Logo
image

আকৌ আহিছে ক'ভিড : চৰকাৰী শিক্ষকক বিমান বন্দৰত কৰ্তব্যত নিয়োজিত ৰখাৰ সিদ্ধান্ত চৰকাৰৰ

ডিজিটেল ডেস্ক : সমগ্ৰ বিশ্বতে পুনৰ ভয়াৱহ ৰূপ ধাৰণ কৰিছে ক'ভিডে৷ ভাৰততো ক'ভিডে যাতে পুনৰ ভয়াৱহ ৰূপ ধাৰণ কৰিব নোৱাৰে তাৰ বাবে সতকৰ্তা অৱলম্বন কৰিছে চৰকাৰে৷ দেশৱাসীক ক'ভিড নীতি পালন কৰিবলৈ আহ্বান জনাইছে চৰকাৰে৷ ইয়াৰ মাজতে দিল্লী চৰকাৰে শিক্ষকসকলৰ বাবে জাৰি কৰিছে এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা৷ বিমান বন্দৰত কৰ্তব্যত নিয়োজিত হ'ব লাগিব চৰকাৰী বিদ্যালয়ৰ শিক্ষকসকল৷

দেশত আকৌ ক'ভিড পুনৰ ঘূৰি অহাৰ আশংকাৰ প্ৰতি লক্ষ্য ৰাখি দিল্লী চৰকাৰী শিক্ষকসকলক দিল্লী বিমানবন্দৰত কৰ্তব্যত নিয়োজিত ৰখাৰ সিদ্ধান্ত লৈছে। ক'ভিডৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ আশংকাৰ লগতে  বিদেশৰ পৰা অহা যাত্ৰীসকলক নিৰীক্ষণ কৰা আৰু ক'ভিড নীতি অনুসৰণ কৰোৱাৰ বাবে শিক্ষকসকলৰ বিমান বন্দৰত কৰ্তব্যত নিয়োজিত কৰা হৈছে৷

জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই জাৰি কৰিছে এই নিৰ্দেশনা৷ ৩১ ডিচেম্বৰৰ পৰা ১৫ জানুৱাৰীলৈ মুঠ ৮৫ জন শিক্ষক বিভিন্ন শ্বিফ্টত বিমান বন্দৰত কৰ্তব্যৰত থাকিব। উল্লেখ্য যে ১ জানুৱাৰীৰ পৰা ১৫ জানুৱাৰীলৈকে দিল্লীৰ চৰকাৰী বিদ্যালয়সমূহত শীতকালীন বন্ধ ৰখা হয়। আনহাতে বিশ্বৰ বহুকেইখন দেশত ক'ভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবে দিল্লীৰ বিষয়াসকলে সকলো চৰকাৰী চিকিৎসালয় পৰিদৰ্শন কৰিব আৰু যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ চিকিৎসালয়ৰ প্ৰস্তুতিৰ বুজ ল'ব।