Logo
image

স্বামী থাকে বিদেশত, ঘৰত পঘাৰে বান্ধি থোৱা হয় পত্নীক

আমাৰ অসম, ৩ জানুৱাৰী: চৰকাৰে নাৰী নিৰ্যাতনৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ পাছতো ৰাজ্যত হ্ৰাস পোৱা নাই নাৰী নিৰ্যাতনৰ দৰে জঘন্য ঘটনা৷ তেনে এক ঘটনা পোহৰলৈ আহিছে মৰিগাঁও জিলাৰ মৈৰাবাৰী থানাৰ অন্তৰ্গত সৰুছলা গাঁৱত৷ স্বামী কৰ্মসূত্ৰে বিদেশত থকাত বোৱাৰী, শাহু, আৰু ননদ একেখন ঘৰত একেলগেই জীৱন-যাপন কৰি আছিল যদিও অমানৱীয়ভাৱে বোৱাৰীগৰাকীক শাহু আৰু ননদে বিভিন্ন সময়ত চলাই গৈছিল অকথ্য নিৰ্যাতন৷ পত্নীয়ে স্বামীক বাৰম্বাৰ এই বিষয়ে অৱগত কৰাৰ পাছতো স্বামীয়ে দিয়া নাছিল গুৰুত্ব৷ ননদ আৰু শাহুৱে মিলি কৰা নিৰ্যাতন ইমান দিনে সহি আহিছিল বোৱাৰীগৰাকীয়ে৷ নিৰ্যাতনৰ সকলো সীমা চেৰাই যোৱাত অৱশেষত বোৱাৰীগৰাকী কাষ চাপে মৈৰাবাৰী আৰক্ষীৰ৷ 

জানিব পৰা মতে, হত্যাৰ চেষ্টা চলোৱা সৰুছলাৰ শ্বৰিফ উদ্দিনৰ দ্বিতীয় পত্নী শ্বাজিদা খাতুনে নিজ কন্যাৰে মিলি বোৱাৰী মনোৱাৰা খাতুনক ৰচীৰে বান্ধি হত্যাৰ চেষ্টা চলায়৷ কোনোমতে বোৱাৰীগৰাকীয়ে প্ৰাণ ৰক্ষা কৰি দৌৰি গাঁও প্ৰধানৰ ঘৰত আশ্ৰয় লয় আৰু  তাৰ পাছতে সমগ্ৰ ঘটনাটো পোহৰলৈ আহে৷ স্থানীয় ৰাইজে জনোৱা মতে শ্বাজিদা খাতুনে বোৱাৰীগৰাকীক আগতেও বহুবাৰ মাৰপিট কৰিছিল৷ অৱশেষত নিৰ্যাতিতা বোৱাৰীগৰাকীয়ে ন্যায় বিচাৰি মৈৰাৱাৰী আৰক্ষীৰ কাষ চাপে৷