Logo
image

বুলড’জাৰ চলাইছিল কোনে

আমাৰ অসম, ৪ জানুৱাৰী:  নিজেই পতা জালত বন্দী হ’বলগীয়া হৈছে স্মাৰ্ট অসম আৰক্ষী৷ নিৰপৰাধী ব্যক্তিক ভুৱা এনকাউণ্টাৰ কৰি মুখ ঠেকেচা খোৱাৰ পাছত এইবাৰ উত্তৰ-প্ৰদেশ আৰক্ষীৰ আৰ্হিত বুলড’জাৰ অপ-সংস্কৃতিক আদৰণি জনাই যেন বিপদত অসম আৰক্ষী তথা অসম চৰকাৰ৷ অভিযুক্তৰ বাসগৃহত বুলড’জাৰ চলাই বীৰত্ব প্ৰদৰ্শন কৰা স্মাৰ্ট অসম আৰক্ষী তথা প্ৰশাসন এইবাৰ ৰোষত পৰিছে গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ৷ কোনো বাচ-বিচাৰ নকৰাকৈ আইন হাতত তুলি একেৰাতিৰ ভিতৰতে  অভিযুক্তৰ ঘৰত বুলড’জাৰ চলাই নিজৰ ভৰিত নিজেই যেন কুঠাৰ মাৰিলে অসম চৰকাৰে৷ অসম আৰক্ষীৰ বুলড’জাৰ অপ-সংস্কৃতিক লৈ গুৱাহাটী উচ্ছ ন্যায়ালয় ক্ষুণ্ণ হৈ পৰাত অৱশেষত অভিযুক্তৰ ঘৰত বুলড’জাৰ চলোৱাৰ নিৰ্দেশ দিয়া বিষয়াক শাস্তি দিবলৈ সাজু হৈছে অসম চৰকাৰ৷ আনকি প্ৰশাসনে বুলড’জাৰেৰে ঘৰ ভাঙি দিয়া ভুক্তভোগীক এতিয়া ক্ষতিপূৰণো দিব লাগিব ৰাজ্য চৰকাৰে৷ বহু বিতৰ্কিত বটদ্ৰৱা-কাণ্ডৰ সন্দৰ্ভত গুৱাহাটী উচ্ছ ন্যায়ালয়ে নিজাববীয়াকৈ ৰুজু কৰা এটা ৰাজহুৱা স্বাৰ্থজড়িত গোচৰৰ মঙলবাৰৰ শুনানিত অসম চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়াই দিছপুৰৰ এই সিদ্ধান্ত ন্যায়ালয়ক অৱগত কৰিছে৷ আনকি বটদ্ৰৱা কাণ্ডৰ অভিযুক্তৰ বাসগৃহ বুলড’জাৰেৰে ভাঙি পেলোৱাৰ বাবে নিৰ্দেশ দিয়া বিষয়াৰ বিৰুদ্ধে মুখ্য সচিবে গঠন কৰা কমিটীয়ে তদন্ত কৰি দোষী বিষয়াৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিব বুলিও জানিবলৈ দিয়ে৷ উল্লেখ্য, বিগত বৰ্ষৰ ২১ মে’ত বটদ্ৰৱা আৰক্ষীয়ে আটক কৰা চফিকুল আলী নামৰ এজন লোক থানাতে মৃত্যু হৈছিল৷ পেছাত মাছ বেপাৰী চফিকুল আলীৰ মৃত্যুক কেন্দ্ৰ কৰি পৰিয়াল তথা স্থানীয় একাংশ লোকে বটদ্ৰৱা থানা ঘেৰাও কৰাৰ লগতে উত্তেজিত লোকে থানাখনত অগ্নিসংযোগ কৰি জ্বলাই দিছিল৷ এই ঘটনাৰ পাছদিনাই অৰ্থাৎ ২২ মে’ৰ পুৱাই নগাঁও আৰক্ষী-প্ৰশাসনে থানা জ্বলোৱা কাৰ্যত অভিযুক্ত শালনাবাৰীৰ ইমান আলী আৰু মজিবুৰ ৰহমানৰ বাসগৃহত কোনো কাৰণ নোহোৱাকৈ বুলড’জাৰ লগাই উচ্ছেদ কৰে৷ আশ্ৰয়ৰ শেষ সম্বল ঘৰটোকো আৰক্ষী-প্ৰশাসনে বুলড’জাৰেৰে ভাঙি পেলোৱাত ইমান আৰু মজিবুৰৰ কণকণ সন্তানকেইটাৰ আলাই-আথানিয়ে নধৰা হৈ পৰে৷ কিয়নো অভিযুক্ত পিতৃক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাত আৰু মাতৃয়ে আৰক্ষীৰ ভয়ত পলাই ফুৰাত সন্তানদ্বয়ক সহায় কৰিবলৈও সেই সময়ত আগবাঢ়ি আহিবলৈ সাহস কৰা নাছিল স্থানীয় কোনো লোক৷ জানোচা অভিযুক্তৰ কণকণ সন্তানকেইটাক আশ্ৰয় দিলে আৰক্ষীৰ ৰোষত পৰে! অৱশ্যে সেই সময়ত অভিযুক্তদ্বয়ৰ ঘৰ বুলড’জাৰেৰে ভাঙি পেলোৱা সমগ্ৰ কাৰ্যটোক সন্মুখৰ পৰা নেতৃত্ব দিছিল অসম আৰক্ষীৰ আইন শৃংখলাৰ বিশেষ সঞ্চালকপ্ৰধান জি পি সিঙে৷ আনকি জি পি সিঙে সংবাদ মাধ্যমৰ আগত অভিযুক্তৰ বাসগৃহৰ ভূমিৰ নথি-পত্ৰ ভুৱা আৰু বাসগৃহত বেআইনী কাৰ্যকলাপ চলাৰ বাবেই জিলা প্ৰশাসনক অভিযোগ দি বুলড’জাৰে ঘৰ উচ্ছেদ কৰাৰ সিদ্ধান্ত লোৱা বুলিও দাবী কৰিছিল৷ কিন্তু অসম আৰক্ষীয়ে আইন বিৰুদ্ধভাৱে নিজ ইচ্ছাত অভিযুক্তৰ বাসগৃহত বুলড’জাৰ চলোৱাক লৈ গুৱাহাটী উচ্ছ ন্যায়ালয়ে নিজাবাবীয়াকৈ ৩/২০২২ নম্বৰত এটা ৰাজহুৱা স্বাৰ্থজড়িত গোচৰ ৰুজু কৰে৷ ইতিপূৰ্বে বটদ্ৰৱা-কাণ্ডৰ উক্ত গোচৰটোৰ শুনানি লৈ গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে বুলড’জাৰেৰে ঘৰ ভঙা কাৰ্য আৰক্ষীৰ অভিযান নে গেং ৱাৰ বুলিও প্ৰশ্ন কৰি ককৰ্থনা কৰিছিল৷ মুখ্য ন্যায়াধীশ আৰ এম ছায়াই আৰক্ষীৰ কাৰ্যক ধিক্কাৰ দি বলিউডৰ পৰিচালক ৰোহিত শেট্টীৰ হিন্দী চিনেমাতহে বুলড’জাৰেৰে আৰক্ষীয়ে ঘৰ ভাঙি দিয়া দৃশ্য সম্ভৱ বুলিও অসম আৰক্ষী তথা গৃহ বিভাগক কটাক্ষ কৰিছিল৷ আৰক্ষীৰ তদন্তৰ নামত নীতি-বহিৰ্ভূতভাৱে অভিযুক্ত তথা নাগৰিকৰ ঘৰত বুলড’জাৰ চলোৱা কোনো নিয়ম ফৌজদাৰী আইনত নাই বুলি স্পষ্ট কৰি দি ন্যায়ালয়ে কি আইনৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্তৰ ঘৰ বুলড’জাৰেৰে ভাঙি পেলোৱাৰ অধিকাৰ পালে বুলিও প্ৰশ্ন কৰিছিল৷ আনকি অভিযুক্তৰ ঘৰ বুলড’জাৰেৰে ভাঙি পেলোৱা কাৰ্য সন্দৰ্ভত গৃহ বিভাগক স্থিতি স্পষ্ট কৰাৰ বাবে পূৰ্বৰ শুনানিত নিৰ্দেশ দিছিল উচ্ছ ন্যায়ালয়ে৷ ন্যায়ালয়ৰ এই কঠোৰ স্থিতিৰ পাছতেই মঙলবাৰে বটদ্ৰৱা-কাণ্ডৰ গোচৰটোৰ শুনানিত ৰাজ্য চৰকাৰৰ হৈ মহাধিবক্তাই ১৫ দিনৰ ভিতৰত মুখ্য সচিবে গঠন কৰা কমিটীয়ে বিষয়টোৰ তদন্ত কৰি যদিহে কোনো বিষয়াক দোষী পায়, তেনে বিষয়াৰ বিৰুদ্ধে প্ৰয়োজনীয় শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব বুলিও জানিবলৈ দিয়ে৷ ন্যায়ালয়ে চৰকাৰৰ এই স্থিতিত আশ্বস্ত হোৱাৰ লগতে চৰকাৰী বিষয়াৰ ভুল  নিৰ্দেশৰ বাবে ভুক্তভোগী হোৱাসকলক ক্ষতিপূৰণ দিয়াৰো আশা ব্যক্ত কৰে৷ আনকি ন্যায়ালয়ে এই সন্দৰ্ভত চৰকাৰে গ্ৰহণ কৰা প্ৰয়োজনীয় কাৰ্য ব্যৱস্থাৰ সন্দৰ্ভত আদালতক অৱগত কৰিবলৈও চৰকাৰী পক্ষক নিৰ্দেশ দিয়ে৷ উল্লেখ্য, বটদ্ৰৱা-কাণ্ডৰ পাছতেই জেহাদীৰে সম্পৰ্ক থকাৰ অভিযোগত আৰক্ষী-প্ৰশাসনে বঙাইগাঁৱৰ কাবাইটাৰীৰ মাৰ্কাজুল মা আৰিফ ক্কাৰীয়ান নামৰ মাদ্ৰাছাখনো বুলড’জাৰ চলাই বিগত ৩১ আগষ্টত উচ্ছেদ কৰিছিল৷ কিন্তু অসম আৰক্ষীৰ বুলড’জাৰ অপ-সংস্কৃতিৰ বিৰুদ্ধে গুৱাহাটী উচ্ছ ন্যায়ালয় ক্ষুণ্ণ হৈ পৰাৰ উমান পাই শেহতীয়াকৈ আৰক্ষীয়ে উচ্ছেদ কৰা স্থানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী পুঁজিৰে নতুনকৈ এখন মাদ্ৰাছা নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিবলৈ বাধ্য হৈছিল৷