Logo
image

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিঙৰ তদন্ত কেতিয়া

ডিজিটেল ডেস্ক, ২৬ ডিচেম্বৰ: ৰাজ্য কঁপোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভয়ংকৰ ৰেগিং কাণ্ডত অভিযুক্ত ৭ অভিযুক্তক ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰৰ পাছতে লেহেমীয়া হৈছে তদন্তৰ গতি৷ ২৬ নৱেম্বৰৰ নিশা আনন্দ শৰ্মাৰ ৰেগিং কাণ্ডৰ মূল অভিযুক্ত ৰাহুল ছেত্ৰীক ইতিমধ্যে ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ১৫ দিনৰ ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰিছে ডিব্ৰুগড় আদালতে৷ ইয়াৰ সমান্তৰালভাৱে এই ঘটনাত অভিযুক্ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰায়োগিক ভূ-তত্ত্ব বিভাগৰ তৃতীয় ষাণ্মাসিকৰ ছাত্ৰ দিব্যজ্যোতি গগৈ, ৰাজনীতি বিজ্ঞান বিভাগৰ ছাত্ৰ বিশ্ৱজিত বৰুৱা, শাৰীৰিক শিক্ষা আৰু অধ্যয়ন কেন্দ্ৰৰ ছাত্ৰ নিৰঞ্জন ঠাকুৰ আৰু বুৰঞ্জী বিভাগৰ ছাত্ৰ কল্যাণ দত্ত, অৰ্থনীতি বিভাগৰ তৃতীয় ষাণ্মাসিকৰ ছাত্ৰ সীমান্ত হাজৰিকা আৰু ৰসায়ন বিভাগৰ তৃতীয় ষাণ্মাসিকৰ ছাত্ৰ প্ৰাণজিত বৰুৱাক গ্ৰেপ্তাৰ কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰিছে৷ উজনি অসমৰ উচ্ছ শিক্ষাৰ প্ৰাণকেন্দ্ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ক ইতিহাসক লজ্জানত কৰা এই ঘটনাক লৈ বিশ্ববিদ্যালয় প্ৰশাসনে যিমান তৎপৰতা দেখুওৱাব লাগিছিল কিন্তু সেই তৎপৰতা নেদেখুওৱাৰ বাবে লেহেমীয়া গতিত চলিছে উচ্ছস্তৰীয় কমিটীৰ তদন্ত প্ৰক্ৰিয়া৷ অন্যহাতে, এই ঘটনাত বহু ছাত্ৰৰ নাম সাঙোৰ খোৱাৰ পাছতো আজিলৈকে তদন্তৰ আওতিলৈ অনা হোৱা নাই অভিযুক্ত ছাত্ৰসকলক৷ আনকি ভুক্তভোগী ছাত্ৰ আনন্দ শৰ্মাই আদিত্য নাৰ্ছিং হোমৰ আই চি ইউৰ বিছনাৰ পৰাই এই ঘটনাটোত বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক উজ্জ্বল অংকুৰ বৰুৱা জড়িত থকাৰ অভিযোগ আনিছিল৷ খোদ ডিব্ৰুগড় জিলা উপায়ুক্ত বিশ্বজিত পেগুৰ সন্মুখতে কেনেদৰে উজ্জ্বল অংকুৰ বৰুৱা এই ৰেগিং কাণ্ডত জড়িত হৈ আছিল সেই কথাও প্ৰকাশ কৰিছিল ভুক্তভোগী ছাত্ৰ আনন্দ শৰ্মাই৷ কিন্তু ইয়াৰ পাছতো এজাহাৰত নাম উল্লেখ নথকাৰ পাছতো যিধৰণে আন ছাত্ৰসকলক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল, সেইধৰণে উজ্জ্বল অংকুৰ বৰুৱাৰ ক্ষেত্ৰত অহৈতুকী ভূমিকা গ্ৰহণ কৰিলে ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰশাসন অথবা আৰক্ষীয়ে৷ তাৰিখৰ পাছত তাৰিখ বিচাৰি উচ্ছস্তৰীয় কমিটীয়ে সমগ্ৰ ঘটনাটোৰ তদন্ত প্ৰক্ৰিয়া দীঘলীয়া কৰাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ উচ্ছস্তৰীয় কমিটীৰ লেহেমীয়া তদন্ত প্ৰক্ৰিয়াই অস্বস্তিত পেলাইছে সচেতন মহলক৷ অন্যহাতে, ডিব্ৰুগড় জিলা উপায়ুক্ত বিশ্বজিত পেগুৱে ঘোষণা কৰা দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ প্ৰতিবেদনো এইপৰ্যন্ত দাখিল কৰা হোৱা নাই৷ এই সন্দৰ্ভত উপায়ুক্ত পেগুৰ সৈতে যোগাযোগ কৰি জানিব বিচৰাত তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱা বুলি প্ৰকাশ কৰিছে৷ প্ৰতিবেদন প্ৰস্তুত কৰি থকাৰ বাবে দীঘলীয়া হৈছে বুলি জানিবলৈ দি দুই-এদিনৰ ভিতৰতে প্ৰতিবেদন দাখিল কৰা হ’ব বুলি সদৰি কৰিছে৷ উল্লেখ্য যে, ২৬ নৱেম্বৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাৱাসৰ ‘চি’ ব্লকত একাংশ বিশ্ববিদ্যালয়ৰ ছুপাৰ ছিনিয়ৰৰ ৰেগিঙৰ বলি হৈছিল বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ প্ৰথম ষাণ্মাসিকৰ ছাত্ৰ আনন্দ শৰ্মা৷ আনকি ছুপাৰ ছিনিয়ৰৰ আক্ৰমণৰ পৰা আত্মৰক্ষাৰ বাবে জঁপিয়াই দি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল আনন্দ৷ আনকি সেইদিনা জ্যোতিষ কুমাৰ কলিতা আৰু উজ্জ্বল কুমাৰ কলিতা নামৰ আন দুজন ছাত্ৰকো নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল৷ অভিযোগ অনুসৰি, ডিব্ৰুগড়ৰ আদিত্য নাৰ্ছিং হোমত চিকিৎসাধীন হৈ থকা আনন্দ শৰ্মাক বিগত চাৰিমাহৰ পৰাই ৰেগিঙৰ নামত নিৰ্যাতন চলাই আছিল ছুপাৰ ছিনিয়ৰে৷ এই সন্দৰ্ভত বিশ্ববিদ্যালয়ৰ পি এন জি বি ছাত্ৰাৱাসৰ ৱাৰ্ডেন দিব্যজ্যোতি দত্তক অভিযোগ দিয়াৰ পাছতো কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল৷ নিৰ্যাতিত ছাত্ৰজনে অভিযোগ কৰা মতে, ৰেগিং সন্দৰ্ভত ছাত্ৰাৱাসৰ ৱাৰ্ডেনজনক অভিযোগ দিয়াৰ বাবে সেইদিনা নিশা শাৰীৰিক নিৰ্যাতন চলাইছিল আনন্দ শৰ্মাক৷ আনন্দৰ মোবাইল কাঢ়ি ওৰেনিশা প্ৰহাৰ কৰিছিল ছুপাৰ ছিনিয়ৰে৷ যাৰ বাবে ছাত্ৰজনৰ কঁকাল, হাত, ভৰি আদিত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ লগতে নাৰ্ভতো আঘাত পাইছে৷ ইফালে জ্যেষ্ঠ ছাত্ৰৰ অমানুষিক অত্যাচাৰ সহিব নোৱাৰি দুমহলীয়া অট্ৰালিকাৰ পৰা জঁপিয়াই আত্মৰক্ষাৰ চেষ্টা চলাইছিল ছাত্ৰজন৷ ইয়াৰ পাছতে সেইকেইজন ছাত্ৰই ব্যক্তিগত বাহনত ভৰ্তি কৰাইছিল আদিত্য নাৰ্ছিং হোমত৷ ভয় আৰু শংকাত ভীতিগ্ৰস্ত হৈ থকা ছাত্ৰজনে অভিভাৱকক বাথৰূমত পৰি আঘাতপ্ৰাপ্ত হোৱাৰ কথা প্ৰকাশ কৰিছিল৷ কিন্তু পৰৱৰ্তী সময়ত বিশ্ববিদ্যালয় কতৃৰ্পক্ষই সোধা-পোছা কৰাৰ অন্তত জ্যেষ্ঠ ছাত্ৰৰ পৰা আত্মৰক্ষা কৰিবলৈ জঁপিয়াই দিয়াৰ বাবেহে আঘাতপ্ৰাপ্ত হৈছিল৷ ইফালে এই সমগ্ৰ ঘটনাটোত ছাত্ৰাৱাসটোৰ ৱাৰ্ডেনজনৰ ওপৰত সন্দেহৰ আঙুলি উঠিছে৷ ৱাৰ্ডেনৰ অনুমতি নোলোৱাকৈ প্ৰাক্তন ছাত্ৰৰ প্ৰৱেশৰ কোনে অনুমতি দিছিল আৰু দীৰ্ঘদিনৰ চলি অহা ৰেগিং সন্দৰ্ভত অভিযোগ দিয়াৰ বিষয়টো জ্যেষ্ঠ ছাত্ৰক কোনে জনাইছিল সেই লৈ সন্দেহৰ সৃষ্টি হৈছে৷ অৱশ্যে ৱাৰ্ডেনজনৰ বিৰুদ্ধে এইপৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বিশ্ববিদ্যালয় কতৃৰ্পক্ষই৷ ইফালে এই ঘটনাত অভিযুক্ত ১৮জন ছাত্ৰৰ বিৰুদ্ধে গ্ৰহণ কৰিছে শাস্তিমূলক ব্যৱস্থা৷