Logo
image

কোৰাণ বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ধৰ্মপুথি : নাঞ্জু দত্ত

সকলোৱে কোৰাণ পঢ়িলে বিশ্বত এটাই জাতি হ'ল হয়-সেইটো হ'ল মুছলিম জাতি 

ডিজিটেল ডেস্ক : "কোৰাণ বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ধৰ্মপুথি৷ কোৰাণৰ নিচিনা ধৰ্মপুথি পৃথিৱীত নাই৷" - এই মন্তব্য কৰিছে বিশিষ্ট লেখিকা নাঞ্জু দত্তই৷

কলগছিয়াৰ গ্ৰন্থমেলাৰ সমাৰণি অনুষ্ঠানত ভাষণ দি লেখিকাগৰাকীয়ে কয় যে কোৰাণ পৃথিৱীৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ধৰ্মপুথি৷ কোৰাণৰ নিচিনা ধৰ্মপুথি পৃথিৱীত নাই৷ সকলোৱে যদি কোৰাণ পঢ়িলে হয়, হজৰত মহম্মদক সকলোৱে যদি অধ্যয়ন কৰিলে হয়, তেন্তে বিশ্বত এটাই জাতি হ'ল হয়৷ সেইটো হ'ল মুছলিম জাতি৷ 

লগতে লেখিকাগৰাকীয়ে লগতে কয় যে হজৰত মহম্মদে যি একতাৰ ডোলেৰে সমগ্ৰ মুছলিম সমাজক বান্ধিব খুজিছিল, সেয়া অনুসৰণৰ দৰকাৰ৷ মুছলমান বহুত আছে কিন্তু প্ৰকৃত মুছলমান কম আছে৷ কিয়নো হজৰত মহম্মদে যি নিয়ম-নীতি কৰি গৈছিল, সেয়া আজিকালি অনুসৰণ নকৰে৷ লগতে তেওঁ কয় যে প্ৰকৃত মুছলমান হ'লে নিয়ম-নীতি মানিব লাগে, কোৰাণ পঢ়িব লাগে৷