Logo
image

নৱবৰ্ষত সুৰাপায়ীৰ অভিলেখ : মহানগৰীত বছৰৰ প্ৰথম ৪৮ ঘণ্টাত ৮ কোটি টকাৰ সুৰাপান

আমাৰ অসম,  জানুৱাৰী: অসম মুলুকত উৎসৱ আৰু সুৰা এটা মুদ্ৰাৰ যেন ইপিঠি-সিপিঠি৷ সুৰা অবিহনে অসমত উৎসৱৰ আনন্দ অসম্ভৱ৷ নৱবৰ্ষ বুলি ক’লে সুৰাপান যেন দুগুণলৈ বৃদ্ধি পায়৷ একাংশৰ বাবে আজিৰ তাৰিখত পুৰণি বৰ্ষক বিদায় আৰু নৱবৰ্ষক আদৰণিৰ নামত টেটুলৈকে সুৰাপান কৰাতো পৰম্পৰাত পৰিণত হৈছে৷ নৱবৰ্ষত এনে সুৰাপানৰ বাবেই আৰক্ষী, পৰিবহণ বিভাগে দিন-ৰাতি একাকাৰ কৰি ৰাজপথত মদাহী চালকৰ অপেক্ষাত বোন্দাপৰ দিয়াও দেখা গৈছে৷ সুৰাপানৰ বাবে দুৰ্ঘটনা আৰু হাই-কাজিয়া বৃদ্ধি পোৱাৰ পাছতো একমাত্ৰ আবকাৰী ৰাজহৰ স্বাৰ্থত মদ বিক্ৰী বন্ধ কৰাৰ পৰিৱৰ্তে চৰকাৰে সুৰাপায়ীৰ বিৰুদ্ধেহে কঠোৰ হোৱা দেখা গৈছে৷ বিশেষকৈ ৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰী দুয়োটা দিনত গুৱাহাটী মহানগৰীত অভিলেখ পৰিমাণৰ সুৰা বিক্ৰী হয়৷ শুনিলে আচৰিত যেন লাগিলেও এই দুটা দিনত অৰ্থাৎ মাত্ৰ ৪৮ ঘণ্টাতে মহানগৰীত ৮ কোটি টকাৰ সুৰা বিক্ৰী হয়৷ ২০২২ বৰ্ষৰ অন্তিমটো দিন অৰ্থাৎ ৩১ ডিচেম্বৰত মহানগৰবাসীয়ে ক্ৰয় কৰে ৪ কোটি ৮০ লাখ টকাৰ সুৰা৷ ইয়াৰ বিপৰীতে বছৰৰ পহিলা দিনটোত অৰ্থাৎ ১ জানুৱাৰীতো মহানগৰীত ৩ কোটি ২১ লাখ টকাৰ সুৰা বিক্ৰী হয়৷ আবকাৰী বিভাগে প্ৰকাশ কৰা তথ্য মতে পূৰ্বৰ বৰ্ষৰ তুলনাত এইবাৰৰ ৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰীত গুৱাহাটীত সুৰা বিক্ৰী প্ৰায় ২ কোটি টকা বৃদ্ধি পায়৷ অৱশ্যে সুৰা বিক্ৰী বৃদ্ধি পালেও তুলনামূলকভাৱে গুৱাহাটীত এইবাৰ পথ দুৰ্ঘটনাৰ সংখ্যা কিছু হ্ৰাস পোৱা দেখা গ’ল৷ ৩১ ডিচেম্বৰৰ নিশা গুৱাহাটীত ৪৭ টা সৰু-বৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ বিপৰীতে ৰ জানুৱাৰীত ১১টা দুৰ্ঘটনা সংঘটিত হয়৷ আনহাতে নৱবৰ্ষৰ দুটা দিনত ৰাজ্যত সুৰাপানৰ ফলত মাৰপিটৰ ঘটনা সংঘটিত হয় ৩৬টা৷ নৱবৰ্ষৰ এই সময়ছোৱাত ৰাজ্যত পথ দুৰ্ঘটনাত ৯ জন লোকৰ কৰুণ মৃত্যুৰ ঘটনাও সংঘটিত হয়৷