Logo
image

ফাইল পেলাই নথ’ব: মুখ্যমন্ত্ৰী

দক্ষ কৰ্মচাৰীক সম্বৰ্ধনা, জ্যেষ্ঠ বিষয়াক অহংকাৰ ত্যাগৰ পৰামৰ্শ
আমাৰ অসম, ৩ জানুৱাৰী: মই মুখ্য সচিবলৈ ফাইল এটা দিছিলো৷ ফাইলটো কৰ্মচাৰী এজনৰ লিভাৰ ট্ৰান্সপ্লাণ্ট সম্বন্ধীয় আছিলে৷ প্ৰায় ৪৫ দিন সচিবালয়তে ফাইলটো আদান আৰু প্ৰদান হৈ থাকিল৷ সচিবালয়ৰ কৰ্মচাৰীসকলৰ কাৰণে এইটো এটা ফাইল৷ কিন্তু ৰোগীৰ পৰিয়ালৰ কাৰণে ই জীৱন-মৰণৰ সমস্যা৷ প্ৰতিনিশা ঘৰত তেওঁলোকে আলোচনা কৰে কাইলৈ ফাইলৰ কামটো হৈ গ’লে হ’ল৷ মানুহজনে পুৱা সচিবালয়লৈ আহিলে, কিন্তু গম পায়ে যে আজি প্ৰধান সচিব নাই৷ ফাইলৰ কাম নহ’ল৷ ঘৰত ঘূৰি গৈ ক’ব যে আজিও ফাইলৰ কাম নহ’ল৷ ঘৰত যিটো বিষাদৰ ছা পৰে সেই বিষাদে অভিশাপৰ সৃষ্টি কৰে৷ সেয়ে ফাইল কোনেও পেলাই নথব৷ এই ভাষ্য মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ সোমবাৰে জনতা ভৱনত কৰ্মৰত বিষয়া-কৰ্মচাৰীসকলক উদ্দেশ্যি মুখ্যমন্ত্ৰীয়ে কয়–জ্যেষ্ঠ বিষয়াসকলৰ মনতো অহংকাৰৰ ভাব সৃষ্টি হ’ব নালাগে৷ কাৰণ কোনো বিভাগেই কোনো বিষয়াৰ নহয়৷ পুৱা আছে গধূলি বিভাগত নাই৷ চৰকাৰৰ এটা নিৰ্দেশতে এজন বিষয়া এটা বিভাগৰ পৰা আন এটা বিভাগলৈ বদলি হয়৷ প্ৰতিশোধ¸ আক্ৰমণাত্মক ভাবনাৰ সৃষ্টি হ’ব নালাগে কোনো বিষয়াৰে মনত৷ নিয়মানুৱৰ্তিতা নাথাকিলে কৰ্মচাৰীৰ কাম মানুহে দেখা নাপায়৷ ন্যায় কেৱল দিলে নহ’ব, মানুহে দেখাকৈ দিব লাগিব৷ বিষয়া-কৰ্মচাৰীয়ে পৰম্পৰাগত সাজপাৰ পিন্ধি সচিবালয়লৈ আহিব নালাগে৷ কিন্তু মাৰ্জিত সাজ পোচাক পিন্ধি আহিব লাগে৷ ফাইলৰ কাম কোনেও পেলাই থ’ব নালাগে৷ বিষয়া-কৰ্মচাৰী সময় মতে কাৰ্যালয়লৈ আহিব লাগে৷ 

উল্লেখ্য যে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত সময়ানুৱৰ্তিতা আৰু নিয়মানুৱৰ্তিতাৰে সেৱা আগবঢ়োৱা অসম সচিবালয়ত কৰ্মৰত একাংশ বিষয়া-কৰ্মচাৰীক তেওঁলোকৰ কৰ্মতৎপৰতাৰ স্বীকৃতি স্বৰূপে একোটাকৈ প্ৰশংসাসূচক বেজ প্ৰদান কৰি অভিনন্দন জ্ঞাপন কৰে৷ জনতা ভৱনৰ বিষয়া-কৰ্মচাৰীসকলক সম্বৰ্ধনা জ্ঞাপনৰ এই পদক্ষেপৰ অধীনত পুৱা ৯:৩০ বজাৰ পৰা আৱেলি ৫ বজালৈ নিয়মীয়াকৈ কাৰ্যালয়ত কৰ্ম সম্পাদন কৰা কৰ্মচাৰীসকলক ‘মই সময়ানুৱৰ্তিতা বজাই ৰাখি গৌৰৱান্বিত’ শীৰ্ষক এটা বেজ আৰু পুৱা ৯.৩০ বজাৰ পৰা সন্ধিয়া ৬.৩০ বজালৈ নিয়মীয়াকৈ কাৰ্যালয়ত কৰ্ম সম্পাদন কৰা কৰ্মচাৰীসকলক ‘মই মোৰ ৰাজ্যৰ বাবে কঠোৰ পৰিশ্ৰম কৰোঁ’ শীৰ্ষক বেজ আগবঢ়োৱাৰ ব্যৱস্থা কৰা হৈছে৷ নিয়মানুৱৰ্তিতা আৰু সময়ানুৱৰ্তিতা প্ৰদৰ্শনেৰে এনে বেজ লাভৰ বাবে নিৰ্বাচিত সৰ্বমুঠ ৪৮ৰগৰাকী কৰ্মচাৰীৰ ভিতৰত ৫২ গৰাকীক মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে বেজ প্ৰদান কৰে৷ ইয়াৰে ১১ গৰাকী বিষয়া-কৰ্মচাৰীয়ে ‘মই মোৰ ৰাজ্যৰ বাবে কঠোৰ পৰিশ্ৰম কৰোঁ’ শীৰ্ষক বেজ লাভ কৰিছে৷ 

এই উপলক্ষে প্ৰদান কৰা ভাষণত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই অসম সচিবালয় ৰাজ্যৰ প্ৰশাসনৰ হৃৎপিণ্ড স্বৰূপ বুলি মন্তব্য কৰি কয় যে ৰাজ্য চৰকাৰে নীতিগতভাৱে গ্ৰহণ কৰা সিদ্ধান্তসমূহ আৰু সৰ্বস্তৰৰ লোকৰ আশা-আকাংক্ষাসমূহ বিষয়া-কৰ্মচাৰীসকলৰ দ্বাৰা ৰূপায়িত তথা¸ বাস্তৱায়িত হয়৷ যি ৰাজ্যৰ বিষয়া-কৰ্মচাৰীসকলে চৰকাৰে জনসাধাৰণৰ হিতাৰ্থে লোৱা সিদ্ধান্তসমূহ ৰূপায়ণৰ বাবে তৎপৰ হৈ থাকে তেনে ৰাজ্য কেতিয়াও পিছ পৰি থাকিব নোৱাৰে বিগত ২০২২ বৰ্ষত উন্নয়ন আৰু বিকাশ, আইন-শৃংখলা, প্ৰশাসনক ৰাইজৰ অধিক ওচৰ চপাই নিয়া দিশত ৰাজ্য চৰকাৰে এক দৃশ্যমান সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে যদিও ৰাজ্যখনৰ সন্মুখত বহু দীঘলীয়া পথ, লক্ষ্য আৰু সপোন আছে৷ ইয়াৰ পৰিপ্ৰেক্ষিততে তেওঁ বিষয়া-কৰ্মচাৰীসকলক উৎসৰ্গিত মনোভাৱেৰে সেৱা আগবঢ়াবলৈ আৰু ধাৰাবাহিক উদ্ভাৱনীমূলক চিন্তা-চৰ্চা তথা কাম-কাজত গুৰুত্ব দিবলৈ আহ্বান জনায়৷ মুখ্যমন্ত্ৰীয়ে কয় যে বিগত ৭৫ বছৰত অসমে বিভাজনৰ সমস্যা, বানপানীৰ সমস্যা, আইন-শৃংখলাৰ সমস্যাকে ধৰি বহু সমস্যাৰ সন্মুখীন হৈছে আৰু ৰাজ্যখনে সন্মুখীন হোৱা এনেবোৰ বহু সমস্যা দেশৰ কম সংখ্যক ৰাজ্যইহে সন্মুখীন হ’বলগীয়া হৈছে৷ কৰ্মতৎপৰতাৰে আৰু সময়োচিতভাৱে কাৰ্য সম্পাদনৰ দ্বাৰাইহে অসমৰ ভাগ্য সলনি কৰিব পৰা যাব৷ চলিত  বৰ্ষত নিত্য নতুন চিন্তাৰে আগবাঢ়ি যাবলৈও উপস্থিত বিষয়া-কৰ্মচাৰীসকলক তেওঁ আহ৩ান জনায়৷ বিষয়া-কৰ্মচাৰীসকলে যাতে এটা উন্নত আৰু আনন্দদায়ক পৰিৱেশত নিজ নিজ কৰ্ম সম্পাদন কৰিব পাৰে সেই উদ্দেশ্যে চলিত বৰ্ষত জনতা ভৱনক নতুনকৈ সজাই পৰাই তোলা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে৷ তেওঁ লগতে অসম সচিবালয়ত কৰ্মৰত বিষয়া-কৰ্মচাৰীসকলৰ সুবিধাৰ্থে সমবায় প্ৰতিষ্ঠা, অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ সেৱা প্ৰৱৰ্তনৰো পোষকতা কৰে৷ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানটোত সাধাৰণ প্ৰশাসন আদি বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, হস্ত-তাঁত আৰু বস্ত্ৰ শিল্প আদি বিভাগৰ মন্ত্ৰী ইউ জি ব্ৰহ্ম, শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোছা, পৰ্যটন আদি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহাৰ উপৰি অতিৰিক্ত মুখ্য সচিব, প্ৰধান সচিব আদিকে ধৰি ৰাজ্য চৰকাৰৰ বিভিন্ন শীৰ্ষ বিষয়া আৰু জনতা ভৱনৰ বহুসংখ্যক কৰ্মচাৰী উপস্থিত থাকে৷