Logo
image

বিদেশৰ পৰা অহা যাত্ৰীক পুনৰ আৰটিপিচিআৰ পৰীক্ষা

ডিজিটেল ডেস্ক, ২৫ ডিচেম্বৰ: চীনত ক’ভিডৰ বিস্ফোৰণ ঘটিছে৷ সম্প্ৰতি দেশখনত দৈনিক তিনি কোটি ৭০ লাখকৈ নাগৰিক ক’ভিডৰ দ্বাৰা সংক্ৰমিত হৈছে৷ একে সময়তে আন আন দেশতো ক’ভিডে পুনৰ মূৰ দাঙি উঠিছে৷ ভাৰততো যাতে ক’ভিডৰ ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি নহয় সেয়া নিশ্চিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে বিভিন্ন সাৱধানতা অৱলম্বন কৰিছে৷ ইতিমধ্যে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে ৰাজহুৱা স্থানত মাক্স পৰিধানকে ধৰি ক’ভিড বিধি মানিবলৈ নিৰ্দেশ জাৰি কৰাৰ পাছত শনিবাৰে কেন্দ্ৰীয় চৰকাৰে চীনকে ধৰি পাঁচখন দেশৰ পৰা অহা যাত্ৰীৰ আৰটি-পিচিআৰ পৰীক্ষা কৰাৰ নিৰ্দেশ জাৰি কৰিছে৷  কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ নিৰ্দেশ অনুসৰি শনিবাৰৰ পৰাই চীন, জাপান, দক্ষিণ কোৰিয়া, থাইলেণ্ড আৰু হংকঙৰ পৰা অহা বিমানযাত্ৰীৰ আৰটি-পিচিআৰ পৰীক্ষা বাধ্যতামূলক কৰা হৈছে৷ এই অনুসৰি ৰাজধানী নতুন দিল্লী আৰু অনান্য মেট্ৰ’ চহৰৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ লগতে দেশৰ বিভিন্ন স্থানত থকা আন্তঃৰাষ্ট্ৰীয় বিমান অৱতৰণ কৰা সকলো বিমান বন্দৰত যাত্ৰীৰ আৰটি-পিচিআৰ পৰীক্ষা কৰা হৈছে৷ কোনোপধ্যে যাতে ভাৰতত পুনৰ ক’ভিডে মূৰ দাঙি উঠিব নোৱাৰে আৰু সংহাৰৰ সৃষ্টি কৰিব নোৱাৰে সেয়া নিশ্চিত কৰাৰ অৰ্থে কেন্দ্ৰীয় চৰকাৰে এই কঠোৰ ব্যৱস্থা হাতত লৈছে৷ তদুপৰি বিদেশৰ পৰা অহা সকলো যাত্ৰীৰ ক্ষেত্ৰত পুনৰ ‘এয়াৰ সুবিধা’ আবেদনপত্ৰ পূৰণ কৰাটো বাধ্যতামূলক কৰা হৈছে৷ ক’ভিডৰ প্ৰায় অৱসানৰ পাছত আন্তঃৰাষ্ট্ৰীয় বিমান চলাচল কৰোতে ভাৰতত অৱতৰণ কৰা  সকলো যাত্ৰীৰ ক্ষেত্ৰত এয়াৰ সুবিধা বাধ্যতামূলক আছিল৷ বিগত দুই-তিনিমাহ ধৰি বিদেশৰ পৰা অহা যাত্ৰীৰ ক্ষেত্ৰত এয়াৰ সুবিধ আবেদনপত্ৰ পূৰণ কৰাটো বন্ধ কৰা হৈছিল৷ এতিয়াৰ পৰা সেই প্ৰ-পত্ৰ বিদেশৰ পৰা অহা সকলো যাত্ৰীয়ে পূৰণ কৰিব লাগিব৷ যাত্ৰীসকলে তেওঁলোকৰ ক’ভিডৰ প্ৰতিষেধক লোৱাৰ সকলো তথ্য বা পূৰ্বে ক’ভিডত আক্ৰান্ত হৈছিল নেকি সেই তথ্য উক্ত প্ৰপত্ৰত ভৰ্তি কৰিব লাগিব৷ আনহাতে, চীন, দক্ষিণ কোৰিয়া, জাপান, থাইলেণ্ড, হংকঙৰ পৰা অহা যাত্ৰীয়ে এয়াৰ সুবিধা প্ৰপত্ৰত তেওঁৰ ক’ভিড নিগেটিভ স্থিতিৰ বিষয়ে জনাব লাগিব৷

ইপিনে কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য মন্ত্ৰণালয়ে সকলো ৰাজ্যতে ক’ভিড পৰিস্থিতিৰ বাবে সাজু হ’বলৈ নিৰ্দেশ দিছে৷ শুকুৰবাৰে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডব্যই দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশৰ স্বাস্থ্যমন্ত্ৰীৰ সৈতে বৈঠক অনুষ্ঠিত কৰি ক’ভিড নিয়ন্ত্ৰণ কৰাৰ বাবে তিনিটা ‘টি’ আৰু এটা ‘ভি’ৰ জৰিয়তে পদক্ষেপ ল’বলৈ নিৰ্দেশ দিছিল৷ তিনিটা টি হৈছে টেষ্ট-ট্ৰেক-ট্ৰীট আৰু ভি হৈছে ভেকচিনেচন বা প্ৰতিষেধক প্ৰদান৷ শনিবাৰে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী দেশৰ সকলো ৰাজ্যকে অক্সিজেনৰ ভাণ্ডাৰ সাজু কৰি ৰাখিবলৈ কঠোৰ নিৰ্দেশ জাৰি কৰিছে. স্বাস্থ্যমন্ত্ৰীয়ে কয়, এই সময়ত সকলো ৰাজ্যই অক্সিজেন উৎপাদনকাৰী কাৰখানাৰ ‘প্ৰেচাৰ ছুইং এডজৰ্পচন’ [পিএছএ] সচল কৰি ৰাখিবলৈ নিৰ্দেশ দিছে, যাতে ক’ভিডৰ পৰিস্থিতি গুৰুতৰ হ’লে অক্সিজেনৰ প্ৰয়োজনীয়তা আহি পৰিলে চাহিদা অনুসৰি যোগানত কোনো অসুবিধা নহয়৷ উল্লেখ্য, ক’ভিডৰ দ্বিতীয় ঢৌত অক্সিজেনৰ যোগান নোপোৱাৰ বাবে ভাৰতত বহুসংখ্যক ক’ভিড আক্ৰান্তৰ মৃত্যু হৈছিল৷ কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি দেশত মুঠতে ৫,৩০,৬৯১ জনৰ ক’ভিডত মৃত্যু হৈছিল৷ অৱশ্যে বেচৰকাৰী তথ্য মতে এই সংখ্যা বিশ লাখৰো অধিক হ’ব৷ কিয়নো দেশৰ সকলো চিকিৎসালয়ে চৰকাৰৰ কঠোৰ নিৰ্দেশ পালন কৰি আন অসুখত ভুগি থকা ৰোগীৰ ক’ভিড সংক্ৰমিত হৈ মৃত্যু হ’লেও তেনে ৰোগীক ‘ক’মৰ্বিড’ বুলি কৈ সংশ্লিষ্ট সেই ৰোগটোত মৃত্যু হোৱা বুলি মৃত্যুৰ প্ৰমাণপত্ৰ দিছিল৷ তাৎপৰ্যপূৰ্ণভাৱে বিভিন্ন ৰোগ থকা লাখ লাখ ব্যক্তি ক’ভিডত আক্ৰান্ত হৈছিল আৰু তেনে লোকৰ ক’ভিডকালতে মৃত্যুও হৈছিল৷ পিছে চৰকাৰে তেনে মৃতকক ক’ভিডত মৃত্যু হোৱা বুলি স্বীকৃতি দিয়া নাছিল৷