Logo
image

একাপ চাহ নোপোৱাৰ বাবে হত্যাকাণ্ড

ডিজিটেল ডেস্ক : চাহৰ প্ৰতি সকলোৰে আসক্তি থাকে৷ কিন্তু চাহ নাপালে কোনোবাই জানো কাৰোবাক হত্যা কৰিব পাৰে? শেহতীয়াকৈ মধ্যপ্ৰদেশত সংঘটিত হোৱা এটা ঘটনাই সকলোকে শিহৰিত কৰি তুলিছে৷ একাপ চাহ বনাই নিদিয়াৰ বাবে পত্নীক মৰিয়াই মৰিয়াই হত্যা কৰিলে স্বামীয়ে৷

মধ্যপ্ৰদেশৰ উজ্জয়িনীত সংঘটিত হৈছে চাহৰ বাবে হত্যাকাণ্ড৷ ঘটনাটো ঝাৰদা আৰক্ষী থানা এলেকাৰ ঘট্টিয়া গাঁৱৰ। আৰক্ষীয়ে জনোৱা মতে অভিযুক্ত স্বামী পাপুনাথে চাহ নোপোৱাৰ বাবে ৪০ বছৰীয়া পত্নীক লাঠি আৰু চুৰিৰে প্ৰহাৰ কৰি হত্যা কৰে। পৰৱৰ্তী সময়ত সংকটজনক অৱস্থাত পত্নীক চিকিৎসাৰ বাবে চিকিৎসাললৈ লৈ যায় অভিযুক্ত স্বামীয়ে৷ চিকিৎসকক অভিযুক্ত পাপুনাথে কয় যে বিদ্যুৎস্পৃষ্ট হোৱাৰ ফলত তেওঁৰ পত্নীৰ অৱস্থা গুৰুতৰ হয়৷

আনহাতে চিকিৎসাধীন অৱস্থাতে মৃত্যু পাপুনাথৰ পত্নীৰ৷ ইয়াৰ পিছত মৰণোত্তৰ পৰীক্ষাত পোহৰলৈ আহে সমগ্ৰ ঘটনা৷ মৰণোত্তৰ পৰীক্ষাত ভুক্তভোগীৰ শৰীৰত বিদ্যুৎস্পৃষ্ট হোৱাৰ কোনো চিন নাছিল। আৰক্ষীৰ তদন্তত অভিযুক্ত স্বামীয়ে পলায়নৰ চেষ্টা কৰিছিল যদিও আৰক্ষীয়ে তেওঁক কৰায়ত্ত কৰিবলৈ সক্ষম হয়৷ পৰৱৰ্তী সময়ত আৰক্ষীৰ জেৰাত সকলো স্বীকাৰ কৰে অভিযুক্ত স্বামীয়ে৷ বৰ্তমান আৰক্ষীয়ে অভিযুক্ত পাপুনাথক জিম্মাত লোৱাৰ লগতে তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীয়ে জনাইছে যে তদন্তৰ আধাৰত আইনীভাৱে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব অভিযুক্ত পাপুনাথ বিৰুদ্ধে ।