Logo
image

হেৰিটেজ চেণ্টাৰত অসমৰ চাহ থাকিব লাগে নে ষ্টাৰবাক্‌ছ কফি? এইবাৰ সৰৱ সিদ্ধাৰ্থ

ডিজিটেল ডেস্ক, ২২ ডিচেম্বৰ: ব্ৰহ্মপুত্ৰ হেৰিটেজ চেণ্টাৰত অসমৰ চাহ থাকিব লাগে নে ষ্টাৰবাক্‌চ কফী? চৰকাৰক উদ্দেশ্যি এইদৰে কটাক্ষ কৰে খোদ এজন বিজেপি বিধায়কে৷ প্ৰাক্তন মন্ত্ৰী তথা বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি, বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই চৰকাৰক লক্ষ্য কৰি এনেদৰে কটাক্ষ কৰে৷ গুৱাহাটীৰ উন্নয়নক লৈও তেওঁ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে৷ তেওঁ কয়– গুৱাহাটীৰ হৃদপিণ্ডস্বৰূপ পাণবজাৰত ব্ৰহ্মপুত্ৰৰ পাৰত স্থাপন কৰা হৈছে ব্ৰহ্মপুত্ৰ হেৰিটেজ চেণ্টাৰ৷ এই হেৰিটেজ চেণ্টাৰত থাকিব লাগে অসমৰ চাহ৷ কিয়নো অসমক যদি বিশ্বই জানে তাৰ অন্যতম এটা কাৰণ হৈছে অসমৰ চাহ৷ গতিকে হেৰিটেজ চেণ্টাৰত নিশ্চিতভাৱে চাহ থকা উচিত৷ কিন্তু অসমৰ হেৰিটেজ চেণ্টাৰতে যদি অসমৰ চাহ নাথাকে ক’ত থাকিব? এই কথাটো মোৰ হজম নহ’ল৷ ইফালে, গুৱাহাটীৰ উন্নয়ন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয়– ব্যৰ্থ কাৰণেই চাগে মোক এইবাৰ মন্ত্ৰিত্ব নিদিলে৷ গুৱাহাটীৰ আইন শৃংখলা পৰিস্থিতিৰ বাবে আৰক্ষী আৰু সষ্টম হ’ব লাগিব৷ ঘটনা হোৱাৰ পাছত তদন্ত কৰাতকৈ ঘটনা হোৱাৰ আগতে প্ৰতিহত কৰাৰ চেষ্টা কৰিব লাগিব আৰক্ষীয়ে৷ আৰক্ষীয়ে পেট্ৰলিং বৃদ্ধি কৰিব লাগিব৷