Logo
image

প্ৰচণ্ড শীতৰ সময়তো ৰাহুল গান্ধীৰ ঠাণ্ডা নলগাৰ কাৰণ ক'লে প্ৰিয়ংকাই...

ডিজিটেল ডেস্ক : কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা অব্যাহত আছে৷ দেশক একত্ৰিত কৰাৰ উদ্দেশ্যে ৰাহুল গান্ধীৰ নেতৃত্বত অব্যাহত আছে ভাৰত জোড়ো যাত্ৰা৷ আনহাতে ভাৰত জোড়ো যাত্ৰাত প্ৰচণ্ড শীতৰ সময়তো ৰাহুল গান্ধীয়ে কেৱল হাফ টি-চাৰ্ট পৰিধান কৰা দেখা গৈছে৷ যাৰ বাবে তেওঁৰ ঠাণ্ডা নালাগে নেকি এনেধৰণৰ প্ৰশ্নৰো সন্মুখীন হৈ আহিছে৷

মঙলবাৰে উত্তৰ প্ৰদেশত ভাৰত জোড়ো যাত্ৰাত ৰাহুল গান্ধীক সংগ দিলে ভগ্নী প্ৰিয়ংকা গান্ধীয়ে৷ ভাৰত জোড়ো যাত্ৰাত অংশ লৈ উত্তৰ প্ৰদেশত সকলো ঠাইতে প্ৰেমৰ দোকান খুলিবলৈ কংগ্ৰেছ নেতা-কৰ্মীক আহ্বান জনালে প্ৰিয়ংকা গান্ধীয়ে৷ লগতে ৰাহুল গান্ধীৰ ঠাণ্ডা নলগাৰ কাৰণো ক'লে প্ৰিয়ংকাই৷

প্ৰিয়ংকাই কয় যে ৰাহুল গান্ধীয়ে সত্যৰ কৱচ পিন্ধি আছে৷ যাৰ বাবে ৰাহুলক ঈশ্বৰে ঠাণ্ডাৰ লগতে তেওঁৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰৰ পৰা সুৰক্ষা দিছে৷ লগতে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে দুগৰাকী উদ্যোগপতিৰ কথা উল্লেখ কৰি কয় যে কোনেও তেওঁৰ ভাতৃক কিনিব নোৱাৰে আৰু ৰাহুল গান্ধী সত্যৰ পৰা আঁতৰি কেতিয়াও আঁতৰি নাযায়।

লগতে প্ৰিয়ংকাই তেওঁৰ ভাতৃৰ প্ৰশংসাত কয় যে মই আপোনাক লৈ গৌৰাম্বিত৷ চৰকাৰে ৰাহুল গান্ধীৰ ভাবমূৰ্তি কলুষিত কৰিবলৈ হাজাৰ হাজাৰ কোটি টকা খৰচ কৰিছে৷ কিন্তু তেওঁ সত্যৰ পৰা আঁতৰি যোৱা নাই৷ তেওঁ ভয় খোৱা নাই৷ তেওঁ এজন যোদ্ধা৷