Logo
image

যুদ্ধ শেষ!

ডিজিটেল ডেস্ক, ২৪ ডিচেম্বৰ: ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্‌লাডিমিৰ পুটিনে ইউক্ৰেইনৰ বিৰুদ্ধে চলাই থকা যুদ্ধৰ অৱসান ঘটোৱাৰ ইংগিত দিয়াত বিশ্বজুৰি এই সৰ্বনশীয়া যুদ্ধখন বন্ধ হ’ব পাৰে বুলি চৰ্চা হৈছে৷ এতিয়াও ইউক্ৰেইনত প্ৰৱল আক্ৰমণ চলাই থকা অথচ আশানুৰূপ ফলাফল লাভ নকৰা ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে কূটনৈতিক ব্যৱস্থাৰে এই সংঘাতৰ অৱসান ঘটাব পাৰি বুলি মন্তব্য কৰিছে৷ পুটিনৰ এই মন্তব্যৰ পাছতে চৰ্চা হৈছে, সম্ভৱতঃ ইউক্ৰেইনক এতিয়াও বশ কৰিব নোৱাৰি আৰু দেশখন দখল  কৰিব নোৱাৰি ৰাছিয়াই কূটনৈতিক উপায়েৰে যুদ্ধ সামৰি লাভান্বিত হোৱাৰ চেষ্টা চলাবলৈ আগবাঢ়িছে৷ শীত আৰম্ভ হোৱাৰ লগে লগে ৰাছিয়াই আক্ৰমণৰ চোক বঢ়াই দিলেও সমান শক্তিৰে প্ৰতিৰোধ কৰিছে ইউক্ৰেইনে৷ অশেষ ক্ষতি হ’লেও ৰাছিয়াৰ তুলনাত শক্তিহীন দেশখনে পৰাজয় স্বীকাৰ কৰা নাই৷ বৰং সকলো ক্ষয়-ক্ষতি সহি সামৰি পশ্চিমীয়া ৰাষ্ট্ৰৰ পৰা লাভ কৰা ধন আৰু অস্ত্ৰশক্তিৰ বলেৰে বলীয়ান হৈ আত্মৰক্ষাৰ বাবে যুদ্ধ  অব্যাহত ৰাখিছে৷ ৰাছিয়া আৰু সেই অঞ্চলৰ প্ৰৱল শীতত যুদ্ধ অব্যাহত ৰখা কঠিনতকৈও কঠিনতম কাৰ্য৷ ইতিহাসত দুই বীৰ নেপোলিয়ন বোনাপাৰ্ট আৰু এডলফ্‌ হিটলাৰ ৰাছিয়াৰ শীতৰ কবলত পৰি যুদ্ধত পৰাস্ত হৈছিল আৰু সেয়াই তেওঁলোকৰ বাবে কাল হৈ পৰিছিল৷ সেই ইতিহাস পুটিনেও জানে৷ সেয়ে তেওঁ সম্ভৱতঃ যুদ্ধ আৰু আক্ৰমণ বন্ধ কৰি কূটনৈতিকভাৱে আলোচনাৰ মাধ্যমেৰে ইউক্ৰেইনক বশ্যতা স্বীকাৰ কৰিবলৈ বাধ্য কৰোৱাৰ পৰিকল্পনা লৈছে৷ পুটিনৰ এই মন্তব্য শুনাৰ পাছতে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিয়ে এয়া পুটিনৰ ভয়ংকৰ ৰাজনৈতিক আৰু কূটনৈতিক কৌশল বুলি মন্তব্য কৰিছে আৰু তেওঁলোকে যুদ্ধ বন্ধ নকৰে বুলি ঘোষণা কৰিছে৷ ইউক্ৰেইনে আমেৰিকাৰ পৰা ১.৮৫ বিলিয়ন মাৰ্কিন ডলাৰৰ সামৰিক সাহায্য লাভ কৰা নিশ্চিত হৈছে৷ সেই সামৰিক সাহায্য হাতত পৰিলে ইউক্ৰেইনৰ শক্তি অভাৱনীয়ভাৱে বৃদ্ধি পাব৷ সেয়ে জেলেনস্কিয়ে পুটিনৰ কূটনৈতিক আলোচনাৰ প্ৰস্তাৱ পোনপটীয়াকৈ অগ্ৰাহ্য কৰিছে৷ তেওঁৰ মতে পুটিনৰ প্ৰস্তাৱ মানি ল’লে ইউক্ৰেইনক ৰাছিয়াই বশ কৰিব আৰু তেনে শান্তি আলোচনাত ৰাছিয়াহে লাভান্বিত হ’ব৷ সেয়ে তেওঁ পুটিনৰ ইংগিত নাকচ কৰি দেশৰক্ষাৰ বাবে যুদ্ধ চলাই যোৱাৰ অংগীকাৰ কৰিছে৷