোণাৰি ১৪] যোৰহাটঃ লাকুৱা, শিৱসাগৰ, ডিমৌ, নাজিৰা, কলিয়াপানী, তিতাবৰ, যোৰহাট দক্ষিণ, যোৰহাট উত্তৰ [এছ চি], গোলাঘাট, সৰুপথাৰ৷ ইফালে, ৰাজ্যৰ জিলাসমূহৰ নতুন  বিধানসভা সমষ্টিসমূহ হ’ব এনেধৰণৰ–কোকৰাঝাৰঃ কঁচুগাঁও, দোতমা [এছটি], কোকৰাঝাৰ [এছটি], গোসাইগাঁও, ধুবুৰীঃ আগমনী, গৌৰীপুৰ, বিলাসীপাৰা, দক্ষিণ শালমাৰা, মানকাছৰ, ধুবপৰী, মহামায়া, গোৱালপাৰাঃ জলেশ্বৰ, গোৱালপাৰা [পশ্চিম], গোৱালপাৰা [পূব], দুধনৈ [এছটি], বঙাইগাঁওঃ অভয়াপুৰী, মাণিকপুৰ, বঙাইগাঁও, চিৰাংঃ চিৰাং [এছটি], বিজনী, বৰপেটাঃ বজালী, বৰপেটা [এছচি], বৰপেটাৰোড, জনীয়া, বাঘবৰ, চেঙা, কামৰূপঃ ছমৰীয়া, বকো [এছটি], পলাশবাৰী, হাজো [এছটি], ৰঙিয়া, বিহদিয়া-জাজীকোণা, কামৰূপ মেট্ৰঃ উত্তৰ গুৱাহাটী, গুৱাহাটী [চেণ্ট্ৰেল], গুৱাহাটী [পশ্চিম], চন্দ্ৰপুৰ, দিছপুৰ [এছ চি], নলবাৰীঃ বৰক্ষেত্ৰী, টিহু, নলবাৰী, বাগ্‌সাঃ গোৱদ্ধৰ্না, বাগ্‌সা [এছটি], তামুলপুৰ [এছটি], গোৰেশ্বৰ, ছিপাঝাৰ, মঙলদৈ, দলগাঁও-শিয়ালমাৰী, ওদালগুৰিঃ ভেৰগাঁও, টংলা, ওদালগুৰি [এছটি], মাজবাট, মৰিগাঁওঃ মায়ং [এছচি], লাহৰিঘাট, মৰিগাঁও, জাগীৰোড, নগাঁওঃ ৰহা [এছ চি], নগাঁও, বটদ্ৰৱা, জুৰীয়া, ৰূপহী, কলিয়াবৰ, বঢ়মপুৰ, কঠিয়াতলী, ডবকা, হোজাই, লামডিং, শোণিতপুৰঃ ঢেকীয়াজুলি, ৰঙাপাৰা, বৰচলা [এছ চি], তেজপুৰ, বালিপাৰা, চতিয়া, বাঘমাৰা, ছয়দুৱাৰ [এছচি], লখিমপুৰঃ নাৰায়ণপুৰ, নাওবৈচা, লখিমপুৰ, ঢকুৱাখানা [এছটি], ধেমাজিঃ ধেমাজি [এছটি], চিচিৰগাঁও [এছটি], জোনাই [এছটি], তিনিচুকীয়াঃ শদিয়া, ডুমডুমা, মাৰ্ঘেৰিটা, ডিগবৈ, তিনিচুকীয়া, ডিব্ৰুগড়ঃ চাবুৱা, ডিব্ৰুগড়, বৰবৰুৱা, টিংখং, দুলীয়াজান, নাহৰকটীয়া, শিৱসাগৰঃ সোণাৰি, লাকুৱা, শিৱসাগৰ, ডিমৌ, নাজিৰা, যোৰহাটঃ মাজুলী [এছটি], কলীয়াপানী, তিতাবৰ, যোৰহাট ছাউথ, যোৰহাট নৰ্থ [এছ চি], গোলাঘাটঃ বোকাখাট, দেৰগাঁও, গোলাঘাট, সৰুপথাৰ, কাৰ্বি আংলংঃ বোকাজান [এছটি], হাওৰাঘাট [এছটি], ডিফু [এছটি], হামৰেন [এছটি], নৰ্থ কাছাৰ হিলছঃ নৰ্থ কাছাৰ হিলছ [এছটি], কাছাৰঃ কাটিগড়া [এছ চি], বৰখলা, উধাৰবন্দ, লক্ষীপুৰ, শিলচৰ, সোণাই, ধলাই, হাইলাকান্দিঃ হাইলাকান্দি, লালা কাটলিচেৰা, দুৰ্লভ চেৰা [এছচি], পাথাৰকান্দি, কৰিমগঞ্জ ছাউথ, বদৰপুৰ, নৰ্থ কৰিমগঞ্জ৷