Logo
image

ইছলাম ধৰ্ম ত্যাগ কৰি হিন্দু ধৰ্ম গ্ৰহণ যুৱতীৰ

ডিজিটেল ডেস্ক, জামুগুৰিহাট: ইছলাম ধৰ্ম ত্যাগ কৰি সনাতন ধৰ্মত দিক্ষা লোৱা এগৰাকী যুৱতীয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ নিকটৱৰ্তী ঐতিহাসিক শৈৱপীঠ নাগশংকৰ দেৱালয়ত অগ্নিক সাক্ষী কৰি হিন্দু সনাতন ধৰ্ম গ্ৰহণ কৰে তেজপুৰৰ বাৰিকা চুবুৰীৰ শ্বৱনম আৰা বেগম নামৰ যুৱতীগৰাকীয়ে৷ আজিৰে পৰা শ্বৱনম বেগমৰ নাম সলনি হৈ হ'লগৈ শ্বৱনম কাশ্যপ৷ মাজুলিৰ দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীৰ উপস্থিতিত হিন্দু ধৰ্ম গ্ৰহণ এইগৰাকী ইছলাম ধৰ্মাৱলম্বী যুৱতীয়ে৷

পূৰ্ৱৰ পৰাই সনাতন হিন্দু সংস্কৃতিৰ প্ৰতি আকৰ্ষিত হোৱা এইগৰাকী যুুৱতীয়ে হিন্দু সনাতনী ধৰ্ম গ্ৰহণৰ বাবে ইতিমধ্যেই বিশ্ব হিন্দু মহাসংঘৰ ওচৰত লিখিত আবেদন জনাইছিল৷ যাৰ বাবে ঐতিহাসিক এই শৈৱপিঠত সম্পূৰ্ণ হিন্দু সনাতনী ধৰ্মৰ পৰম্পৰাৰে বৈদিক মন্ত্ৰোচাৰণৰ মাজত হোমৰ অগ্নিক সাক্ষী কৰি হিন্দু ধৰ্মলৈ ধৰ্মান্তৰিত হয় এইগৰাকী যুৱতী৷ ইতিমধ্যে হিন্দু ধৰ্মলৈ ধৰ্মান্তৰিত হোৱাৰ পূৰ্ৱে নিজ পৰিয়ালৰ পৰা কোনো ধৰণৰ বাধা-বিঘিনিৰ সন্মুখীন হোৱা নাই বুলিও উল্লেখ কৰি ধৰ্মান্তৰিত হৈ বৰ্তমান যথেষ্ট সুখী অনুভৱ কৰা বুলি মন্তব্য কৰে শ্বৱনমে৷

আনহাতে মাজুলিৰ দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীয়ে স্ব-ইচ্ছাৰে ইছলাম ধৰ্ম ত্যাগ কৰি হিন্দু সনাতনী ধৰ্ম গ্ৰহণ কৰা যুৱতীগৰাকীক শৰণ দি হিন্দু ধৰ্মৰ ৰীতি-নীতি পালনৰ উপযোগী কৰি তোলাৰ বিষয়ে উল্লেখ কৰি হিন্দু সনাতনী ধৰ্মই কেতিয়াও কোনো লোকক জোৰ-জৱৰদস্তি ধৰ্মান্তকৰণ নকৰে বুলি ব্যক্ত কৰে৷ শ্বৱনমে হিন্দুধৰ্ম গ্ৰহনৰ সময়ত উপস্থিত থকা হিন্দু যুৱ ছাত্ৰ পৰিষদৰ সভাপতি বলেন বৈশ্যও এয়া বিশ্বৰ সবাতোকৈ প্ৰাচীন হিন্দু সনাতনী ধৰ্মৰ সৰ্ববৃহৎ আদৰ্শৰ প্ৰতি আকষ্ট হৈ যুৱতীগৰাকীয়ে হিন্দু ধৰ্ম গ্ৰহণ কৰা কাৰ্যক আদৰণি জনায়৷