Logo
image

সাৱধান! : এতিয়া মুকলি আকাশৰ তলত 'বিকিনী কিলাৰ'

ডিজিটেল ডেস্ক : বিকিনী কিলাৰ হিচাপে খ্যাত হত্যাকাৰী চাৰ্লছ শোভৰাজ এতিয়া মুকলি আকাশৰ তলত৷ ১৯ বছৰ কাৰাগাৰত থকাৰ পিছত কুখ্যাত অপৰাধী চাৰ্লছ শোভৰাজক শুকুৰবাৰে নেপালৰ শীৰ্ষ আদালতৰ নিৰ্দেশত কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হয়। আদালতে চাৰ্লছ শোভৰাজক মুক্তিৰ নিৰ্দেশ দিয়াৰ লগতে তেওঁক আজীৱন নেপালত প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। আনহাতে আজি নিশাৰ ভিতৰত তেওঁক ডুবাই হৈ ফ্ৰান্সলৈ প্ৰেৰণ কৰাৰ প্ৰস্তুতি চলোৱা হৈছে৷

নেপালৰ সৰ্বোচ্ছ ন্যায়ালয়ৰ নিৰ্দেশ পিছতো কাৰাগাৰ কৰ্তৃপক্ষই ২২ ডিচেম্বৰত শোভৰাজক মুক্তি দিবলৈ অস্বীকাৰ কৰিছিল। প্ৰশাসনৰ ফালৰ পৰা কোৱা হৈছিল যে উচ্চতম ন্যায়ালয়ৰ বিচাৰ অস্পষ্ট আছিল আৰু কোনটো গোচৰৰ ক্ষেত্ৰত তেওঁক মুক্তি দিয়া হৈছিল সেয়া উল্লেখ কৰা হোৱা নাছিল। উল্লেখ্য যে চাৰ্লছ শোভৰাজৰ বিৰুদ্ধে কেইবাটাও হত্যাৰ গোচৰ চলি আছে। শোভৰাজক দুগৰাকী বিদেশী যুৱতীক হত্যাৰ অপৰাধত আজীৱন কাৰাদণ্ডৰ শাস্তি বিহা হৈছিল৷ ইয়াৰ উপৰিও কাৰাগাৰত হত্যাৰ চেষ্টাৰ গোচৰত দোষী সাব্যস্ত হৈছিল শোভৰাজ। কাৰাগাৰ কৰ্তৃপক্ষই কয় যে উচ্চতম ন্যায়ালয়ৰ পৰা সকলো স্পষ্ট হোৱাৰ পিছতহে তেওঁক মুক্তি দিয়া হ'ব।  

চাৰ্লছ শোভৰাজে কাৰাদণ্ডৰ শাস্তি সম্পূৰ্ণ কৰাৰ পিছত নেপালৰ উচ্চতম ন্যায়ালয়ে তেওঁক মুক্তি দিয়াৰ সিদ্ধান্ত লয়। ন্যায়ধীশ স্বপ্না প্ৰধান মাল্লা আৰু তিল প্ৰসাদ শ্ৰেষ্ঠৰ যুটীয়া বিচাৰপীঠে শোভৰাজক মুক্তি দিয়াৰ নিৰ্দেশ দিয়ে। উল্লেখ্য যে শোভৰাজে কাৰাগাৰৰ পৰা মুকলি হ'বলৈ এখন আবেদন দাখিল কৰিছিল। তেওঁ কৈছিল যে তেওঁ নিৰ্ধাৰিত সময়তকৈ অধিক সময় কাৰাগাৰত আছে, সেয়েহে তেওঁক মুক্তি দিয়া উচিত। নেপালৰ উচ্চতম ন্যায়ালয়ে তেওঁৰ আবেদন গ্ৰহণ কৰে আৰু তাৰ ভিত্তিতে চাৰ্লছ শোভৰাজক কাৰাগাৰৰ পৰা মুকলি কৰাৰ নিৰ্দেশ দিয়ে। লগতে ন্যায়ালয়ে এইটোও নিৰ্দেশ দিছিল যে চাৰ্লছ শোভৰাজক মুকলি কৰাৰ ১৫ দিনৰ ভিতৰত তেওঁক নিজা দেশলৈ প্ৰেৰণ কৰিব লাগিব৷ আদালতৰ নিৰ্দেশৰ পিছতে ফ্ৰান্স চৰকাৰৰ ফালৰ পৰা তেওঁক দেশলৈ ঘূৰাই নিয়াৰ ব্যৱস্থা কৰা হৈছে৷

'বিকিনী কিলাৰ' হিচাপে খ্যাত শোভৰাজে ১৯৭৫ চনত নেপালত আমেৰিকান মহিলা কানি জো ব্ৰ'ঞ্জিক হত্যাৰ গোচৰত ২০০৩ চনত আজীৱন কাৰাদণ্ডৰ শাস্তি বিহা হৈছিল। ইয়াৰ পিছত ২০১৪ চনত কানাডিয়ান পৰ্যটক লৰেণ্ট কেৰিয়াৰক হত্যাকাণ্ডতো দোষী সাব্যস্ত হৈছিল শোভৰাজ৷ যাৰ বাবে তেওঁক দ্বিতীয়বাৰৰ বাবে আজীৱন কাৰাদণ্ডৰ শাস্তি দিয়া হৈছিল। নেপালত আজীৱন কাৰাদণ্ডৰ অৰ্থ হৈছে ২০ বছৰৰ কাৰাবাস।

চাৰ্লছ সোভৰাজৰ জন্ম ১৯৪৪ চনৰ ৬ এপ্ৰিলত ভিয়েটনামৰ চাইগনত হৈছিল। তেওঁৰ মাতৃ ভিয়েটনামী আছিল আৰু পিতৃ ভাৰতীয় আছিল। তেওঁৰ জন্মৰ সময়ত ভিয়েটনাম ফ্ৰান্সে দখল কৰিছিল। যাৰ বাবে তেওঁৰ ফ্ৰান্সৰ নাগৰিত্ব লাভ কৰিছিল৷ চাৰ্লছ শোভৰাজৰ প্ৰকৃত নাম হৈছে হতচণ্ড ভাওনানী গুৰুমুখ চাৰ্লছ শোভৰাজ৷  বিদেশী যুৱতীক হত্যাৰ পিছত অপৰাধৰ জগতত তেওঁ 'বিকিনী কিলাৰ' আৰু 'দ্য ছাৰ্পেণ্ট' নামেৰে পৰিচিত হৈছিল৷