Logo
image

বিধানসভাৰ ‘বহুৱা’ কোন

 ডিজিটেল ডেস্ক, ২৪ ডিচেম্বৰ:  বিধানসভাৰ ‘বহুৱা’ কোন ইয়াৰ সন্ধান দিলে কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদে৷ শুকুৰবাৰে বিধানসভাৰ বাহিৰত সাংবাদিকৰ আগত বিধায়ক শ্বেৰমান আলী আহমেদে ক’লে– “বিধায়কসকলৰ মাজত বহুৱালি কৰাৰ প্ৰতিযোগিতা পাতিলে ৰূপজ্যোতি কুৰ্মীয়ে প্ৰথম পুৰস্কাৰ পালেহেঁতেন৷ তেওঁৰ কথাৰ কি গুৰুত্ব আছে৷ ৰূপজ্যোতি কুৰ্মী বহুৱা নম্বৰ ৱান৷ একালত মোৰ সতীৰ্থ আছিল ৰূপজ্যোতি কুৰ্মী৷ কংগ্ৰেছত থাকোতেও তেওঁ বহুৱালি কৰিছে৷ তেওঁৰ কথা কাৰবাৰবোৰ চাবচোন৷ কথাৰ লগত কামৰ কিবা মিল আছে নেকি৷ সৌ সিদিনাখন বিজেপি-আৰ এছ এছৰ বিৰুদ্ধে কংগ্ৰেছত থাকোতে কেনেকুৱা বহুৱালি কৰিলে৷ আজি বিজেপিত যোৱাৰ লগে লগে একেবাৰে গংগাত  জাপি দি চাফা হৈ উঠিলে৷ এনেকুৱা বহুৱালিৰ উত্তৰ দিয়াটো বাতুলামি বুলি ভাবো৷’ উল্লেখ্য যে আজি অসম বিধানসভাৰ চতুৰ্থ দিনা সদনত উত্থাপন হয় চৰ অঞ্চলৰ প্ৰসংগ৷ এই বিতৰ্কত ভাগ লৈ নামনি অসমৰ বানপানীৰ বাবে বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে চৰ অঞ্চলৰ লোকসকলক দোষাৰোপ কৰে৷ মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে সদনত যুক্তি দাঙি ধৰি কয় যে ‘নামনি অসমৰ বানপানী মূলতেই হ’ল চৰ অঞ্চলৰ লোকসকল৷ চৰ অঞ্চলৰ লোকসকলে ব্ৰহ্মপুত্ৰক ভেটা দি অহাৰ বাবেই বানপানী হয়৷ ৰূপজ্যোতি কুৰ্মীৰ মতে নামনি অসমৰ চৰসমূহ চোৰ-ডকাইতৰ আশ্ৰয়স্থলীত পৰিণত হৈছে৷ উজনি অসমৰ চুৰি-ডকাইতিৰ ঘটনা চৰ অঞ্চলৰ লোকৰ বাবেই বৃদ্ধি পাইছে৷ উজনিৰ পালছাৰ বাইক চুৰি হোৱাৰ মূলতে হৈছে ইয়াৰ ইঞ্জিন চৰ অঞ্চলৰ লোকে নাৱৰ ইঞ্জিন হিচাপে ব্যৱহাৰ কৰে৷’ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ এই মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক শ্বেৰমান আলী আহমেদে এনেদৰে মন্তব্য কৰে৷ ইফালে ৰূপজ্যোতি কুৰ্মীৰ মন্তব্যৰ বিৰোধিতা কৰি কংগ্ৰেছ বিধায়ক ৰেকিবুদ্দিন আহমেদে সাংবাদিকৰ আগত কয় যে “চৰৰ মানুহৰ বাবেই বানপানী হোৱা বুলি কোৱা বাবে ৰূপজ্যোতি কুৰ্মীক ন’বেল বঁটা বা ভাৰতৰত্ন বঁটা দিব লাগে৷ চৰ অঞ্চলৰ উন্নয়নৰ বেছি প্ৰয়োজন আছে৷ কোনো এটা জাতিক লৈ তীৰ্যক মন্তব্য শোভা নাপায়৷