Logo
image

ৰহাত বিধায়ক ৰূপক শৰ্মাৰ বাহন দুৰ্ঘটনাগ্ৰস্ত

ডিজিটেল সংবাদ, ৰহা : ৰহাত অনুষ্ঠিত হোৱা জোঙাল বলহু দিৱসৰ অনুষ্ঠানৰ পৰা গুৱাহাটীলৈ গৈ থকা সময়ত ৰহাৰ নাম গাঁওত দুৰ্ঘটনাত পতিত হয় নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ বাহন৷ দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ AS-02-W-6393।

AS-01-CC- 8713নম্বৰৰ এখন ট্ৰাকে পিছফালৰ পৰা খুন্দা মৰাৰ ফলত দুৰ্ঘটনাগ্ৰস্ত হয় বিধায়ক ৰূপক শৰ্মাৰ বাহন৷

বিধায়কগৰাকীৰ ইনভা বাহনখনৰ কিছু অংশ ক্ষতি হয় যদিও সৌভাগ্যক্ৰমে আঘাতপ্ৰাপ্ত নহ'ল বিধায়কগৰাকী। স্হানীয় লোকে ট্ৰাকখনৰ চালকজনক আটক কৰি গতাই দিয়ে ৰহা আৰক্ষীক৷