Logo
image

গঁড় নিধন শূন্য মোদীৰ অভিনন্দন

আমাৰ অসম, ৪ জানুৱাৰী:  বিগত ২০২২ বৰ্ষত অসমত চোৰাং চিকাৰীৰ হাতত এটাও গঁড় নিধন নোহাৱাত সন্তোষ প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ গঁড় হত্যা প্ৰতিৰোধৰ ক্ষেত্ৰত দেখুওৱা এনে  ঈৰ্ষণীয় সাফল্যৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে অসমবাসীক আন্তৰিক অভিনন্দন জনাইছে৷ উল্লেখ্য যে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কৰা ‘অসম এতিয়া গঁড়ৰ এক সুৰক্ষিত বাসস্থলী’ শীৰ্ষক টুইটৰ প্ৰতিক্ৰিয়াৰূপে প্ৰধানমন্ত্ৰী মোদীয়ে অসমত গঁড় হত্যা বন্ধ হোৱাত সন্তোষ প্ৰকাশ কৰে৷ প্ৰধানমন্ত্ৰী মোদীয়ে টুইটত কয়– ‘এয়া শ্ৰেষ্ঠ সংবাদ৷ সদ্যসমাপ্ত ২০২২ বৰ্ষত চোৰাং চিকাৰীয়ে এটাও গঁড় নিধন কৰিবলৈ সক্ষম নহ’ল, ২০২১ বৰ্ষত মাত্ৰ দুটা গঁড়হে নিধন হৈছিল৷ অসমভূমিত এতিয়া এইবিধ নিৰীহ প্ৰাণী যথেষ্ট নিৰাপদ৷’ নিজৰ টুইটত প্ৰধানমন্ত্ৰীয়ে অসমৰ স্বাভিমানৰ প্ৰতীক এশিঙীয়া গঁড়ৰ সুৰক্ষাৰ ক্ষেত্ৰত পালন কৰা দায়িত্বশীল ভূমিকাৰ বাবে মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ লগতে ৰাজ্য চৰকাৰৰ বন বিভাগ আৰু অসম আৰক্ষীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে৷ লক্ষণীয় দিশ এয়ে যে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ ১৫ বছৰীয়া কাৰ্যকালত প্ৰতিবছৰে চোৰাং চিকাৰীৰ হাতত অবাধ হাৰত সংঘটিত গঁড়ৰ নিধনযজ্ঞই বিশ্বজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল৷ বিশেষকৈ ২০১৩ আৰু ২০১৪ বৰ্ষত ৰাজ্যখনত ২৭ টাকৈ মুঠ ৫৪টা গঁড় হত্যাৰ ঘটনাই বিশ্ববাসীৰ সন্মুখত অসমক লজ্জানত কৰিছিল৷