Logo
image

গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰৰ সাহসী কাৰ্য : পানীত উটি যোৱা দুটি কন্যা শিশুক উদ্ধাৰ

ডিজিটেল ডেস্কঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰৰ এটা দলৰ সাহসী কাৰ্যক এতিয়া সকলোৱে প্ৰশংসা কৰিছে৷ দেওবাৰে বনভোজ খাবলৈ গৈ পানীত উটি যোৱা দুটি কন্যা শিশুক উদ্ধাৰ কৰে গৱেষক ছাত্ৰৰ দলটোৱে।

ভৈৰৱকুণ্ডৰ বনভোজস্থলীত সংঘটিত হৈছিল অঘটন৷ বনভোজ খাবলৈ যোৱা দুটি কণমানি কন্যা শিশু হঠাৎ উটি গৈছিল খৰস্ৰোতা নদীৰ কোবাল সোঁতত। কণমানি শিশু দুটি উটি যোৱা প্ৰত্যক্ষ কৰি তৎক্ষণাত পানীত নামে গৱেষক ছাত্ৰৰ দলটো আৰু ছাত্ৰৰ দলটোৱে সুকলমে উদ্ধাৰ কৰে শিশুটিক।

উদ্ধাৰকাৰী ছাত্ৰকেইজন ক্ৰমে ত্ৰিদিপ চুতীয়া, মানসপ্ৰতিম দত্ত, দিব্যজ্যোতি কলিতা, মনোৰঞ্জন দত্ত, বিশ্বজিৎ দিহিঙীয়া, নৰনাৰায়ণ দেউৰী আৰু অমৃত বৰা। আটাইকেইজন গৱেষক ছাত্ৰই দেওবাৰে বনভোজ খাবলৈ গৈছিল ভৈৰৱকুণ্ডত। ছাত্ৰকেইজন বিশ্ববিদ্যালয়ৰ ভি ভেংকটৰাও আৰচিচি-৫ গৱেষক ছাত্ৰাৱাসৰ আৱাসী। এই সাহসী কাৰ্যৰ ভিডিঅ' সামাজিক মাধ্যমত বিয়পি পৰাত হৈ সকলোৱে প্ৰশংসা কৰিছে ছাত্ৰকেইজনক।