Logo
image

নামনি অসমত জনসংখ্যা নিয়ন্ত্ৰণ জৰুৰী! মুখ্যমন্ত্ৰী

ডিজিটেল ডেস্ক, ২২ ডিচেম্বৰ: ‘নামনি অসমৰ মানুহে যদি ফেমেলি প্লেনিং নকৰে তেন্তে পঞ্চাশ বছৰৰ পাছত কোনো জীয়াই থাকিব নোৱাৰে৷ যি হাৰত জনসংখ্যাৰ বিস্ফোৰণ হৈছে, ইয়াৰ তুলনাত মাটি নায়েই৷’– এই মন্তব্য মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ বুধবাৰে সদনৰ মজিয়াত উচ্ছেদৰ প্ৰসংগত মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয়–  ‘চৰকাৰে সাত বিঘা মাটি দিব, নেক্সট জেনেৰেশ্বনে ১২টা সন্তান জন্ম দিলে খেতিৰ মাটি ক’ৰ পৰা হ’ব৷ কংগ্ৰেছক সংখ্যালঘূসকলে মানে, সেয়েহে কংগ্ৰেছে সংখ্যালঘূসকলক পৰিয়াল পৰিকল্পনাৰ কথা ক’ব লাগে৷ মাটি দখল কৰিলে চৰকাৰে টাৰ্গেট কৰিবই, তাত বেয়া পাব লগা কি আছে৷ আইন ভংগকাৰী মানুহক কেম্প পাতি দি পানী খুওৱাৰ প্ৰশ্নই নুঠে৷ ৰাস্তাৰ কাষত বহি থাকিলে আমি আকৌ উচ্ছেদ কৰিম৷ হাইক’ৰ্টে আমাক নিৰ্দেশ দিছে যে ফৰেষ্টৰ মাটিৰ পৰা আমি মানুহ উচ্ছেদ কৰিব লাগে৷ আপোনালোকে কৈছে [কংগ্ৰেছে] চৰকাৰে বিকল্প মাটি দিয়ক৷ ক’ৰ পৰা মাটি জন্ম দিম মই৷ ৭৫ বছৰত কংগ্ৰেছ চৰকাৰে চৰৰ মাটি জৰীপ কৰিব পাৰিলেহেঁতেন৷ বটদ্ৰৱা সমষ্টিত ধাৰাবাহিকভাৱে কংগ্ৰেছ দলৰ এমএলএ আছিলে৷ কংগ্ৰেছ দলে মানুহখিনিক পট্টা দিব পাৰিলেহেঁতেন৷ কিন্তু তেওঁলোকে নকৰিলে৷ আজি ইউডিএফ ক্ষমতাত নাই, মই তেওঁলোকৰ সমালোচনা কৰিবলৈও যোৱা নাই৷ কিন্তু ৭৫ বছৰত কংগ্ৰেছে কি কৰিলে৷ আজি কেনেকৈ আমি মিছন বসুন্ধৰা কৰিছোঁ, আমাৰ এই মানুহখিনিক লৈও মিছন বসুন্ধৰা আনিব পাৰিলেহেঁতেন৷ কংগ্ৰেছে পট্টা নিদিয়াকৈ কিয় ৰাখিছিল কাৰণ তেওঁলোকে এই মানুহখিনিৰ নিৰাপত্তাহীনতাক লৈ ৰাজনীতি কৰিছে৷ এতিয়া উচ্ছেদৰ অৰ্ডাৰ দিছে হাইক’ৰ্টে৷ সমগ্ৰ গোৱালপাৰাতো এভেকশ্বন হ’ব৷ হাইক’ৰ্টৰ অৰ্ডাৰৰ পাছত আৰু কাৰো ৰিলেশ্বন থাকিব নোৱাৰে৷ মুঠতে আমাৰ কথা এটাই যে কংগ্ৰেছে ৭৫ বছৰত যদি মানুহখিনিক পট্টা দিব দিলেহেঁতেন আজি বিপদত নপৰিলেহেঁতেন৷ এতিয়াও যি সঁচা ভূমিহীন তেওঁলোকে ডিচিক আবেদন কৰক৷ ডিচিয়ে পৰীক্ষা কৰিব৷ কিন্তু উচ্ছেদ চলি থাকিব৷ উচ্ছেদ কৰা বন্ধ নহয়৷ সত্ৰৰ মাটি বেদখলমুক্ত কৰাটো আছিল বিজেপিৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি৷ সেয়েহে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত থাকিব উচ্ছেদ অভিযান৷ আমি ইলেকশ্বন মেনিফেষ্টটোতেই কৈ দিছোঁ যে তোমালোকৰ প্ৰতি আমাৰ দায়িত্ব নাই৷ মইতো চিধাই কওঁ– ভোটেই নালাগে বুলি৷ বৰদোৱাত এজন পঞ্চায়তৰ বিষয়ববীয়াই ৫০ বিঘা মাটি দখল কৰি আছে৷ ৫০ বিঘা মাটি দখল কৰি থকা মানুহ ভূমিহীন হ’ব নোৱাৰে৷’ ইফালে, মুখ্যমন্ত্ৰীয়ে আজি সদনত ঘোষণা কৰে যে মিছন বসুন্ধৰা ০.২ৰ আবেদনৰ ম্যাদ ৩১ মাৰ্চলৈকে বঢ়াই দিব চৰকাৰে৷

বেদখলকাৰীয়ে পুনৰ নিৰ্মাণ কৰা অস্থায়ী বাসস্থান উচ্ছেদ

বেদখলকাৰীৰ কৱলত থকা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাৰ হাজাৰ হাজাৰ বিঘা ভূমি বেদখলমুক্ত কৰাৰ পাছতো পুনৰ আৰম্ভ হৈছে ৰাজনীতি৷ বটদ্ৰৱাৰ উচ্ছেদিতসকলৰ কাষত উপস্থিত হৈ কালি কংগ্ৰেছ, এআই ইউ ডি এফে আৰম্ভ কৰিলে আন এক ৰাজনীতি৷  উচ্ছেদিত বহু পৰিয়ালে নিশাটো মুকলি আকাশৰ তলতে কটোৱা বুলি ৰকিবুলে উচতনিমূলক বক্তব্য প্ৰদান কৰাৰ পাছত পুনৰ হাইডুবিৰ আৰু ভোমোৰাগুৰি লালুংগাঁৱৰ ভিতৰৰ অংশত অৱস্থিত উচ্ছেদিত ভূমিত অস্থায়ীভাৱে তম্বু নিৰ্মাণ কৰি একাংশই আৰম্ভ কৰিছিল আগ্ৰাসন৷  এইসকলে হুংকাৰ দিছে যে-আমাক পূৰ্বৰ মন্ত্ৰী দীগেন বৰা, গৌতম বৰাই ইয়াত বহিবলৈ দিছিল৷ এই বেদখলকৃত ভূমিতে কংগ্ৰেছ চৰকাৰে স্কুল বনাইছিল, চৰকাৰী আৱাস যোজনাৰ ঘৰ দিছিল, তৰুণ গগৈয়ে চাকৰি দিছিল আমাৰ মানুহক৷ এতিয়া আমি কোনো কাৰণতে এই ভূমি নেৰোঁ, আমাক গুলীয়াই মাৰক৷ এনে এক পৰিস্থিতিৰ মাজতে কালি প্ৰশাসনে বটদ্ৰৱাৰ চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ পাছত পোন প্ৰথমবাৰৰ বাবে বটদ্ৰৱা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামীয়ে মন্তব্য প্ৰদান কৰিছে৷ সত্ৰাধিকাৰগৰাকীয়ে চৰকাৰ, প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে সকলোৱে বটদ্ৰৱাত সমিল-মিলেৰে চলি উন্নয়নৰ বাবে অগ্ৰসৰ হ’ব লাগে বুলি মন্তব্য কৰাৰ লগতে উচ্ছেদিত ভূমিত পুনৰ বেদখল যাতে নহওক তাৰ বাবে চৰকাৰক বিশেষ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনায়৷ আনহাতে, উচ্ছেদক লৈ বোকা ছটিওৱাৰ ৰাজনীতি পৰিহাৰ কৰিবলৈ আহ্ৱান জনাইছে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সম্পাদক অৰূপ শইকীয়া প্ৰাক্তন সম্পাদক ইন্দ্ৰমোহন বৰুৱা বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সহকাৰী সম্পাদক বিপিন বৰা টিকেন্দ্ৰজিৎ দেৱ গোস্বামী প্ৰমুখ্যে বিভিন্নজনে উচ্ছেদক লৈ ঘৰিয়ালৰ চকুপানী টুকি ৰাজনীতি নকৰিবলৈ আহ্ৱান জনাইছে৷ আনহাতে, বটদ্ৰৱাৰ উচ্ছেদিত লোকসকলে পুনৰ সেইস্থানত তম্বু তৰি বেদখল চলোৱাৰ ব্যৱস্থা লোৱাৰ পাছত আজি ধিং ৰাজহ চক্ৰ বিষয়া বিলিভীয়া চৌধুৰীয়ে ঘটনাস্থলীত উপস্থিত হৈ দুঘণ্টাৰ ভিতৰত সেইস্থান ত্যাগ কৰিবলৈ নিৰ্দেশ দিয়ে৷ চক্ৰ বিষয়াৰ নিৰ্দেশৰ পাছত একাংশ উচ্ছেদিত লোকে নিজাববীয়াকৈ সেইস্থান ত্যাগ কৰে যদিও একাংশক প্ৰশাসনে পুনৰ উচ্ছেদ কৰিব লগা হয়৷ আনহাতে, বটদ্ৰৱা বিধানসভা সমষ্টিৰ বিধায়িকা শিৱামণি বৰাকে আদি কৰি কেইবাজনো বিধায়কে উচ্ছেদিত লোকৰ কাষত উপস্থিত হৈ বিজেপি চৰকাৰৰ এই উচ্ছেদৰ বিৰুদ্ধে উচ্ছতম ন্যায়ালয়ৰ কাষ চাপিব বুলি হুংকাৰ দি উচ্ছেদিত লোকসকল সত্ৰৰ ভূমিত নাছিল আৰু মোৰ সমষ্টিৰ কোনো সত্ৰত বেদখল হোৱা নাই বুলি প্ৰদান কৰা উচতনিমূলক মন্তব্যৰ বিৰুদ্ধে বটদ্ৰৱাত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া৷ এই সন্দৰ্ভত বটদ্ৰৱাৰ শলগুৰি সত্ৰৰ ডেকা সত্ৰীয়া অতুল মহন্তই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, বটদ্ৰৱাৰ দুয়োখন সত্ৰৰ নামত আহোম স্বৰ্গদেউ কমলেশ্বৰ সিংহই দিছিল মাটি৷ শলগুৰি সত্ৰৰ চাৰিটা কিচামত আৰু নৰোৱা সত্ৰৰ নামত তিনিটা কিচামতৰ ভূমি দিছিল৷ শলগুৰি সত্ৰৰ লালুংগাঁও কিচাম ভোমোৰাগুৰি কিচাম সৰুহিছা কিচাম আৰু বৰভেটি কিচামৰ ভূমি তাহানিতে আহোম স্বৰ্গদেউৱে দিছিল৷ ১৯৭১ চনৰ চিলিং আইনৰ অধীনত সত্ৰ ভূমি চৰকাৰে লৈ যায় যদিও চৰকাৰে সত্ৰ ভূমি অধিকাৰ কৰিব নোৱাৰে৷ নৰোৱা সত্ৰৰ তিনিটা কিচামতৰ ভূমি আছে ৰামপুৰ সত্ৰ কিচামত হাইডুবী কিচামত আৰু বৰহিছা কিচামত৷ উল্লেখ্য যে, নৰোৱা বালিসত্ৰত আৰু বটদ্ৰৱাৰ শলগুৰি সত্ৰৰ প্ৰয়াত সত্ৰাধিকাৰ পৰমানন্দ দেৱ মহন্তৰ গৃহত আজিও সংৰক্ষিত আছে তাহানিৰ তামৰ ফলি আৰু ব্ৰিট্ৰিছ চৰকাৰে দিয়া ভূমিৰ ম্যাদী পট্টাৰ তথ্য৷ বিধায়িকা শিৱামণিক বটদ্ৰৱাৰ ইতিহাস নজনাকৈ মন্তব্য প্ৰদানৰ পৰা বিৰত থকাৰ আহ্ৱান  জনালে বটদ্ৰৱাৰ সচেতন মহলে৷

উচ্ছেদকাৰ্য বিজেপি চৰকাৰৰ ফেচিষ্ট অনুশীলনঃ গ্ৰামীণ শ্ৰমিক সন্থা

বটদ্ৰৱাত চলোৱা উচ্ছেদকাৰ্য বিজেপি চৰকাৰৰ ফেচিষ্ট অনুশীলন বুলি মন্তব্য কৰিছে সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাই৷ আজি এক প্ৰেছ বিজ্ঞপ্তিত সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি শুভ্ৰজ্যোতি বৰ্ধন আৰু সাধাৰণ সম্পাদক অৰূপ কুমাৰ মহন্তই উল্লেখ কৰে যে, যিসময়ত অসমৰ বিৰোধী দলসমূহে পুনৰ্বাসনৰ ব্যৱস্থা নকৰাকৈ চৰকাৰে উচ্ছেদকাৰ্য বন্ধ কৰিবলৈ দাবী উত্থাপন কৰি আহিছে সেই সময়ত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে সকলো বিৰোধী দল আৰু সংগঠনৰ মতক উপেক্ষা কৰি চলোৱা উচ্ছেদ কৰা কাৰ্যই চৰকাৰৰ ফেচিষ্ট মনোভাৱক প্ৰকট কৰিছে৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এহাতেদি মিছন বসুন্ধৰা ২.০ আঁচনিৰ অধীনত ‘মোৰ মাটি, মোৰ অধিকাৰ’ শ্ল’গানেৰে সাধাৰণ চৰকাৰী আৰু চিলিং চৰকাৰী ভূমিৰ পট্টন, দখলীস্বত্ব থকা ৰায়তক মালিকীস্বত্ব প্ৰদান, গাঁৱলীয়া চৰণীয়া পথাৰ বা বৃত্তিগত চৰণীয়া পথাৰত পূৰ্বে আৱণ্টিত আৰু সংস্থাপিত উপযুক্ত লোকক ভূমি পট্টনৰ নীতি আৰু বিধি ঘোষণা কৰিছে৷ আনহাতেদি নিজে কৰা ঘোষণা অসাৰ কৰি বটদ্ৰৱাত যি উচ্ছেদকাৰ্য চলালে সেয়া হৈছে দুখীয়া শ্ৰমজীৱী কৃষি শ্ৰমিক আৰু মুছলমান ৰাইজৰ বিৰুদ্ধে থকা ঘৃণা আৰু বিদ্বেষৰ বাহিৰে আন একো নহয়৷ গ্ৰামীণ শ্ৰমিক সন্থাৰ নেতাদ্বয়ে লগতে উল্লেখ কৰে যে, চৰকাৰৰ দ্বাৰা ঘোষিত আঁচনিত ৰাইজে অংশলোৱাৰ কোনো সুবিধা প্ৰদান নকৰি উচ্ছেদকাৰ্য চলাই চৰকাৰে নিজৰ প্ৰকৃত স্বৰূপ উদঙাই দেখুৱালে৷ এই উচ্ছেদৰ পিছফালে সোণোৱাল চৰকাৰৰ দিনত গ্ৰহণ কৰা লেণ্ডবেঙ্ক নীতি সন্নিৱিষ্ট হৈ আছে৷ মহন্ত আৰু বৰ্ধনে প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰা মতে, হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এতিয়া আয়ৰ একমাত্ৰ উৎস হৈ পৰিছে কৰ আৰু বিভিন্নধৰণৰ জৰিমনা আদায় আৰু উন্নয়নৰ নামত বিভিন্ন উৎসৰ পৰা আহৰণ কৰা ১,৪০,০০০ কোটি টকা ঋণ৷ স্থায়ী আয়ৰ উৎস সৃষ্টি নকৰি কেৱল হিতাধিকাৰী সৃষ্টিৰ নামত কৰা ব্যয়ৰ জোৰা মাৰিবলৈ আম্বানি-আদানি-পতঞ্জলিসহিতে বৰ বৰ বণিয়াৰ বাবে লেণ্ড বেঙ্কত ভূমি জমা কৰি ভূমি গতাই দিবলৈ দৰাচলতে এই উচ্ছেদকাৰ্য অব্যাহত ৰাখিছে৷ কৰ্প’ৰেট স্বাৰ্থবাহী বিজেপি-আৰএছএছে আগন্তুক পঞ্চায়ত নিৰ্বাচন আৰু মিছন-২০২৪ ৰ পূৰ্বে ভোটাৰ ৰাইজ আৰু অসমবাসীৰ মাজত সাম্প্ৰদায়িক মেৰু বিভাজনৰ কামো সমানে আগবঢ়াই নিছে৷ এনে দুখীয়াবিৰোধী কৰ্প’ৰেটপন্থী সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰুদ্ধে সকলো গণতান্ত্ৰিক সংগঠন আৰু ব্যক্তিৰ ঐক্যবদ্ধ প্ৰতিবাদৰ বিকল্প নাই বুলি বিবৃতিত নেতাদ্বয়ে প্ৰকাশ কৰে৷