Logo
image

ক’ভিডৰ কৰাল ছাঁ, ৰাজহুৱা স্থানত মাস্ক পিন্ধাৰ পৰামৰ্শ

ডিজিটেল ডেস্ক, ২২ ডিচেম্বৰ: ক’ভিডৰ নতুন ভাইৰাছ বিএফ-৭ নামৰ যি উপ-প্ৰজাতিয়ে সম্প্ৰতি চীনত নতুনকৈ সংহাৰ আৰম্ভ কৰিছে সেই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত তিনিজন ৰোগীৰ সন্ধান ভাৰততো পোৱা গৈছে৷ সদ্যহতে বিধানসভাৰ নিৰ্বাচন সম্পন্ন হোৱা গুজৰাটত দুজন আৰু অহা বছৰ আৰম্ভণিতে বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ওড়িশাত এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত ব্যক্তিৰ সন্ধান যোৱা অক্টোবৰতে লাভ কৰা বুলি কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰাৰ লগে লগে দেশজুৰি পুনৰ আতংকৰ সৃষ্টি হৈছে৷ চীনৰ তিনিখন প্ৰধান চহৰ ক্ৰমে ছাংহাই, হাংগঝৌ আৰু গুৱাংঝৌত সম্প্ৰতি ক’ভিডৰ সংহাৰ আৰম্ভ হৈছে আৰু এই তিনিওখন চহৰকে ধৰি ক’ভিড সংক্ৰমণ বৃদ্ধি পোৱা দেশখনৰ সকলো চহৰত অমিক্ৰন ভাইৰাছৰ উপ-প্ৰজাতি বিএফ-৭ৰ দ্বাৰা সংহাৰ সৃষ্টি হৈছে৷ ইতিমধ্যে বিশ্বৰ প্ৰায় সকলো দেশতে বিলুপ্তপ্ৰায় হোৱা মাৰাত্মক ক’ভিডে  চীনত মূৰ দাঙি উঠাত আগতীয়া সাৱধানতা অৱলম্বন কৰি ভাৰতত পুনৰ ৰাজহুৱা স্থানত কেন্দ্ৰীয় চৰকাৰে মাস্ক পৰিধান কৰাকে ধৰি ক’ভিড বিধি পালনৰ নিৰ্দেশ জাৰি কৰিছে৷ এইক্ষেত্ৰত প্ৰথমটো কোব পৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ভাৰত-জোড়ো যাত্ৰাত৷ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডব্যই ৰাহুল গান্ধীক উদ্দেশ্যি কৈছে, হয় ভাৰত-জোড়ো যাত্ৰা ইমানতে বন্ধ কৰা, নহয় কঠোৰভাৱে ক’ভিডবিধি পালন কৰা৷

অসমৰ বাবে স্বস্তিদায়ক খবৰ এয়াই যে, সম্প্ৰতি ৰাজ্যখনত এজনো ক’ভিডত সংক্ৰমিত ৰোগী নাই৷ ৰাজ্য চৰকাৰে প্ৰকাশ কৰা ক’ভিড বুলেটিনত প্ৰকাশিত তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত অসমৰ এজনো ব্যক্তি ক’ভিডত সংক্ৰমিত হোৱা নাই৷ তদুপৰি সম্প্ৰতি অসমত দীৰ্ঘদিন ক’ভিডৰ সংক্ৰমণৰ কোনো ঘটনা নাই আৰু সেয়ে হাস্পতালত ক’ভিড আক্ৰান্ত চিকিৎসাধীন হৈ থকা আৰু ক’ভিডত মৃত্যুৰ প্ৰশ্ন নাই৷ যোৱা ২৪ ঘণ্টাত অসমত মুঠতে ১১২জন ব্যক্তিৰ ক’ভিড পৰীক্ষা কৰা হৈছে যদিও এজনো ক’ভিড পজিটিভ পোৱা হোৱা নাই৷ ৰাজ্য চৰকাৰৰ তথ্য অনুসৰি অসমৰ ৯৮ শতাংশ ক’ভিড আক্ৰান্ত ইতিপূৰ্বে সুস্থ হৈ উঠিছে৷ ৰাজ্যত মুঠতে ২৮,৭৬,৬৭,৯০৯জন ব্যক্তিৰ ক’ভিড পৰীক্ষা কৰা হৈছিল য’ৰ ৭,৪৫,১০০জন ক’ভিডত আক্ৰান্ত হোৱা বুলি ধৰা পৰিছিল৷ ইয়াৰ ৭,৩৮,০৬৫জনেই সুস্থ হৈছে, অৰ্থাৎ আৰোগ্যৰ হাৰ ৰাজ্যত ৯৮ শতাংশ৷ ক’ভিডৰ প্ৰতিষেধক প্ৰদানতো অসম আগবাঢ়ি আছে৷ অসমত ২,৪৮,১০,৬৪৬জন ব্যক্তিয়ে প্ৰতিষেধকৰ প্ৰথম পালি, ২,২১,২৭,৭৪০জনে দ্বিতীয় পালি আৰু ৩৩,৪১,২৩৫জনে তৃতীয় পালি বা বুষ্টাৰ প্ৰতিষেধক লৈছে৷ ক’ভিডৰ টিকাকৰণত ৰাজ্যই মুঠতে তিনিটা পৰ্যায়ত মুঠতে ৫,০২,৭৯,৬২১ পালি প্ৰতিষেধক প্ৰদান কৰিছে৷

ইপিনে, ভাইৰ’লজিষ্টে ক’ভিড ভাইৰাছৰ নতুন উপ-প্ৰজাতি বিএফ-৭ পূৰ্বৰ সকলো প্ৰজাতিতকৈ অধিক সংক্ৰামক, অধিক মাৰাত্মক বুলি প্ৰকাশ কৰাত ক’ভিডক লৈ নতুনকৈ বিশ্বজুৰি আতংকৰ সৃষ্টি হৈছে৷ বিএফ-৭ হৈছে ক’ভিডৰ অমিক্ৰন প্ৰজাতিৰ পৰা ‘মিউটেচন’ হৈ সৃষ্টি হোৱা এবিধ উপ-প্ৰজাতি৷ সম্প্ৰতি চীনত ভয়ংকৰ সংহাৰ সৃষ্টি কৰা ক’ভিডৰ ভাইৰাছটোৱেই হৈছে বি এফ-৭৷ এই ভাইৰাছ ইতিমধ্যে ভাৰত, আমেৰিকা, ব্ৰিটেইন, বেলজিয়াম, জাৰ্মানী, ফ্ৰান্স আৰু ডেনমাৰ্কলৈ বিয়পি পৰিছে৷ অমিক্ৰনৰ পৰা ‘মিউটেচন’ হৈ সৃষ্টি হোৱা এই বি এফ-৭ৰ দ্বাৰা সংক্ৰমিত হোৱা এজন ব্যক্তিৰ পৰা ১০ৰ পৰা ১৮জনতকৈ অধিক ব্যক্তি সংক্ৰমিত হ’ব পাৰে৷ অমিক্ৰনৰ সংক্ৰমণ ক্ষমতা আছিল পাঁচজনতকৈ সামান্য অধিক৷ এই নতুন ভাইৰাছে পূৰ্বে ক’ভিডত আক্ৰান্ত হোৱা আৰু প্ৰতিষেধক গ্ৰহণ কৰা ব্যক্তিৰ শৰীৰতো সংক্ৰমণ ঘটাব পাৰে৷ সেয়ে চিকিৎসাৰ দ্বাৰা, প্ৰতিষেধকৰ দ্বাৰা বিএফ-৭ৰ সংক্ৰমণ ৰোধ কৰা অসম্ভৱ৷ বিএফ-৭ এনে অত্যধিক সংক্ৰামক হোৱাৰ বাবেই সম্প্ৰতি চীনত ক’ভিড আক্ৰান্তৰে ভৰি পৰিছে আৰু হাস্পতাল তথা শ্মশানত মৃতদেহৰ দ’ম বান্ধিছে৷ বিএফ-৭ৰ ভয়ত দেশখনৰ নাগৰিক ঘৰৰ পৰা ওলোৱা নাই যদিও চীনৰ চৰকাৰে ক’ভিড পজিটিভ ব্যক্তিকো ৰেহাই নিদিয়াকৈ নিজৰ নিজৰ কামত ব্যৱহাৰ কৰি আছে৷ ফলত দৈনিক ৰকেটৰ গতিৰে বাঢ়িছে সংক্ৰমিত ব্যক্তি আৰু মৃত্যুৰ সংখ্যা৷

চীনৰ এই ভয়াৱহ পৰিস্থিতি দেখি বিশ্বৰ আন আন দেশৰ লগতে ভাৰততো আতংকৰ সৃষ্টি হৈছে৷ সেয়ে আগতীয়া সাৱধানতা অৱলম্বন কৰি কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডব্যই শীৰ্ষ বিষয়াৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰে৷ বৈঠকত স্বাস্থ্য মন্ত্ৰণালয়ৰ শীৰ্ষ বিষয়াৰ উপৰি নীতি আয়োগৰ সদস্য ভি কে পালো উপস্থিত থাকে৷ বৈঠকৰ পাছতে কেন্দ্ৰীয় চৰকাৰে জনসমাগম থকা স্থানত মাস্ক পৰিধান কৰিবলৈ নিৰ্দেশ জাৰি কৰে৷ আনহাতে, সকলো ৰাজ্যকে ক’ভিড পজিটিভ ব্যক্তিৰ নমুনা ‘জেনম চিকুৱেন্স’ কৰাৰ বাবে তেনে পৰীক্ষাৰ সুবিধা থকা লেবৰেটৰীলৈ পঠিওৱাৰ নিৰ্দেশ জাৰি কৰিছে৷ তদুপৰি ক’ভিড সংক্ৰমণ হৈ থকা দেশৰ পৰা অহা ঘৰুৱা আৰু বিদেশী যাত্ৰীৰ ক’ভিড পৰীক্ষা কৰাৰ নিৰ্দেশ জাৰি কৰা হৈছে৷ কেন্দ্ৰীয় চৰকাৰে অচিৰেই নৱবৰ্ষ পালন কৰাৰ ক্ষেত্ৰত নতুন বিধি আৰোপ কৰিবলৈ সিদ্ধান্ত লৈছে৷