Logo
image

অপৰাধ বাঢ়িছে, উদ্বিগ্ন মুখ্যমন্ত্ৰীও : যোৱা এমাহে গুৱাহাটীত বহু ঘটনা ঘটিছে, এই বিষয়ে ময়ো চিন্তা কৰি আছোঁ

আমাৰ অসম, ২৩ ডিচেম্বৰ: শেহতীয়াভাৱে ৰাজ্যত যেন সুলভ হৈ পৰিছে অপৰাধ৷ হত্যা-অপহৰণ, চুৰি-ডকাইতি আজিৰ তাৰিখত যেন এক নৈমত্তিক ঘটনাত পৰিণত হৈছে৷ ৰাজ্যৰ ক’ত সংঘটিত হোৱা নাই অপৰাধজনিত ঘটনা৷ অন্যতো বাদেই অহৰ্নিশে নিশ্চিদ্ৰ নিৰাপত্তা বেষ্টনীৰ মাজত থকা অসম বিধানসভাৰ বিধায়ক আবাসৰ পৰাও বুধবাৰে নিশা অতি সন্দৰ্পণে চোৰে লৈ যায় এখন চৰকাৰী বলেৰ’ গাড়ী৷ ৰাজ্যৰ ভিতৰত সৰ্বাধিক আৰক্ষী নিয়োজিত গুৱাহাটী মহানগৰী যেন আজি কাৰো বাবে নিৰাপদ নহয়৷ গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ অধীনত ২০খন থানা আৰু ১৭খন আৰক্ষী চকী থকাৰ পাছতো ৰাজধানী চহৰখন অপৰাধীৰ ৰম্যভূমি হৈ পৰিছে৷ গুৱাহাটীৰ অলিয়ে-গলিয়ে পিষ্টলেৰে ভাবুকি দি মহিলাৰ ডিঙিৰ পৰা সোণৰ অলংকাৰ কাঢ়ি নিয়াৰ ঘটনা দৈনিক কিমান সংঘটিত হৈ আছে তাৰ কোনো লেখ-জোখ নাইকীয়া হৈ পৰিছে৷ পিষ্টল দেখুৱাই, গুলী ফুটাই ধন লুটৰ ঘটনাও আজি গুৱাহাটীত সহজলভ্য হৈ পৰিছে৷ শিশু অপহৰণৰ দৰে ঘটনাও সংঘটিত হৈ আছে ৰাজধানী চহৰখনত৷ লক্ষণীয়ভাৱে ৰাইজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা প্ৰদানত চৰমভাৱে ব্যৰ্থ হোৱাৰ পাছতো অধিকাংশ অপৰাধজনিত ঘটনাৰে জড়িত অভিযুক্তৰ সন্ধান লাভত আৰক্ষী সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে৷ চিচি টিভি কেমেৰাৰ সন্মুখতে সংঘটিত হৈছে বহুকেইটা গুৰুতৰ অপৰাধজনিত ঘটনা৷ মহিলা-শিশু-বৃদ্ধ, যুৱক-যুৱতী কোনেও সাৰি যোৱা নাই দুবৃৰ্ত্তৰ হাতোৰাৰ পৰা৷ যাৰ ফলত ৰাজ্যৰ শেহতীয়া ক্ৰমবৰ্ধমান অপৰাধজনিত ঘটনাক লৈ উদ্বিগ্ন হৈ পৰিছে গৃহ বিভাগৰো দায়িত্বত থকা স্বয়ং মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাও৷ বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত নিজৰ উদ্বিগ্নতা প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয়– এই বিষয়টো এতিয়া অলপ চিন্তাৰ কাৰণ হৈ আছে৷ যোৱা এমাহ ধৰি গুৱাহাটীত বিভিন্ন ধৰণৰ চুৰি-ডকাইতি, গাড়ী চুৰি আদিৰ দৰে ঘটনা সংঘটিত হৈ আছে৷ তাক লৈ ময়ো চিন্তা কৰি আছোঁ৷ এইটো উদ্বেগৰ কাৰণ হৈ পৰিছে৷ গুৱাহাটীৰ আৰক্ষীয়ে ইয়াৰ পূৰ্বেও এনে সমস্যাসমূহ সফলতাৰে সমাধান কৰিব পাৰিছে৷ এইটো মাত্ৰ সময়ৰ কথা৷ আমি গোটেই অপৰাধবিলাক ধৰা পেলাব পাৰিম৷