Logo
image

ধেমাজিত বিভিন্ন প্ৰকল্প ঘোষণা মুখ্যমন্ত্ৰীৰ

ডিজিটেল ডেস্ক, ২৪ ডিচেম্বৰ:  ‘আজি ধেমাজিৰ উন্নয়নৰ এটা নতুন জাগৰণৰ সৃষ্টি হৈছে৷ অসমত পাঁচখনকৈ নতুন মেডিকেল কলেজ আৰু প্ৰতিখন জিলাত নতুন জিলা উপায়ুক্তৰ কাৰ্যালয় স্থাপনকে ধৰি প্ৰায় ১৫ হাজাৰ কোটি টকাৰ  কাম আৰম্ভ কৰা হৈছে৷ এই পৰিক্ৰমাৰ অংশ হিচাপে ধেমাজিৰ প্ৰকল্পবোৰ হাতত লোৱা হৈছে৷’  বিকাশৰ বাবে এপষেক কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইদৰে কয়৷ ধেমাজি কাছাৰী ময়দানত আয়োজিত এক বিশাল অনুষ্ঠানৰ আৰম্ভণিতে ধেমাজি সমষ্টিৰ বিধায়ক তথা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আদৰণি ভাষণ আগবঢ়োৱাৰ পাছতে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই ৰাইজক উদ্দেশ্যি স্বভাৱজাত ভাষণ আগবঢ়ায়৷ ভাষণত তেওঁ অসমৰ সকলো জাতি-জনগোষ্ঠীৰ লোক ধেমাজিত বাস কৰে বুলি উল্লেখ কৰি সমগ্ৰ অসমৰ বাৰেৰহণীয়া মানচিত্ৰখন ধেমাজি জিলাত দেখা যায় বুলি মন্তব্য কৰে৷ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত দিয়া প্ৰতিশ্ৰুতিবোৰ পূৰণ কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখি আজি সেই প্ৰতিশ্ৰুতি আৰু মানুহৰ মনৰ সন্দেহ যৱনিকা পেলোৱা হয় বুলি কয়৷ আধাঘণ্টাজোৰা ভাষণত তেওঁ ধেমাজি মেডিকেল কলেজৰ ভূমিদাতাসকলক কৃতজ্ঞতা জনাই আগন্তুক ৩যচ্ছ্ৰ বছৰৰ ভিতৰত মেডিকেল কলেজখন ৰাইজৰ বাবে মুকলি কৰি দিয়া হ’ব বুলি কয়৷ তদুপৰি, আজি শিলান্যাস-আধাৰশিলা অথবা ভূমিপূজন কৰা প্ৰতিখন আঁচনিয়ে কেনেকৈ উপকৃত কৰিব সেই সন্দৰ্ভত বক্তব্য আগবঢ়োৱাৰ লগতে ধেমাজিত মেডিকেল কলেজ স্থাপন কৰাৰ ক্ষেত্ৰত বিশ্বাস কৰা লোকসকলৰ বিশ্বাস অটুট ৰাখি আৰু অবিশ্বাস কৰা লোকসকলক মনত বিশ্বাস আৰু আশাৰ নতুন বন্তি এগছি জ্বলাই ধেমাজি জিলা উপায়ুক্তৰ বাবে প্ৰায় ৫০ কোটি টকাৰ এক সংহত কাৰ্যালয় নিৰ্মাণ কৰা হ’ব বুলি কয়৷  ধেমাজিৰ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানটো ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ দৰে আধুনিক প্ৰযুক্তিৰে গঢ়ি তোলা হ’ব বুলি কয়৷ ধেমাজিৰ বুটিকোৰ-তেলিজান পথটো ৰাষ্ট্ৰীয় ঘাইপথৰ গুণগত মানসম্পন্নৰে আহল-বহলকৈ নিৰ্মাণ কৰা হ’ব যাৰ ফলত এটা সুন্দৰ ইক’নমিক ক’ৰিডৰৰ সৃষ্টি হ’ব বুলি কয়৷ যেতিয়া এখন জিলাত মেডিকেল কলেজ, অভিযান্ত্ৰিক মহাবিদ্যালয়, পলিটেকনিক প্ৰতিষ্ঠান, জিলা উপায়ুক্তৰ কাৰ্যালয়, আধুনিক প্ৰযুক্তিৰ ৰাস্তা-ঘাট, মথাউৰি আৰু বিজুলী যোগান সম্পূৰ্ণ হ’ব তেতিয়া সেই জিলা কেতিয়াও পিছপৰা জিলা নহয় বৰঞ্চ অসমৰ আটাইতকৈ বিকশিত জিলা হিচাপে স্বীকৃতি দিব পৰা যায় বুলি কয়৷ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই আপোনালোকৰ আস্থা আৰু বিশ্বাসক উন্নয়নৰ ৰূপত ওভতাই দিবলৈ পাই আমি গৌৰৱ অনুভৱ কৰিছোঁ বুলি উল্লেখ কৰে আৰু ধেমাজিৰ শিক্ষাখণ্ডৰ উন্নয়নৰ কাৰণে জিলাখনৰ আটাইবোৰ হাইস্কুললৈ পৰ্যায়ক্ৰমে ৭-৮ কোটি টকাকৈ প্ৰদান কৰা হ’ব বুলি কয়৷ নিযুক্তিৰ প্ৰক্ৰিয়াই এক নতুন পথ লৈছে বুলি উল্লেখ কৰি অৰুণোদয় আঁচনিৰ অধীনত ধেমাজিৰ আৰু বিশ হাজাৰ লোক অন্তৰ্ভুক্ত হ’ব বুলি কয়৷ উল্লেখ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধেমাজি জিলাখনৰ উন্নয়নৰ দিশত এক দৃষ্টান্তমূলক পৰিৱৰ্তন অনাৰ স্বাৰ্থত ১,২২০.২১ কোটি টকাৰ নিৰ্ধাৰিত ব্যয়েৰে ২০টা প্ৰকল্পৰ ভূমি পূজন, শুভাৰম্ভ আৰু আধাৰশিলা স্থাপন কৰে৷ আধাৰশিলা স্থাপন কৰা প্ৰকল্পসমূহ হ’ল ক্ৰমে ধেমাজি চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ আন্তঃগাঁথনি প্ৰকল্প, ধেমাজি সংহত জিলা উপায়ুক্ত কাৰ্যালয়, দেউৰীবিলত জিলা ক্ৰীড়া প্ৰকল্প, চিলাপথাৰত মিনি ষ্টেডিয়াম, ধেমাজি চৰকাৰী ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানক উৎকৰ্ষৰ কেন্দ্ৰলৈ উন্নীতকৰণ, ধেমাজি চৰকাৰী পলিটেকনিক শিক্ষা প্ৰতিষ্ঠানক উৎকৰ্ষৰ কেন্দ্ৰলৈ উন্নীতকৰণ, ঢকুৱাখনাৰ পৰা বুটিকোৰ হৈ তেলীজানলৈ পথছোৱাৰ উন্নীতকৰণ আঁচনি, আমগুৰিৰ [লুটাচুৰ] পৰা চিচিকলঘৰলৈ ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰৰ মথাউৰিৰ ওপৰেৰে পথৰ নিৰ্মাণকাৰ্য, ধেমাজি চাৰিআলিৰ পৰা অসামৰিক চিকিৎসালয় বঙালমাৰী [বটুৱামিৰি] হৈ দুসুঁতিমুখলৈ পথৰ নিৰ্মাণকাৰ্য, ধেমাজি ৰে’লৱে ষ্টেচনৰ ফিদাৰ পথৰ থানা তিনিআলিৰ পৰা আদিকলীয়ালৈ পথৰ নিৰ্মাণকাৰ্য, গাই নৈৰ ওপৰত ৪৮০ মিটাৰ দৈৰ্ঘ্যৰ দলং আৰু পথ নিৰ্মাণ, মেচাকি, জয়ৰামপুৰ, গালি আৰু বুটিকোৰত একোটাকৈ নতুন ৩৩যৰৰ কেভিৰ বিদু্যৎ উপ-কেন্দ্ৰ৷ আনহাতে, ভূমিপূজন সম্পন্ন হোৱা প্ৰকল্পসমূহ হ’ল-চিচি কলঘৰৰ পৰা দেউৰীঘাটলৈ ব্ৰহ্মপুত্ৰৰ মথাউৰিৰ ওপৰেৰে পথ নিৰ্মাণকাৰ্য আৰু সোণাৰি গাঁৱৰ পৰা দিজমূৰলৈ ব্ৰহ্মপুত্ৰৰ মথাউৰিৰ ওপৰেৰে পথৰ নিৰ্মাণকাৰ্য৷ একেদৰে উদ্বোধন কৰা প্ৰকল্পসমূহ ধেমাজিৰ কাৰিচুক তিনিআলিৰ পৰা ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয়লৈ নতুনকৈ নিৰ্মাণ কৰা পথ, ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ শিলিখাগুৰিৰ পৰা লক্ষ্মীপথাৰলৈ নতুনকৈ নিৰ্মাণ কৰা পথ আৰু বালিজানত নতুন ৩৩/১১ কেভি [২১০] এম ভি এ জি আই এছ বিদু্যৎ উপকেন্দ্ৰ৷ আজিৰ অনুষ্ঠানত ৰাজ্য চৰকাৰৰ মন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু কেশৱ মহন্ত, জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগু, মিছিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱাল, জিলা পৰিষদৰ  সভাপতি মোহন গগৈ, বড়ো-কছাৰী উন্নয়ন পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মিহিনেশ্বৰ বসুমতাৰী, গৃহ নিৰ্মাণ পৰিষদৰ উপাধ্যক্ষ সুভাষ দত্ত, উপায়ুক্ত অসীম কুমাৰ ভট্টাচাৰ্য উপস্থিত থাকে৷