Logo
image

মাথোঁ গুৱাহাটীতে বছৰটোত ৭২টা হত্যা : পুনৰ চিচি টিভি কেমেৰালৈ মনত পৰিছে মহানগৰ আৰক্ষীৰ

আমাৰ অসম, ৩ জানুৱাৰী: ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত বিদায়ী বৰ্ষটোত কেইবাটাও চাঞ্চল্যকৰ অপৰাধ সংঘটিত হৈছিল যদিও আৰক্ষী আয়ুক্তালয়ৰ মতে বিগত বৰ্ষকেইটাৰ পৰিসংখ্যাত ২০২২ বৰ্ষত অপৰাধজনিত ঘটনা বহুখিনি হ্ৰাসহে পাইছে৷ গুৱাহাটী মহানগৰীত অপৰাধ হ্ৰাস পোৱা বুলি দাবী কৰিছে নৱনিযুক্ত আৰক্ষী আয়ুক্ত দিগন্ত বৰাই৷ অৱশ্যে অপৰাধ হ্ৰাস পোৱা বুলি দাবী কৰিলেও পূৰ্বৰ কেইবাটাও অপৰাধজনিত ঘটনাৰ ক্লু উদঘাটন কৰাত ব্যৰ্থ হোৱা মহানগৰ আৰক্ষীৰ পুনৰবাৰ চিচিটিভি কেমেৰালৈ মনত পৰিল৷ 

সোমবাৰে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি গুৱাহাটী আৰক্ষী আয়ুক্তজনে মহানগৰীত বিগত বৰ্ষত সংঘটিত অপৰাধৰ পৰিসংখ্যা দাঙি ধৰে৷ তুলনামূলকভাৱে কিছু কিছু ক্ষেত্ৰত অপৰাধ হ্ৰাস পালেও অপৰাধ প্ৰতিৰোধৰ স্বাৰ্থত গুৱাহাটী মহানগৰীত আৰক্ষীৰ ফালৰ পৰা বিভিন্ন পথত চিচি টিভি কেমেৰা সংস্থাপনৰ ব্যৱস্থা কৰিব বুলিও আৰক্ষী আয়ুক্তজনে সদৰী কৰিছে৷ গুৱাহাটীৰ প্ৰৱেশ-প্ৰস্থান স্থানৰ লগতে স্পৰ্শকাতৰ স্থানসমূহতো চিচি টিভি কেমেৰা সংস্থাপন কৰাৰ কথা ব্যক্ত কৰিছে আয়ুক্ত বৰাই৷ যাতে যিকোনো অপৰাধ সংঘটিত হোৱাৰ পাছত চিচি টিভি কেমেৰাৰ ফুটেজৰ ভিত্তিত অপৰাধীক চিনাক্তকৰণ তথা কৰায়ত্ত কৰাত সহায়ক হয়৷ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তক লগত লৈ সম্বোধন কৰা সংবাদ মেলত আৰক্ষী আয়ুক্ত দিগন্ত বৰাই দাঙি ধৰা অপৰাধৰ পৰিসংখ্যা অনুসৰি বিদায়ী বৰ্ষটোত ৰাজধানী চহৰখনত ৭২টা হত্যাকাণ্ডৰ ঘটনা সংঘটিত হয়৷ 

পাঞ্জাবাৰীৰ ৰঞ্জিত বৰাৰ পৰা বেলতলাৰ বৃদ্ধ দম্পতিলৈ কেইবাটাও চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হয় বিদায়ী বৰ্ষটোত৷ তদুপৰি হত্যাৰ চেষ্টা চলোৱা ৩৪টা ঘটনা সংঘটিত হয়৷ তাৎপৰ্যপূৰ্ণভাৱে বিদায়ী বৰ্ষটোত গুৱাহাটীৰ ডকাইতিৰ ঘটনা বৃদ্ধি পায়৷ বিগত বৰ্ষত মহানগৰীত ৭টা ডকাইতিৰ ঘটনা সংঘটিত হয়৷ একেদৰে বিগত বৰ্ষত গুৱাহাটীত ৬২গৰাকী যুৱতী-মহিলা ধৰ্ষণৰ বলি হয়৷ ধৰ্ষণকাৰীক আৰক্ষীয়ে এনকাউণ্টাৰত গুলীয়াই হত্যা কৰা ঘটনাও সংঘটিত হয়৷ তদুপৰি ২,৮০৭টা চুৰি ঘটনা, ৭২টা চেইন টনা ঘটনা, ১১টা যৌতুকজনিত মৃত্যুৰ ঘটনা, ১,৩৫২টা ঠগ-প্ৰৱঞ্চনাৰ ঘটনা আৰু ৩০৮টা মহিলা-যুৱতী অপহৰণজনিত ঘটনাও সংঘটিত হয়৷ বিগত বৰ্ষত গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ অধীনত বিভিন্ন থানাত ১০,১৮৩টা অপৰাধজনিত গোচৰ পঞ্জীয়ন হয়৷ অৱশ্যে ২০২১ বৰ্ষৰ তুলনাত ২০২২ বৰ্ষত মহানগৰীত অপৰাধজনিত ঘটনা ৫০ শতাংশ হ্ৰাস পোৱা বুলিও আৰক্ষী আয়ুক্তই প্ৰকাশ কৰে৷ আনহাতে বিগত বৰ্ষটোত ১৭,১১২টা গোচৰ আৰক্ষীয়ে মীমাংসা কৰে যদেও আন ২৭,৬৫২টা গোচৰ অমীমাংসিত হৈ ৰয়৷