Logo
image

১৩ হাজাৰ উপভোক্তাৰ বাবে জাইকা প্ৰকল্পৰ শুভাৰম্ভ

ডিজিটেল ডেস্ক, ২২ ডিচেম্বৰ:  মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই খাৰঘূলিস্থিত জল পৰিশোধন প্লাণ্টৰ চৌহদত আয়োজিত এক অনুষ্ঠানত জাইকাৰ সাহায্যপ্ৰাপ্ত গুৱাহাটী পানী যোগান প্ৰকল্পৰ জৰিয়তে আংশিক পানী যোগান সেৱা ৰাইজৰ বাবে উৎসৰ্গা কৰে৷ গুৱাহাটী মহানগৰীৰ জনসাধাৰণক বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ লক্ষ্যৰে ২০০৯ চনত আৰম্ভ হোৱা এই প্ৰকল্পটো ২০২৪ চনত সম্পূৰ্ণভাৱে কাৰ্যক্ষম হৈ উঠিব৷ এই প্ৰকল্পটো সম্পূৰ্ণ ৰূপে কাৰ্যক্ষম হৈ উঠিলে ১.২৫ লাখ গৃহলৈ ২৪ ঘণ্টাই বিশুদ্ধ খোৱা পানী যোগান ধৰিব পৰা যাব৷ উল্লেখ্য, আজি আংশিকভাৱে মুকলি হোৱা এই প্ৰকল্পটোৰ জৰিয়তে প্ৰায় ১৩ হাজাৰ গৃহলৈ পানী যোগান ধৰাৰ ব্যৱস্থা কৰা হৈছে৷ এই উপলক্ষে আয়োজিত সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে এই আংশিক পানী যোগানে  মহানগৰ বাসীৰ আশা-আকাংক্ষা ৰূপায়ণৰ দিশত এক মাইলৰ খুঁটি স্বৰূপ হৈ ৰ’ব বুলি অভিহিত কৰে৷ মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে যে এই প্ৰকল্পৰ আংশিক কাম-কাজে চহৰখনৰ বহু সংখ্যক পৰিয়ালৰ পানীৰ অভাৱ দূৰ কৰিব পাৰিব৷ ৰ লাখৰো অধিক পৰিয়াললৈ পানী যোগান ধৰাটো সুনিশ্চিত কৰাৰ বাবে ২০২৪ চনৰ মাৰ্চ মাহৰ ভিতৰত ইয়াক সম্পূৰ্ণ কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ এই আংশিক পানী যোগান ব্যৱস্থাৰ জৰিয়তে পূৱ গুৱাহাটী সমষ্টিৰ জনসাধাৰণলৈ বিশুদ্ধ খোৱা পানী যোগান ধৰিব পৰা যাব৷ এয়া অঞ্চলবাসী ৰাইজৰ এক দীৰ্ঘদিনীয়া দাবী আছিল৷ ২০০৯ চনত আৰম্ভ হোৱাৰে পৰা আজি ইয়াৰ আংশিক কাম-কাজলৈ ১৩ বছৰ পলম হোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে জাপান আন্তঃৰাষ্ট্ৰীয় সহযোগী সংস্থা [জাইকাই] এক দশকৰো অধিক সময় প্ৰদৰ্শন কৰা নমনীয়তা আৰু ধৈৰ্যৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে৷ মুখ্যমন্ত্ৰীয়ে এই প্ৰকল্প আৰম্ভণিৰ পিছৰ সময়ছোৱাত ইয়াৰ গতি লেহেমীয়া হোৱাৰ বাবে দুখ প্ৰকাশ কৰাৰ লগতে ৰাজ্যখনৰ বিভিন্ন পৰ্যায়ত ৰূপায়িত হৈ থকা জাইকাৰ সাহায্যপ্ৰাপ্ত সকলো প্ৰকল্প ৰূপায়িত কৰাৰ দিশত ৰাজ্য চৰকাৰে উচ্ছ অগ্ৰাধিকাৰ প্ৰদান কৰিব বুলি কয়৷ মুখ্যমন্ত্ৰীয়ে লগতে কয় যে আজি আংশিকভাৱে শুভাৰম্ভ হোৱা এই প্ৰকল্পৰ জৰিয়তে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বহনক্ষম বিকাশ আৰু উন্নয়নৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লক্ষ্যক বাস্তৱায়িত কৰিলে৷ মুখ্যমন্ত্ৰীয়ে কয় যে এইটো এক প্ৰকল্পই নহয়, ভাৰত আৰু জাপানৰ মাজত পাৰস্পৰিক সহযোগিতা  আৰু বিশ্বাসৰো এক প্ৰতীক৷ দুয়োখন ৰাষ্ট্ৰৰ মাজত পাৰস্পৰিক বিশ্বাস আৰু সহযোগিতাৰ ৭০ বছৰ সম্পূৰ্ণ হোৱঙ্গৰ বিষয়টো উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে আগন্তুক বছৰবোৰত এই সম্পৰ্ক পূৰ্বতকৈ অধিক শক্তিশালী হৈ উঠিব৷ অনুষ্ঠানত ভাষণ প্ৰদান কৰি গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ বিভাগৰ মন্ত্ৰী অশোক সিংহলে কয় যে জাইকা সাহায্যপ্ৰাপ্ত গুৱাহাটী পানী যোগান আঁচনিৰ কাম-কাজ বিগত ১৩ টা বছৰে বিভিন্ন কাৰণত অতিশয় লেহেমীয়া গতিত আগবাঢ়িছিল৷ কিন্তু ২০২১ চনত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছতেই এই প্ৰকল্পক পুনৰুজ্জ্বীৱিতকৰণৰ বাবে মুখ্যমন্ত্ৰীয়ে তেওঁক দায়িত্ব অৰ্পণ কৰিছিল৷ সেই অনুসৰি মুখ্যমন্ত্ৰী  ড॰ শৰ্মাৰ সবল নেতৃত্ব আৰু নিৰন্তৰ মাৰ্গদৰ্শনক সাৰথি কৰি, দায়িত্বত নিয়োজিত প্ৰতিগৰাকী বিষয়া-কৰ্মচাৰীৰ কৰ্তব্যনিষ্ঠা তথা অশেষ কষ্টৰ বিনিময়ত নতুন চৰকাৰে দায়িত্ব গ্ৰহণ কৰাৰ ১৮ মাহৰ পিছতেই আজি এই প্ৰকল্প কৰ্মক্ষম হৈ উঠিল৷ গুৱাহাটী পানী যোগান আঁচনিৰ বাকীকেইটা প্ৰকল্পৰ কাম-কাজো পূৰ্ণগতিত অব্যাহত থকাৰ কথা উল্লেখ কৰি মন্ত্ৰী সিংহলে কয় যে এই গতি অব্যাহত থাকিলে অহা বছৰটো নাইবা ২০২৪ চনৰ প্ৰথম তিনিমাহৰ ভিতৰত গুৱাহাটীৰ অধিকাংশ এলেকাৰ ৰাইজক খোৱাপানীৰ সুবিধা প্ৰদানৰ লক্ষ্যত উপনীত হ’ব পৰা যাব৷ অনুষ্ঠানত জাপান চৰকাৰৰ ভাৰতস্থ দূতাবাসৰ মিনিষ্টাৰ তথা ডেপুটি চিফ্‌ অৱ মিছন কুনিহিকু কাৱাজু, জাইকা ইণ্ডিয়া কাৰ্যালয়ৰ মুখ্য প্ৰতিনিধি মিট্‌চুনৰি চাইটু, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, অসম চৰকাৰৰ আয়ুক্ত সচিব কবিতা পদ্মনাভন প্ৰমুখ্যে উচ্ছপদস্থ বিষয়াসকল উপস্থিত থাকে৷

২০২৪ চনৰ ভিতৰত সম্পূৰ্ণ হ’ব ৰাজ্যৰ সকলো প্ৰকল্প

 ২০২৩ চনৰ দুৰ্গা পূজাৰ সময়ত মুকলি কৰা হ’ব গুৱাহাটীৰ জু-ৰোডৰ উৰণীয়া সেতু৷ মালিগাঁও উৰণীয়া সেতু মুকলি কৰা হ’ব ২০২৩ চনৰ এপ্ৰিল-মে’ মাহত৷– এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ বুধবাৰে জাইকাৰ পানীযোগান প্ৰকল্পৰ আংশিক পানী যোগান মুকলি কৰি মুখ্যমন্ত্ৰী শৰ্মাই আৰু কয়– আমি গুৱাহাটীৰ সৌন্দৰ্য বৃদ্ধিৰ বাবে ব্ৰহ্মপুত্ৰৰ ওপৰত জেপি নিৰ্মাণ কৰিছোঁ৷ ব্ৰহ্মপুত্ৰৰ পাৰত ৰিভাৰ ফ্ৰণ্ট নিৰ্মাণ কৰি আছোঁ৷ গুৱাহাটীৰ আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে যোৱা ডেৰটা বছৰে নিৰন্তৰভাৱে কাম কৰি আছোঁ৷ অহা বছৰ গুৱাহাটীৰ ৰিং ৰোডৰ প্ৰকল্পৰ কাম আৰম্ভ হ’ব৷ এই প্ৰকল্প সম্পূৰ্ণ হ’লে বাইহাটা চাৰিআলিৰ পৰা জাগীৰোড হৈ গুৱাহাটীলৈ নাৰেংগী কুৰুৱাৰ ওপৰেদি যোগাযোগ সূচল হৈ উঠিব৷ গুৱাহাটী পৌৰ নিগম সাংঘাটিক ধৰণে সম্প্ৰসাৰিত হ’ব৷ চানমাৰি, নুনমাটি আৰু গুৱাহাটী ক্লাবৰ মাজত প্ৰায় ৭ কিলোমিটাৰৰ উৰণ সেতুৰ অনুমোদন জনাইছোঁ৷ গুৱাহাটীত যান-জঁট একেবাৰে নোহোৱা কৰিব বিচাৰিছোঁ৷ প্ৰায় সকলো প্ৰকল্প ২০২৪ চনৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব৷